ETV Bharat / health

গৰমৰ দিনত তিয়ঁহ খাই দূৰ কৰক এইসমূহ সমস্যা - Cucumber Benefits

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 6:58 PM IST

Cucumber Benefits: উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যক ৷ এনে পৰিস্থিতিত আমাৰ শৰীৰক শীতল কৰি ৰখাটো আমাৰ বাবে খুবেই জৰুৰী ৷ সেয়ে এই উৎকট গৰমৰ পৰা হাত সাৰিবলৈ নিতৌ তিয়ঁহ খাবলৈ আৰম্ভ কৰক আৰু গৰমৰ দিনত হোৱা স্বাস্থ্যৰ সৈতে জড়িত এই সমস্যাসমূহ দূৰ কৰক ৷

4 cucumber benefits that will make you eat them every day
গৰমৰ দিনত তিয়ঁহ খাই দূৰ কৰক এইসমূহ সমস্যা (freepik)

ৰাজ্যত আৰম্ভ হৈছে গ্ৰীষ্মৰ সময় ৷ এই ঋতুত আমি নিজৰ দেহৰ যতন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ বিশেষকৈ গ্ৰীষ্মৰ সময়ত খাদ্যৰ ওপৰত যতন লোৱাটো অতি আৱশ্যকীয় ৷ গ্ৰীষ্মৰ সময়ত বহুতো ঋতুভিত্তিক ৰোগৰ আশংকাও বৃদ্ধি পায় ৷ এই সময়ত তিয়ঁহ আমাৰ প্ৰায়ভাগৰে পছন্দৰ খাদ্য ৷ পিছে আপুনি জানেনে এই তিয়ঁহৰ কিমান উপকাৰী গুণ আছে ? ই দেহ সতেজ কৰি ৰখাই নহয়, বহুতো পুষ্টিকৰ গুণ উপলব্ধ হোৱা হেতুকে তিয়ঁহ শৰীৰৰ বাবে অতি উপকাৰী ৷ এই সন্দৰ্ভত চিকিৎসক প্ৰাণকান্ত ভট্টাচাৰ্যই কয়, যে তিয়ঁহ খালে দেহত পানীৰ পৰিমাণ বাঢ়ে, যাৰ ফলত হজম শক্তি বৃদ্ধি পায় আৰু ছাল উজ্জ্বল হৈ থকাত সহায়ক হয় ৷ গ্ৰীষ্মকালত তিয়ঁহ খোৱা লোকসকলৰ নহয় এনেসমূহ সমস্যা ৷

  • গ্ৰীষ্মকালত উৎকট গৰমৰ বাবে পাচনতন্ত্ৰৰ সমস্যা প্ৰায়ে বাঢ়ি যায় ৷ এইবাৰ যিহেতু গৰমৰ মাত্ৰা যথেষ্ট বেছি আৰু উৎকট গৰমৰ দিনত তিয়ঁহ এবিধ উত্তম খাদ্য ৷ তিয়ঁহ আঁহৰ উত্তম উৎস আৰু আঁহযুক্ত খাদ্যৰ ভিতৰত অন্যতম ৷ এনে পৰিস্থিতিত প্ৰতিদিনে তিয়ঁহ খালে পাচন শক্তি বৃদ্ধি পায় আৰু পাচন শক্তি সুস্থ কৰি ৰাখে ৷ গ্ৰীষ্মকালত বিভিন্ন প্ৰকাৰে তিয়ঁহ খাব পাৰে ৷
  • ছালৰ বাবেও তিয়ঁহ অতি ভাল খাদ্য ৷ তিয়ঁহত বহুতো উৎকৃষ্ট পুষ্টিকৰ উপাদান পোৱা যায়, যিয়েই আপোনাৰ মুখ বা ছালখন জিলিকি থকা আৰু চিকচিকিয়া কৰি তোলাৰ বাবে উপকাৰী ৷ যদি আপুনি উৎকট গৰমতো উজ্বল মুখমণ্ডল আৰু ছাল পাব বিচাৰে, তেন্তে খাদ্য তালিকাত তিয়ঁহ ৰাখিব পাৰে ৷
  • গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে ৷ এনে পৰিস্থিতিত প্ৰতিদিনে তিয়ঁহ খালে শৰীৰৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰিত হয় ৷ তিয়ঁহত আঁহৰ লগতে এন্টিঅক্সিডেণ্ট আৰু পানী থাকে ৷
  • যদি আপুনি গ্ৰীষ্মকালত ওজন হ্ৰাস কৰাত সহায়ক হোৱাকৈ স্বাস্থ্যকৰ, সতেজ আৰু লঘু খাদ্যৰ বিকল্প বিচাৰিছে, তেন্তে আপোনাৰ বাবে তিয়ঁহ খুৱেই দৰকাৰী ৷ ই দেহৰ ওজন কমোৱাৰ বাবে অতি উত্তম ৷

ইয়াৰ উপৰিও তিয়ঁহৰ আছে যথেষ্ট লাভদায়ক গুণাগুণ ৷ যাৰ বাবে আমি গ্ৰীষ্মকালত প্ৰতিদিনেই খাব লাগে তিয়ঁহ ৷

লগতে পঢ়ক: Kidney Stones: কিডনীত পাথৰৰ সমস্যা থকা লোকে ভুলতো নাখাব এইকেইবিধ পাচলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.