ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Oct 26, 2021, 7:06 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 বাতৰি

7 বজাৰ শীৰ্ষ 10 বাতৰি...

বিজেপিক খীৰালে ওলাব 26 লিটাৰ গাখীৰ; মুখ্যমন্ত্ৰীৰ বাণী

উপ নিৰ্বাচনৰ প্ৰচাৰ সভাত এইবাৰ প্ৰায় কেইজন ৰাজনৈতিক নেতাৰ কথা-কাণ্ড লক্ষ্যণীয় হৈ পৰিছে ৷ কি হিমন্ত বিশ্ব শৰ্মা, কি ভূপেন বৰা অথবা ৰূপজ্যোতি কুৰ্মীৰ অদ্ভুত হাঁহি ৷ কোনোটোৱেই কম নহয় ৷ কিন্তু প্ৰকৃততে ৰাইজে আশা কৰে নে নেতাৰ এনে কথা-কাণ্ড ?

মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে ৷ মঙলবাৰে বিয়লি ৫ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগক উত্তৰ দিব লাগিব ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ উত্থাপন ৷

কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?

মঙলবাৰে পুনৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অৰ্থাৎ এচ অ' পি । জানো আহক কি কি বিষয় সন্নিবিষ্ট হৈ আছে এই নতুন এচ অ' পিত ?

উপ-নিৰ্বাচন : থাওৰাৰ অলিয়ে-গলিয়ে শিল্পী মহেন্দ্ৰ হাজৰিকা

থাওৰাৰ অলিয়ে-গলিয়ে ৰাইজৰ দলৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা দেখা গৈছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাক । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত শিল্পী গৰাকীয়ে কয়, 'মানুহ ভালপাওঁ‌ বাবেই মানুহৰ মাজলৈ আহিছোঁ । কোনো ৰাজনীতিৰ মানুহ নহয় মই ।

মই সদায় এক নম্বৰতে আছো আৰু থাকিম : ৰূপজ্যোতি কুৰ্মী

মিনি দিছপুৰলৈ পৰিণত হৈছে মৰিয়নী । মৰিয়নী বৰ্তমান ভৰি পৰিছে শাসকীয় দলৰ নেতা পালি নেতাৰে । সমষ্টিবাসীৰ বাবে ঘোষণা কৰিছে ন ন আঁচনি । সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ বজালে ৰণ-ডংকা ৷

বৰফ পৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ চেলা পাছত

অক্টোবৰ মাহৰ শেষৰ পৰা বৰফ পৰা আৰম্ভ হৈছে চেলা পাছত । ভিৰ কৰিছে বহিঃৰাজ্যৰ পৰ্যটক সকলেও ৷ ইফালে, উত্তজনা অব্যাহত আছে ভাৰত-চীন সীমান্তত ৷ চেলা পাছৰ সামগ্ৰীক পৰিস্থিতিক লৈ ইটিভি ভাৰত অসমৰ বিশেষ প্ৰতিবেদন ।

সুস্মিতা দেৱক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ত্ৰিপুৰা আৰক্ষীয়ে

ত্ৰিপুৰা(Tripura)ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ(Sushmita Dev)ক আক্ৰমণ কৰা ঘটনাৰে জড়িত কোনো লোককে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ।

শিশুক বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিব এপল’ হাস্পতালে

জাইডাছ কেডিলাই প্ৰস্তুত কৰা ক'ভিড-১৯ প্ৰতিষেধকে ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰাৰ পাচতে শিশুৰ টীকাকৰণৰ বিষয়টো অধিক চৰ্চিত হৈ পৰিছে ।

আজি আৰিয়ান খানৰ জামিনৰ শুনানি গ্ৰহণ কৰিব আদালতে

ড্ৰাগছৰ গোচৰত অভিযুক্ত শ্বাহৰুখ তনয় আৰিয়ানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে(Bombay High Court) । যোৱা ২০ অক্টোবৰত মুম্বাইৰ এনডিপিএছ আদালতে এই গোচৰ সন্দৰ্ভতে আৰিয়ান খান(Aryan Khan) আৰু আন দুজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছিল ।

বৰ্ণবাদৰ সন্মুখীন মহম্মদ ছামী : খেলুৱৈগৰাকীৰ সমৰ্থনত নামিল ভাৰতীয় ক্ৰিকেটাৰ

টী20 বিশ্বকাপৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে অনলাইন বৰ্ণবাদৰ সন্মুখীন হৈছে ভাৰতীয় বলাৰ মহম্মদ ছামী ৷ এই ঘটনাৰ পিছতে খেলুৱৈগৰাকীৰ সমৰ্থনত নামি পৰিছে ভাৰতীয় ক্ৰিকেটাৰসকল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.