ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

author img

By

Published : Oct 26, 2021, 11:31 AM IST

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে ৷ মঙলবাৰে বিয়লি ৫ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগক উত্তৰ দিব লাগিব ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ উত্থাপন ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 26 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীগৰাকীলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে ৷ মঙলবাৰে বিয়লি ৫ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগক উত্তৰ দিব লাগিব ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত কংগ্ৰেছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷

Election Commission has issued a show Cause Notice to the Chief Minister of assam etv bharat news
ফাইল ফটো

উল্লেখ্য যে, ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ৷ যাৰ বাবে ৰাজ্যৰ সকলো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত নামি পৰিছে। এইক্ষেত্ৰত পিছ পৰি থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ঘোষণা কৰিছে বহু আঁচনি ৷ যাক লৈ বিৰোধী দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে আয়োগত অভিযোগ দাখিল কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ পৰা লাভ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷

Election Commission has issued a show Cause Notice to the Chief Minister of assam etv bharat news
ফাইল ফটো

বিজেপি তথা মিত্ৰজোঁট ইউপিপিএল দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত মুখ্যমন্ত্ৰীয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে বাট-পথ, দলং আদি নিৰ্মাণৰ লগতে বিভিন্ন আঁচনিৰ ঘোষণা কৰে ৷ যাৰ ভিডিঅ' আৰু বাতৰি তথ্য প্ৰমাণ হিচাপে নিৰ্বাচনী আয়োগক প্ৰদান কৰি নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলিছিল কংগ্ৰেছে ৷ যাৰ পিছতে সকলো ভিডিঅ' আৰু তথ্য প্ৰমাণ আদি চাই নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ৷

Election Commission has issued a show Cause Notice to the Chief Minister of assam etv bharat news
ফাইল ফটো

মঙলবাৰে সন্ধিয়া ৫ বজালৈ ইয়াৰ উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়া হৈছে ৷ জাননীত উল্লেখ কৰা অনুসৰি, যদি মুখ্যমন্ত্ৰীয়ে সন্ধিয়া ৫ বজাৰ ভিতৰত কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়ে, তেন্তে আয়োগৰ ফালৰ পৰা তদন্ত কৰা হ'ব ৷ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে দলৰ প্ৰাৰ্থীৰ হৈ ভৱানীপুৰ, থাওৰা আৰু মৰিয়নী সমষ্টিত বিজেপিৰ ষ্টাৰ প্ৰচাৰক হিচাপে প্ৰচাৰৰ সময়ত ভোটদাতাসকলৰ আগত চিকিৎসা মহাবিদ্যালয়, দলং, বাট-পথ, শিক্ষানুষ্ঠান, ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লগতে খেলৰ পৰিসৰ বৃদ্ধি কৰাৰ ঘোষণা কৰে ৷

লগতে চাওক: মহানগৰীত শোৱাপাটীতে দম্পতীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.