ETV Bharat / state

কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?

author img

By

Published : Oct 26, 2021, 3:20 PM IST

মঙলবাৰে পুনৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অৰ্থাৎ এচ অ' পি । জানো আহক কি কি বিষয় সন্নিবিষ্ট হৈ আছে এই নতুন এচ অ' পিত ?

new-covid-sop-in-state
কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড নতুন SOP ত ?

গুৱাহাটী, ২৬ অক্টোবৰ : ৰাজ্য চৰকাৰে মঙলবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অৰ্থাৎ এচ অ' পি ।
কি কি আছে এই নতুন এচ অ' পিত :

১ । কৰ্ফিউৰ সময়সীমা নিশা ১১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ বলবৎ থাকিব । পূৰ্বতে এই সীমা নিশা ১০ বজালৈ আছিল । এঘণ্টাৰ বাবে কাৰ্ফিউ শিথিল কৰা হৈছে ।
২ । নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান । পূৰ্বতে নিশা ৯ বজালৈ খোলা আছিল ।
৩ । ৰেষ্টুৰেণ্ট-ধাবা আদি ৫০ শতাংশ আসনেৰে নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব ।
৪ । এপালি ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰী সকলে যাব লাগিব কাৰ্যালয়লৈ ।
৫ । জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলৰ বাবে যাতায়াতত কোনো প্ৰতিবন্ধকতা নাই ।
৬ । গৰ্ভৱতী নাইবা তিনি বছৰৰ তলৰ শিশু থকা মহিলা কৰ্মচাৰীসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব । বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে কাৰ্যালয়লৈ যাব পাৰিব ।
৭ । ক'ভিড প্ৰটক'ল মানি চলি এশ শতাংশ যাত্রীৰে অট'ৰিক্সা আদি চলাচল কৰিব পাৰিব ।
৮ । দুচকীয়া বাহনত দুজন উঠিব পাৰিব যদিও এপালি ভেকচিন লোৱা হ'ব লাগিব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
৯ । আন্তঃৰাজ্যিক যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত এশ শতাংশ যাত্রী কঢ়িযাব পাৰিব যদিও যাত্রীসকল এপালি ভেকচিন লোৱা হ'ব লাগিব। আনহাতে থিয় হৈ কোনো যাত্রী যাব নোৱাৰিব ।
১০ । সভা-সমাৱেশৰ ক্ষেত্রত আসনৰ বিপৰীতে ৫০ শতাংশ বহিব পাৰিব ।
১১ । বিবাহ তথা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্রত ৫০ জন লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছে আৰু এপালি ভেকচিন লোৱা হ'ব লাগিব ।
১২ । অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ জন লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে ।
১৩ । ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৬০ গৰাকী লোকক উপস্থিত থকাৰ অনুমতি প্ৰদান । লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৪০ গৰাকী লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছে ।
১৪ । সাপ্তাহিক বজাৰ ৬ ঘণ্টাৰ বেছি সময় বহিব নোৱাৰিব ।
১৫ । চিনেমা হলত ৫০ শতাংশ দৰ্শকৰ উপস্থিতিত অনুমতি দিয়া হৈছে আৰু দুয়োপালি ভেকচিন গ্ৰহণ কৰা সকলেহে ছবিগৃহত প্ৰৱেশ কৰিব পাৰিব । লগতে মানি চলিব লাগিব ক'ভিড প্ৰটক'ল ।
১৬ । ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । ব্যৱসায়িক প্ৰতিষ্ঠানত মানি চলিব লাগিব শাৰীৰিক ব্যৱধান ।
১৭ । কোনোবা এলেকাত সাত দিনত ১০ৰো বেছি ক'ভিড পজিটিভ হ'লে সেই এলেকাক সংশ্লিষ্ট প্ৰশাসনে কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব পাৰিব ।

লগতে পঢ়ক : থাওৰাত সুশান্ত বৰগোঁহাইৰ জয় নিশ্চিত : ভূৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.