ETV Bharat / bharat

শিশুক বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিব এপল’ হাস্পতালে

author img

By

Published : Oct 26, 2021, 2:04 PM IST

জাইডাছ কেডিলাই প্ৰস্তুত কৰা ক'ভিড-১৯ প্ৰতিষেধকে ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰাৰ পাচতে শিশুৰ টীকাকৰণৰ বিষয়টো অধিক চৰ্চিত হৈ পৰিছে । এপল' হাস্পতাল কৰ্তৃপক্ষই সোমবাৰে জনাইছে যে, তেওঁলোকে কেইটামান বিশেষ ৰোগত আক্ৰান্ত শিশুক বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিব ।

Vaccination for children
শিশুৰ ক'ভিড ১৯ টীকাকৰণ

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : আগশাৰীৰ ব্যক্তিগত স্বাস্থ্য সেৱা প্ৰতিষ্ঠান এপল' হাস্পতালে এক বিবৃতিযোগে জানিবলৈ দিছে যে, কেইটামান বিশেষ ৰোগত আক্ৰান্ত শিশুক তেওঁলোকে বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিব । অৱশ্যে কেন্দ্ৰই এতিয়াও প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অনুমোদন জনোৱা নাই । এপল' হাস্পতাল কৰ্তৃপক্ষই সোমবাৰে জাৰি কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, তেওঁলোকে বৰ্তমান নিৰ্দিষ্ট কৰি দিয়া ৰোগৰ তালিকা চূড়ান্ত নহয় ।

বিনামূলীয়া টীকাকৰণৰ বাবে যোগ্য দুৰাৰোগ্য ৰোগৰ চূড়ান্ত তালিকা চৰকাৰৰ নিৰ্দেশমৰ্মে প্ৰকাশ কৰা হ'ব । উল্লেখ্য যে, জাইডাছ কেডিলা(Zydus Cadila)ই প্ৰস্তুত কৰা জাইকভ-ডি(ZyCoV-D) ক'ভিড-১৯ৰ প্ৰতিষেধকক ইতিমধ্যে ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াই জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিছে । ১২ বছৰৰ অনুৰ্ধ্বৰ শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

অৱশ্যে, এতিয়াও দেশজুৰি এই প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই । আনহাতে, ২-১৮ বছৰৰ শিশু-কিশোৰৰ বাবে ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ ক্ষেত্ৰত এতিয়াও বিশেষজ্ঞৰ মূল্যাংকন চলি আছে ।

যোৱা ১২ অক্টোবৰত কেন্দ্ৰীয় ঔষধ কৰ্তৃপক্ষৰ ক'ভিড-১৯ বিশেষজ্ঞ সমিতিয়ে কেতবোৰ চৰ্ত সাপেক্ষে ২-১৮ বছৰৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে কোভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন প্ৰদান কৰাৰ পৰামৰ্শ দিছিল । ইয়াৰ পাচত সোমবাৰে এপল' হাস্পতালৰ সূত্ৰই জনায় যে, সোমবাৰে হাস্পতাল কৰ্তৃপক্ষই ঘোষণা কৰা ৰোগৰ তালিকা চৰকাৰৰ সৈতে আলোচনা কৰাৰ পিছতহে প্ৰস্তুত কৰা হৈছিল ।

বিবৃতিটোত কোৱা হৈছে, দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুসকলক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব । অনুমোদন লাভ কৰাৰ পিছত তাৎক্ষণিকভাৱে টীকাকৰণৰ বাবে নিৰ্ধাৰিত বয়সৰ শিশু, কিশোৰক বিনামূলীয়া টীকাকৰণ কৰা হ'ব । ৰোগৰ তালিকাখনত হেমাটোল'জিকেল, স্নায়ৱিক, হৃদযন্ত্ৰ, যকৃত, গেষ্ট্ৰোইনটেষ্টিনেল, ৰিউমেটিক, কৰ্কট ৰোগ, শ্বাসতন্ত্ৰ, জেনিট'ৰিনেৰী আৰু বিকাশৰ ক্ষেতৰ বাধাগ্ৰস্ত শিশুক অন্তৰ্ভুক্ত কৰা হ'ব বুলি আশা কৰা হৈছে ।

এপল' হাস্পতাল গ্ৰুপৰ অধ্যক্ষ ডাঃ প্ৰতাপ চি ৰেড্ডীয়ে কয় যে, বৰ্তমান প্ৰাপ্তবয়স্কসকলেহে প্ৰতিষেধক লাভ কৰাৰ সুযোগ লাভ কৰিছে আৰু লগতে আক্ৰান্তও হৈছে । ইয়াৰ তুলনাত শিশুসকল কমকৈ আক্ৰান্ত হৈছে । ৰেড্ডীয়ে কয় যে, শিশুসকলৰ বাবে এয়া প্ৰতিষেধক গ্ৰহণৰ সঠিক সময় । সেয়ে, তেওঁলোকে বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে বুলি ৰেড্ডীয়ে জানিবলৈ নিয়ে ।


লগতে পঢ়ক:দেশজুৰি সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.