ETV Bharat / sitara

আজি আৰিয়ান খানৰ জামিনৰ শুনানি গ্ৰহণ কৰিব আদালতে

author img

By

Published : Oct 26, 2021, 10:07 AM IST

ড্ৰাগছৰ গোচৰত অভিযুক্ত শ্বাহৰুখ তনয় আৰিয়ানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে(Bombay High Court) । যোৱা ২০ অক্টোবৰত মুম্বাইৰ এনডিপিএছ আদালতে এই গোচৰ সন্দৰ্ভতে আৰিয়ান খান(Aryan Khan) আৰু আন দুজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছিল । ইয়াৰ পাচতে আৰিয়ান খানে এনডিপিএছ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

Bombay High Court to hear Aryan Khan's bail plea today
আৰিয়ান খানৰ জাামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে

চিটাৰা ডেস্ক, ২৬ অক্টোবৰ : বোম্বে উচ্চ ন্যায়ালয়ে মঙলবাৰে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জাামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব । বোম্বে উচ্চ ন্যায়ালয়ে যোৱা ২১ অক্টোবৰত জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল । অধিবক্তা সতীশ মানেশিন্দেই জনোৱা মতে, তেওঁলোকে এই গোচৰৰ শুনানি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । কিন্তু ন্যায়াধীশ এইক্ষেত্ৰত অসন্মত হয় ।

উল্লেখ্য যে, বলীউডৰ অভিনেতা শ্বাহৰুখ খানে যোৱা ২১ অক্টোবৰত মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা পুত্ৰ আৰিয়ানক সাক্ষাৎ কৰে । কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে অভিযুক্তক আন লোকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হোৱা নাছিল । কিন্তু মঙলবাৰৰ পৰা এই নিয়ম কিছু শিথিল কৰা হয় । অৱশ্যে পৰিয়ালৰ দুজন সদস্যক সাক্ষাৎ কৰিবলৈহে অনুমতি দিয়া হৈছে প্ৰতিজন কয়দীক ।

আনহাতে, যোৱা ২০ অক্টোবৰত মুম্বাইৰ এনডিপিএছ আদালতে এই গোচৰ সন্দৰ্ভতে আৰিয়ান খান(Aryan Khan)) আৰু আন দুজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছিল । আৰিয়ান খানে এনডিপিএছ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

ইফালে, এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰ'ৰ জেৰাৰ সন্মুখীন হৈছে অভিনেত্ৰী অনন্যা পাণ্ডে । নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰ'ৰ তদন্তকাৰী বিষয়াৰ এটা দলে যোৱা ২ অক্টোবৰত মুম্বাইৰ পৰা গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল ।

এই পাৰ্টীত ড্ৰাগছ ব্যৱহাৰ, বিক্ৰীৰ তথ্যও লাভ কৰিছিল বিষয়াসকলে । ইয়াৰ পাচতে এনচিবিয়ে আৰিয়ান খানৰ লগতে আন কেইবাজনকো গ্ৰেপ্তাৰ কৰে । এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে দুজন নাইজেৰিয়ান নাগৰিকসহ মুঠ ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.