ETV Bharat / city

বিজেপিক খীৰালে ওলাব 26 লিটাৰ গাখীৰ; মুখ্যমন্ত্ৰীৰ বাণী

author img

By

Published : Oct 26, 2021, 5:21 PM IST

উপ নিৰ্বাচনৰ প্ৰচাৰ সভাত এইবাৰ প্ৰায় কেইজন ৰাজনৈতিক নেতাৰ কথা-কাণ্ড লক্ষ্যণীয় হৈ পৰিছে ৷ কি হিমন্ত বিশ্ব শৰ্মা, কি ভূপেন বৰা অথবা ৰূপজ্যোতি কুৰ্মীৰ অদ্ভুত হাঁহি ৷ কোনোটোৱেই কম নহয় ৷ কিন্তু প্ৰকৃততে ৰাইজে আশা কৰে নে নেতাৰ এনে কথা-কাণ্ড ?

CM Himanta Biswa Sharma
থাওৰাত মুখ্যমন্ত্ৰীৰ সভা

মৰাণ, 26 অক্টোবৰ : উপ-নিৰ্বাচন বতাহে বাৰুকৈয়ে কোবাইছে ৰাজ্যৰ পাঁচ সমষ্টিক ৷ উপ-নিৰ্বাচন হ’ব লগীয়া পাঁচোটা সমষ্টিতে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ শাসক-বিৰোধী উভয় পক্ষই নিৰ্বাচনী যুঁজত প্ৰয়োগ কৰা দেখা গৈছে কঠোৰ বাক্যবাণ ৷ কিন্তু তাৰ মাজতে মন কৰিব লগীয়া কথাটো হ’ল যে অৱক্ষয় ঘটিছে নেতাৰ কথাৰ মূল্যবোধৰ ৷

পূৰ্বৰ দৰে ৰাইজক গাম্ভীৰ্যতাৰ পৰিৱৰ্তে নানা ধৰণৰ লঘু, গুৰুত্বহীন, আভুৱা ভৰা কথাহে ক’বলৈ লৈছে নেতাসকলে ৷ খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাষণতো পৰিলক্ষিত হোৱা নাই গাম্ভীৰ্যতা ৷ তাৰ প্ৰমাণ পোৱা গ’ল মঙলবাৰৰ থাওৰাৰ বিজেপি প্ৰচাৰ সভাত ৷

থাওৰাত মুখ্যমন্ত্ৰীৰ সভা

থাওৰাত দ্বিতীয়বাৰৰ বাবে সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ সভাত অংশ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উপ-নিবাৰ্চন হ'ব লগা পাঁচটা সমষ্টিৰ ভিতৰত থাওৰা সমষ্টি এতিয়া সকলো ৰাজনৈতিক দলৰে লক্ষ্য হৈ পৰিছে । সুশান্ত বৰগোহাঁইৰ হৈ শাসক দলৰ প্ৰায় সকল মন্ত্ৰী বিধায়কেই থাওৰাত ব্যস্ত হৈ থকাৰ সমান্তৰালভাৱে অখিল গগৈয়েও তীব্ৰ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

কেইটামান দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিখন প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিছিল ৷ পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মঙলবাৰে সুশান্ত বৰগোহাঁইৰ হৈ থাওৰাত প্ৰচাৰ চলাই কংগ্ৰেছ আৰু ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰি বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক ভোট দিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, কংগ্ৰেছ আৰু ৰাইজৰ দলক এতিয়া খীৰাই থাকিলেও গাখীৰ নোলায় । বিজেপি আৰু গণশক্তিক খীৰাই থাকিলে প্ৰতিদিনে ২৬ লিটাৰ গাখীৰ ওলাব ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গো-আইনক লৈ অপপ্ৰচাৰ কৰা হৈছে । গো-আইন খনৰ জৰিয়তে বিহাৰ বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় যাতে নহয় তাৰ চেষ্টা কৰা হৈছে । লগতে থাওৰাৰ ৰাইজক গো-পাম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।

চৰকাৰে গাখীৰৰ নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীজনে । থাওৰাৰ যিহেতু বহু লোকে গো-পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে, সেয়ে ভাষণত গো-পালক সকলক লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীজনে । মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, প্ৰদান বৰুৱাকে ধৰি বহু কেইজন সাংসদ-বিধায়ক ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.