ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Nov 26, 2021, 7:02 PM IST

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 7 pm
7 বজাৰ শীৰ্ষ দহটা বাতৰি

Government Doctors quit Jobs : হঠাতে কিয় 33 গৰাকী চিকিৎসকে এৰিলে চাকৰি !

অসমৰ ছখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত (Medical College of Assam) কৰ্মৰত ৩৩ গৰাকীকৈ ৰাজ্যৰ বিশেষজ্ঞ চিকিৎসকে হঠাতে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ(Government Doctors quit Jobs) গ্ৰহণ কৰিছে । কিয় চৰকাৰী চাকৰিৰ পৰা হঠাতে অৱসৰ গ্ৰহণ কৰিলে এইসকল চিকিৎসকে ৷

ULFA cadre Arunabh Gogoi : ফোন ৰেকৰ্ডিঙত পোহৰলৈ আহিছে নতুন তথ্য

স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা সময়তে অৰুণাভ গগৈ নামৰ যুৱকজনে আলফা স্বাধীনত যোগদান কৰাৰ এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল (viral video of Assam youth joining ULFA) । পিছত আলফা শিৱিৰতে অৰুণাভক হত্য কৰা হোৱা বুলি হৈছিল চৰ্চা ৷ শেহতীয়াকৈ সমুখলৈ আহিছে অৰুণাভ সম্পৰ্কীয় এটা ফোন কল ৷

Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

মিছন বসুন্ধৰা পৰ্টেলত জমা হৈছে প্রায় ৩ লাখৰো অধিক আৱেদন( 3 lakh applications submitted to mission vasundhara portal) । দৈনিক আবেদকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আৱেদনৰ সমান্তৰালকৈ অব্যাহত আছে নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়া(PROGRESS OF MISSION BASUNDHARA )।

Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিল সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আঁতৰাই দিয়া(Removal of Assamese language in APSC Examination) সিদ্ধান্তক অসম জাতীয় পৰিষদ(AJP is opposed Removal of Assamese language)কে ধৰি অসম সাহিত্য সভা আদি বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে ৷

অসমত কেন্দ্ৰীয় প্ৰকল্পৰ কাম আধৰুৱা : দুশ কোটি টকাৰ ইউ চি ক’ত ?

অসমত চলি থকা বহুকেইটা কেন্দ্ৰীয় প্ৰকল্পৰ কাম আজিও আধৰুৱা(Slow Progress of Central Sponsored Projects) ৷ যাৰ ফলস্বৰূপে প্ৰকল্পসমূহৰ বাবে পৰৱৰ্তী কিস্তিৰ ধন অসমলৈ মোকলাই নিদিবলৈ সিদ্ধান্ত লৈছে ড’নাৰ মন্ত্ৰালয়(Ministry of Development of North Eastern Region)য়ে ।

Question Paper Leak : পৰীক্ষাৰ পূৰ্বেই ফাদিল ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত

মৰিগাঁৱত ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিল(Half Yearly Exam Question Paper Leaked) ৷ বৃহস্পতিবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই লাহৰীঘাটৰ এটা পৰীক্ষা কেন্দ্ৰত ফাদিল হয় সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত(question paper of Social Science) ৷

Farmers Protests : বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা বিশেষ দিনবোৰ

দেশৰ ইতিহাসত আলোড়নৰ সৃষ্টি কৰা কৃষকৰ আন্দোলনে এবছৰ সম্পূৰ্ণ কৰিলে (farmers protest completes one year)। এই এবছৰে কৃষক আন্দোলনৰ ফলত বহু ঘটনাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ ভাৰত । প্ৰথম অৱস্থাৰ পৰাই কৃষক আন্দোলন কেনেদৰে আগবাঢ়িছিল ?

স্বাস্থ্যৰ বুজ ল'বলৈ ড৹ মনমোহন সিঙৰ বাসগৃহত উপস্থিত ছোনিয়া গান্ধী

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বৃহস্পতিবাৰে স্বাস্থ্যৰ বুজ ল'বলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে (Sonia Gandhi met Manmohan Singh)। যোৱা ৩০ অক্টোবৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক এইমছৰ পৰা অব্যাহতি দিয়া হৈছিল ।

Men's Junior Hockey World Cup 2021: আমেৰিকাৰ বিৰুদ্ধে স্পেইনৰ ঐতিহাসিক জয়

চলিত পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ (Men's Junior Hockey World Cup 2021)ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ঐতিহাসিক ১৭-০ গ'লত জয় সাব্যস্ত কৰিছে স্পেইনে । কানাডাৰ বিৰুদ্ধে ১৩-১ গ'লত জয় লাভ ভাৰতৰ ।

Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

বৃহস্পতিবাৰে পুৰণিগুদামৰ অগ্ৰণী অনুষ্ঠান অনিৰ্বাণ গোষ্ঠীৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 2020 বৰ্ষৰ 'ৰজত কমল বঁটা' প্ৰাপক অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.