Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

author img

By

Published : Nov 26, 2021, 4:48 PM IST

rajat-kamal-awardee-film-director-chandra-mudoi-felesiated-at-puranigudam-by-anirban-gusthi

বৃহস্পতিবাৰে পুৰণিগুদামৰ অগ্ৰণী অনুষ্ঠান অনিৰ্বাণ গোষ্ঠীৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 2020 বৰ্ষৰ 'ৰজত কমল বঁটা' প্ৰাপক অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

নগাঁও, 26 নৱেম্বৰ : নগাঁৱৰ পুৰণিগুদামৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান অনিৰ্বাণ গোষ্ঠীৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 2020 বৰ্ষৰ 'ৰজত কমল বঁটা' প্ৰাপক তথা 16 খনকৈ অসমীয়া চিনেমা পৰিচালনা কৰা অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়(Rajat Kamal awardee film director Chandra Mudoi felesiated by Anirban Gusthi) ৷

পুৰণিগুদামৰ কেঞাপট্টীস্থিত ভৱনত অনুষ্ঠিত হোৱা এই বিশেষ ৰাজহুৱা সভাখনত বিশিষ্ট পৰিচালক গৰাকীক অসমীয়াৰ স্বাভিমান গামোচা, চেলেং, সঁফুৰা আদিৰে সমবেত পুৰণিগুদামৰ গণ্যমান্য ব্যক্তি সকলৰ সন্মুখত সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানটোত অনিৰ্বাণ গোষ্ঠীৰ বিষয়ববীয়াসকলৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱ, নগাঁও জিলা কৰ্মচাৰী পৰিষদ, বাপুজী ভৱন আৰু পুথিভঁৰাল, অবিনশ্বৰ গোষ্ঠী আদি বহু কেইটা সংগঠনে বিশিষ্ট পৰিচালক গৰাকীক সম্ভাষণ জনায় ৷

rajat-kamal-awardee-film-director-chandra-mudoi-felesiated-at-puranigudam-by-anirban-gusthi
Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

উল্লেখ্য যে ক’ভিডে থানবান কৰি থৈ যোৱা ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ ''ৰণুৱা'' নামৰ অসমীয়া ছবিখনে ৰজতকমল বঁটা লাভ কৰি সুখবৰ কঢ়িয়াই আনিছিল । দেশৰ মৰ্যাদা পূৰ্ণ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচিত ''ৰণুৱা'' নামৰ অসমীয়া ছবিৰ নিৰ্মাতা তথা পৰিচালক আছিল বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈ(Rajat Kamal Award to Assamese movie Ranua directed by Chandra Mudoi) ৷

67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত 'ৰণুৱা' নামৰ এই অসমীয়া ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা সন্মান লাভ কৰাত খুবেই আনন্দিত হৈ পৰিছে পৰিচালক গৰাকীৰ লগতে অসমীয়া ছবিৰ অনুৰাগীসকল ৷ অসমবাসী ৰাইজৰ মৰম-আশীৰ্বাদৰ বাবেই এনে সফলতা লাভ কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে পৰিচালক চন্দ্ৰ মুদৈয়ে ৷

ইয়াৰোপৰি 1956 চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈয়ে এতিয়ালৈ 15 খন ছবি নিৰ্মাণ কৰিছে ৷ তাৰ ভিতৰত গ' গ' আই আৰু ভোলা ব'ম ভোলা নামৰ ছবি দুখন ইতিমধ্যে মুক্তিৰ বাবে সাজু হৈ আছে ৷

চন্দ্ৰ মুদৈয়ে পৰিচালনা কৰা মাঘত মামণিৰ বিয়া, উজনিৰ দুজনী গাভৰু, চেনাই মোৰ ঢুলীয়া, জোন দা ইমান গুণ্ডা, সুৰেন চোৰৰ পুতেক, ছয়গাঁৱৰ চম্পা, বাকৰ পুতেক আদি ছবি সমূহে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । 'পূৰব কি আৱাজ' নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰিছে এই গৰাকী জনপ্ৰিয় ছবি নিৰ্মাতাই ।

লগতে পঢ়ক : ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.