ULFA cadre Arunabh Gogoi : ফোন ৰেকৰ্ডিঙত পোহৰলৈ আহিছে নতুন তথ্য

author img

By

Published : Nov 26, 2021, 6:21 PM IST

Updated : Nov 26, 2021, 7:20 PM IST

viral phone recording about Post graduate student from Assam joined ULFA

স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা সময়তে অৰুণাভ গগৈ নামৰ যুৱকজনে আলফা স্বাধীনত যোগদান কৰাৰ এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল (viral video of Assam youth joining ULFA) । পিছত আলফা শিৱিৰতে অৰুণাভক হত্য কৰা হোৱা বুলি হৈছিল চৰ্চা ৷ শেহতীয়াকৈ সমুখলৈ আহিছে অৰুণাভ সম্পৰ্কীয় এটা ফোন কল ৷

মৰাণ, 26 নৱেম্বৰ : স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত এজন মেধা সম্পন্ন যুৱক ৷ হঠাৎ এদিন যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰাৰ সিদ্ধান্ত ল’লে (Post graduate student from Assam joined ULFA) ৷ এই সিদ্ধান্ত মৰ্মেই 2018 চনৰ 29 ডিচেম্বৰত সংগঠনটোৰ সৈতে জড়িত হৈ পৰিছিল চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ অৰুণাভ গগৈ নামৰ উচ্চ শিক্ষিত যুৱকজন ৷

উল্লেখযোগ্য যে, স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা সময়তে অৰুণাভে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল( viral video of Assam youth joining ULFA) । ইয়াৰ পিছতেই পৰিয়ালৰ সৈতে যোগাযোগ হেৰাই গৈছিল অৰুনাভ গগৈৰ ৷ শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান গৰাকী এইদৰে গুচি যোৱাত তেওঁক ঘৰলৈ উভতি আহিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল পৰিয়ালৰ লোকে ।

ULFA cadre Arunabh Gogoi : ফোন ৰেকৰ্ডিঙত পোহৰলৈ আহিছে নতুন তথ্য

কিন্তু অৰুনাভৰ কোনো ধৰণৰ খবৰ অহা নাছিল তেওঁৰ নিজৰ অথবা আলফা স্বাধীনৰ তৰফৰ পৰা ৷ শেহতীয়াকৈ আলফা স্বাধীনৰ লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈ সম্পৰ্কত পুনৰ সমুখলৈ আহিছে এক বিস্ফোৰক খবৰ ৷ অৰুণাভ গগৈ সন্দৰ্ভত আলোচনা হোৱা এটা বিতৰ্কিত অডিঅ’ ক্লিপে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য ।

অতি শেহতীয়াকৈ পোহৰলৈ অহা এটা ফোন ৰেকৰ্ডিংৰ ফলত পুনৰ চৰ্চিত হৈছে অৰুণাভৰ অৱস্থান প্ৰসংগ ৷ এই কল ৰেকৰ্ডিংটোত অৰুণাভে শিবিৰ এৰি অহাৰ কথা স্পষ্ট হৈছে যদিও বৰ্তমানলৈ সন্ধান নাই অৰুণাভ অসমৰ । উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে অৰুণাভৰ মৃত্যু সম্পৰ্কে সামাজিক মাধ্যমত পোহৰলৈ আহিছিল এটা বাতৰি ৷

এই অনুসৰি, বৰ্তমানৰ পৰা প্ৰায় এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজেৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত লেফটেনেন্ট নিবাৰণ অসমক মৃত্যুদণ্ড দিয়া হোৱা বুলি এক খবৰ পোৱা গৈছে । এই খবৰ অনুসৰি ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰৰ ডাইমণ্ড কেম্পত তেওঁক মৃত্যুদণ্ড দিয়া হোৱা বুলি সামাজিক মাধ্যমত সম্প্ৰতি ব্যাপক চৰ্চা চলিছিল(ULFA member killed in camp) । অৱশ্যে, এতিয়াও নিশ্চিত হোৱা নাই প্ৰকৃততে অৰুণাভ জীৱিত নে মৃত ৷

লগতে পঢ়ক : Extorting Money : ধমকি দি চান্দা সংগ্ৰহ কৰাৰ অভিযোগত আটক চাৰি ছাত্ৰ নেতা

Last Updated :Nov 26, 2021, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.