ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 28, 2021, 4:59 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

ঋণৰ বোজাৰে চলি আছে বৰ্তমানৰ ৰাজ্য চৰকাৰ ৷ কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰনালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০২০-২০২১ বিত্তীয় বৰ্ষলৈকে অসমে বিভিন্ন উংসৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৭৯,৭৫৫ কোটি টকা ৷

সমাগত দীপাৱলী; আতচবাজীৰে ৰাইজক পোহৰ বিলাবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পী

বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ’লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলে ৷

গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা ৷

এতিয়াৰে পৰা ঘৰতে বহি নৱীকৰণ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণৰ বাবে পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ বাটকুৰি বাই আপুনি বাৰু অতিষ্ঠ হৈছে নেকি ? এতিয়াৰে পৰা আপুনি ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণ অথবা ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চৰ বাবে কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই ।

আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অৱন বৰপূজাৰী

অৱন বৰপূজাৰী আৰু নাই ৷ নব্বৈৰ দশকতেই তেওঁ দিল্লীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছিল ৷ যাৰ গলগলীয়া কণ্ঠস্বৰ সকলোৰে বাবে পৰিচিত আছিল ৷ সেই গলগলীয়া কণ্ঠৰ অধিকাৰী অৱন বৰপূজাৰীয়ে আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল এখন অজান পৃথিৱীলৈ ৷

বিবাহৰ অনুষ্ঠানকলৈ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি বিবাহৰ অনুষ্ঠানত এপালি ভেকচিন গ্ৰহণ কৰা ২০০ লোকে অংশ গ্ৰহণ কৰিব পাৰিব । মঙলবাৰে জাৰি কৰা SOP ত বিবাহ তথা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্রত ৫০ জন লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছিল ।

কলগাছিয়াত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ

অনিয়ম আৰু দুৰ্নীতিৰে ভৰি পৰিছে ৰাজ্যৰ কেইবাটাও খণ্ড ৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন বিভাগত বহু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে কলগাছিয়াৰ গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ ৰাস্তা নিৰ্মাণত ।

ভূটানৰ ওপৰত চীনৰ শেন চকু: সষ্টম SSB

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা চাব ডিভিজনৰ পৰা 50 কিলোমিটাৰ নিলগৰ সীমান্তত সষ্টম এছ এছ বি(SSB)ৰ জোৱান ৷ ভূটানৰ ওপৰত পৰিছে চীনৰ শেন চকু ৷

বেলতলা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী

অভিযুক্ত আকাশ চৌধুৰী(Accused Akash Choudhury)ৰ পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সম্প্ৰতি পুতু দাসক পানবজাৰ মহিলা থানাত জেৰা চলাই আছে আৰক্ষীয়ে ।

ATK মোহন বাগান এফ চি ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে

স্বাৰ্থজনিত সংঘাত এৰাই চলিবলৈ এটিকে মোহন বাগান এফ চি(ATK Mohun Bagan FC)ৰ সঞ্চালক পদ ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে । বুধবাৰে গাংগুলীয়ে এই কথা প্ৰকাশ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.