ETV Bharat / sports

ATK মোহন বাগান এফ চি ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে

author img

By

Published : Oct 28, 2021, 10:33 AM IST

স্বাৰ্থজনিত সংঘাত এৰাই চলিবলৈ এটিকে মোহন বাগান এফ চি(ATK Mohun Bagan FC)ৰ সঞ্চালক পদ ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে । বুধবাৰে গাংগুলীয়ে এই কথা প্ৰকাশ কৰে । আনহাতে, চিভিচি কেপিটেলক লৈ আৰম্ভ হৈছে আন এক বিতৰ্ক ।

Sourav Ganguly quits ATK
ATK মোহন বাগান এফ চি ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে

স্পৰ্টছ ডেস্ক, ২৮ অক্টোবৰ: BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বুধবাৰে ইণ্ডিয়ান চুপাৰ লীগ (ISL) ক্লাব এটিকে মোহন বাগান এফ চিৰ সঞ্চালকৰ পদ ত্যাগ কৰে । সোমবাৰে এটিকে মোহন বাগান এফ চিৰ স্বত্বাধিকাৰী আৰ পি এছ জি ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডে লক্ষ্ণৌত নতুনকৈ আই পি এল দলৰ অধিকাৰ লাভ কৰিছে আৰু ৭,০৯০ কোটি টকাৰ নিবিদাৰ অভিলেখ গঢ়ে । আৰ পি এছ জি এতিয়া আই পি এলৰ এটা অংশ । এনে সময়তে স্বাৰ্থজনিত সংঘাত এৰাই চলিবলৈ এটিকে মোহন বাগান এফ চিৰ পৰা পদত্যাগ কৰে সৌৰভ গাংগুলীয়ে ।

তেওঁ সঞ্চালক হিচাপে দায়িত্ব পালন কৰি আছিল । আনহাতে, সঞ্জীৱ গোয়েংকা বৰ্ড অৱ ডিৰেক্টৰছৰ অধ্যক্ষৰ দায়িত্বত আছে । আনহাতে চি ভি চি কেপিটেলক লৈও আৰম্ভ হৈছে আন এক বিতৰ্ক । ৫৬২৫ কোটি টকাৰ নিবিদাৰে আহমেদাবাদ আই পি এল ফ্ৰেঞ্চাইজিৰে চুক্তি কৰিছিল চি ভি চি কেপিটেলে । এই সন্দৰ্ভত আই পি এলৰ প্ৰাক্তন আয়ুক্ত ললিত মোডীয়ে বি চি চি আইৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।

বিচিচিআয়ে চিভিচি কেপিটেলছৰ বিষয়ে পুংখানুপুংখভাৱে পৰীক্ষা নকৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰে মোডীয়ে । ইংলেণ্ডত চিভিচি কেপিটেলৰ এটা বেটিং কোম্পানী আছে ।

তেওঁ অভিযোগ তোলে যে, বিচিচিআয়ে তেওঁলোকৰ হোমৱৰ্ক কৰা নাছিল আৰু পৰীক্ষা কৰা নাছিল যে এগৰাকী নিবিদাকাৰীৰ বেটিং কোম্পানীও আছে । চিভিচি কেপিটেল স্কাই বেটিঙৰ ৮০ শতাংশৰ গৰাকী । এনে ক্ষেত্ৰত দুৰ্নীতি কেনেদৰে নিয়ন্ত্ৰণ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ কয় যে, বেটিং অবৈধ আৰু সেয়ে, বেটিং কোম্পানী থকা নিবিদাদাতাক অযোগ্য ঘোষণা কৰা উচিত আৰু দ্বিতীয় শ্ৰেষ্ঠ নিবিদাদাতাক ফ্ৰেঞ্চাইজি প্ৰদান কৰিব লাগে । মোডীয়ে মঙলবাৰে টুইটযোগে এই অভিযোগ তোলাৰ পাছতে চৰ্চা অব্যাহত আছে । তেওঁ কয় যে, চিভিচি কেপিটেলে আন লীগত অংশগ্ৰহণ কৰাটো ডাঙৰ কথা নহয়, কিয়নো তেনে লীগত বেটিং কোম্পানীবোৰক অনুমতি দিয়া হয় ।

কিন্ত এতিয়াও ভাৰতত বেটিং কৰাৰ অনুমতি দিয়া হোৱা নাই । ইতিমধ্যে ২০১৩ চনত বেটিঙক লৈ সমস্য়াৰ সৃষ্টি হৈছিল । উল্লেখ্য যে, লক্ষ্ণৌ আৰু আহমেদাবাদ ফ্ৰেঞ্চাইজিয়ে ২০২২ চনৰ পৰা আই পি এলত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:পাকিস্তানৰ টিভি চেনেল PTV sportsৰ পৰা পদত্যাগ কৰিলে ছোৱেইব আখটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.