ETV Bharat / sports

পাকিস্তানৰ টিভি চেনেল PTV sportsৰ পৰা পদত্যাগ কৰিলে ছোৱেইব আখটাৰে

author img

By

Published : Oct 27, 2021, 5:03 PM IST

মঙলবাৰে নিশা পাকিস্তানৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী PTV sportsত দেখিবলৈ পোৱা গৈছিল এক অপ্ৰত্যাশিত দৃশ্য । টেলিভিছন চেনেলটোৰ এগৰাকী এংকৰে অনুষ্ঠান চলি থকাৰ মাজতে প্ৰাক্তন পাকিস্তানী খেলুৱৈ ছোৱেইব আখটাৰক অপমান কৰিছিল । অপমানিত হৈ সেই সময়তে ছোৱেইব আখটাৰে পদত্যাগ কৰে আৰু 'গেম অন হ্যে' শীৰ্ষক অনুষ্ঠানটি চলি থকাৰ মাজতে উঠি গুছি যায় । পিছত তেওঁ ছ'চিয়েল মিডিয়াযোগে এটা ভিডিঅ' পোষ্ট কৰি জনায় যে তেওঁ PTV sportsৰ পৰা পদত্যাগ কৰিছে ।

shoaib akhtar resigns ptv sports
পাকিস্তানৰ টিভি চেনেল PTV sportsৰ পৰা পদত্যাগ কৰিলে ছোৱেইব আখটাৰে

স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ : পাকিস্তানৰ এটা টেলিভিছন চেনেলত অনুষ্ঠান চলি থকাৰ মাজতে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ছোৱাইব আখটাৰে ক্ৰিকেট বিশ্লেষকৰ পদ ত্যাগ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । কিয়নো, চৰকাৰ নিয়ন্ত্ৰিত PTV sportsৰ এগৰাকী এংকৰে অনুষ্ঠান সম্প্ৰচাৰ হৈ থকা সময়তে তেওঁক বাহিৰলৈ যাবলৈ কৈছিল ।

আখতাৰে জনোৱা মতে, মঙলবাৰে টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে পাঁচটা উইকেট লাভ কৰি জয় লাভ কৰাৰ পিছত অনুষ্ঠানটোৰ এংকৰে তেওঁৰ সৈতে অভব্য আচৰণ কৰে আৰু তেওঁক অপমান কৰে । ইয়াৰ পাচতে পাকিস্তানৰ হৈ ৪৬ খন টেষ্ট মেচ আৰু ১৬৩ খন এদিনীয়া মেচ খেলা ৪৬ বছৰীয়া আখটাৰে মাইক্ৰ'ফোন আঁতৰাই নিজৰ আসনৰ পৰা উঠি গুচি যায় ।

আশ্চৰ্যজনকভাৱে, অনুষ্ঠানটোৰ এংকৰ নৌমান নিয়াজে তেওঁক উভতি আহিবলৈও অনুৰোধ কৰা নাছিল আৰু লগতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । তেওঁ মাথোঁ অনুষ্ঠানটো চলাই নিয়ে । কিন্তু অনুষ্ঠানটোত উপস্থিত থকা আন অতিথি যেনে, ছাৰ ভিভিয়ান ৰিচাৰ্ডছ, ডেভিদ গ'ভাৰ, ৰছিদ লতিফ, উমৰ গুল, আকিব জাভেদ আৰু পাকিস্তান মহিলা ক্ৰিকেট দলৰ কেপ্টেইন ছানা মীৰে ছোৱেইবৰ প্ৰস্থানক লৈ হতভম্ব হৈ পৰে ।

আনহাতে, অনুষ্ঠানটোৰ পৰা আখটাৰৰ প্ৰস্থানৰ বিষয়টো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰে মানুহে নিয়াজক ক্ষমা বিচাৰিবলৈ কৈছিল । আখটাৰ আৰু নিয়াজৰ মাজত হোৱা বিতৰ্কৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল । আখটাৰে বুধবাৰে টুইটযোগে এটা ভিডিঅ' পোষ্ট কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল ।

আখটাৰে টুইটত উল্লেখ কৰিছে, যে, ছ'চিয়েল মিডিয়াত বহু ভিডিঅ' ভাইৰেল হৈ আছে । সেয়ে, তেওঁ নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁৰ মতে, নৌমান নিয়াজে অভব্য আচৰণ প্ৰদৰ্শন কৰি তেওঁক অনুষ্ঠান এৰি যাবলৈ কৈছিল । এয়া তেওঁৰ বাবে যথেষ্ট লজ্জাজনক কথা আছিল ।

কাৰণ, অনুষ্ঠানটোত ছাৰ ভিভিয়ান ৰিচাৰ্ডছ আৰু ডেভিদ গ'ভাৰৰ দৰে প্ৰাক্তন খেলুৱৈ আৰু তেওঁৰ সমসাময়িক আৰু জ্যেষ্ঠ ব্যক্তিও উপস্থিত আছিল । কেৱল এয়াই নহয়, লাখ লাখ মানুহে সেই সময়ত অনুষ্ঠাানটো চাই আছিল । তেওঁ কয় যে, তেওঁ পাৰস্পৰিক বুজাবুজিৰে নৌমানক সমালোচনা কৰি আছে বুলি কৈ সকলোকে লজ্জিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ ভাৱিছিল যে, নৌমানে নম্ৰতাৰে ক্ষমা বিচাৰিব আৰু অনুষ্ঠানটো তেওঁলোকে অব্যাহত ৰাখিব ।

কিন্তু নৌমানে ক্ষমা বিচাৰিবলৈ অস্বীকাৰ কৰে । ছোৱেইবে কয় যে, তেতিয়া তেওঁৰ ওচৰত পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল । উল্লেখ্য যে, অনুষ্ঠানটিত আখটাৰে নৌমানৰ এটা প্ৰশ্ন উপেক্ষা কৰাৰ পাাচতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । নৌমানৰ প্ৰশ্নৰ প্ৰতি গুৰুত্ব নিদি আখটাৰে হৰিছ ৰউফৰ বিষয়ে কৈ আছিল ।

লগতে পাকিস্তান চুপাৰ লীগ ফ্ৰেঞ্চাইজি লাহোৰ কেলেণ্ডাৰ্ছ আৰু প্ৰশিক্ষক আকিবৰ প্ৰশংসা কৰিছিল আখটাৰে । কিন্তু নৌমানে তেওঁক বাধা দিবলৈ চেষ্টা কৰে আৰু ক্ষুদ্ধ হৈ পৰে । তেওঁ ছোৱেইবক কয় যে, ছোৱেইবে তেওঁৰ কথাত গুৰুত্ব দিয়া নাই আৰু সেয়া তেওঁ সহ্য নকৰে । নৌমানে অনুষ্ঠান চলি থকাৰ মাজতে কয় যে, ছোৱেইবে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে ।

লগতে তেওঁ ছোৱেইব অনুষ্ঠান এৰি যাবলৈ কয় । ইয়াৰ পাচতে বিৰতি লোৱা হয় অনুষ্ঠানটোত । আখটাৰে কিছু সময়ৰ পাচতে আন বিশেষজ্ঞসকলৰ পৰা ক্ষমা বিচাৰে আৰু পি টিভি স্পৰ্টছৰ পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: আজি অলৰাউণ্ডাৰ ইৰফান পাঠানৰ জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.