ETV Bharat / state

ভূটানৰ ওপৰত চীনৰ শেন চকু: সষ্টম SSB

author img

By

Published : Oct 28, 2021, 2:29 PM IST

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা চাব ডিভিজনৰ পৰা 50 কিলোমিটাৰ নিলগৰ সীমান্তত সষ্টম এছ এছ বি(SSB)ৰ জোৱান ৷ ভূটানৰ ওপৰত পৰিছে চীনৰ শেন চকু ৷

ssb-force-alerting
সষ্টম SSB

তেজপুৰ, 28 অক্টোবৰ : ভাৰত-তিব্বত-চীন সীমান্ত(India-Tibetan-China Border)ৰ গাতে লাগি আছে ভূটান । তথ্য অনুসৰি, 2017 চনতে চীনে ডকলাম প্লেটোৰ দক্ষিণ-পশ্চিম দিশত অৰ্থাৎ ভুটানৰ সমীপত পথ নিৰ্মাণৰ কাম হাতত লৈছিল ৷ তাৰ পাচতে অৰুণাচল প্ৰদেশৰ এই সীমান্তত অধিক সেনা বাহিনীৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ লোক নিয়োজিত কৰি ৰাখিছে ভাৰত চৰকাৰে ৷

ssb-force-alerting
সষ্টম SSB

এছ এছ বি(SSB)ৰ 67 নং বেটেলিয়নৰ এক বৃহৎ কোম্পানীয়ে বৰ্তমান এই অঞ্চলৰ দায়িত্বত আছে । ভূটানৰ Trashi Juancy, ভাৰতৰ টাৱাং আৰু চীনৰ Shannan জিলাৰ এখনে আনখনৰ সমীপত অৱস্থিত ৷ এই ঠাইকেইখনক দুখন নদীয়ে সীমাত বিভক্ত কৰিছে ।

সষ্টম SSB

দহ দিন পূৰ্বে ভাৰতীয় সেনা(Indian Army)ৰ সৈতে মুখামুখি হৈছিল চীনা সৈন্য(China Armyৰ ৷ চীনৰ PLA সেনা আৰু ভাৰতীয় সেনাৰ লগত অৰুণাচল প্ৰদেশৰ ট্ৰাই Junctionৰ সমীপত Area Dominating Patroling(ADP)ৰ মুখামুখি হৈছিল । ভূটানৰ ওপৰত পৰিছে চীনৰ শেন চকু, যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈছে এছ এছ বিৰ জোৱানৰ লগতে দেশৰ অন্য সুৰক্ষা বাহিনী ।

India-Bhutan Border
ভাৰত-ভূটান সীমান্ত

ব্লেটিং ভাৰত-ভূটান সীমান্তত পূৰ্বতকৈ অধিক সুৰক্ষা বাহিনীৰ মোতায়েন কৰিছে কেন্দ্ৰীয় চৰকাৰে । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা চাব ডিভিজনৰ পৰা 50 কিলোমিটাৰ নিলগত বৰ্তমান সষ্টম হৈ আছে এছ এছ বি বাহিনী ৷

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৰ লুংলাত যুদ্ধ আখৰা ভাৰতীয় সেনাৰ : ETV Exclusive

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.