ETV Bharat / state

এতিয়াৰে পৰা ঘৰতে বহি নৱীকৰণ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

author img

By

Published : Oct 28, 2021, 4:07 PM IST

Updated : Oct 28, 2021, 4:28 PM IST

ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণৰ বাবে পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ বাটকুৰি বাই আপুনি বাৰু অতিষ্ঠ হৈছে নেকি ? এতিয়াৰে পৰা আপুনি ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণ অথবা ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চৰ বাবে কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই । ঘৰতে বহি অনলাইনযোগে কৰিব পাৰিব এইসমূহ কাম । জানো আহক অনলাইন সেৱাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব !

Driving license renewal online service launched
অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ সেৱা মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী, ২৮ অক্টোবৰ : পৰিবহণ বিভাগৰ প্ৰশাসনীয় কাম-কাজত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে । এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ দিনটো অতিবাহিত কৰিব নালাগে । ঘৰতে থাকি কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চৰ নবীকৰণ । পৰিবহণ বিভাগে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ সেৱা ।

ইয়াৰ লগতে মুকলি কৰিলে ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ প্ৰাপ্তি সেৱা । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত এই সেৱা মুকলি কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই সেৱাই সকলোকে উপকৃত কৰিব ।

Driving license renewal online service launched
অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ সেৱা মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ দিনটো সময় নষ্ট কৰিব নিবিচৰা বাবে বহুতেই অন্য পন্থা অৱলম্বন কৰে । অনলাইন সেৱাৰ দ্বাৰা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ভিৰো কমিব আৰু লাইচেঞ্চ বিচৰা লোকসকলো উপকৃত হ'ব ।

মেনুৱেল ব্যৱস্থাৰ হাৰাশাস্তি তথা জটিলতাৰ প্ৰসংগৰে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, তেওঁ নিজেই এতিয়ালৈকে ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণ কৰা নাই আৰু যাৰ বাবে তেওঁ ড্ৰাইভিঙো নকৰে । অনলাইন সেৱা প্ৰৱৰ্তন হোৱাৰ লগে লগে নৱীকৰণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাব । মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, অনলাইন লাৰ্ণাৰ লাইচেঞ্চৰ সেৱা মুকলি কৰাৰ পিছতে বিগত ২ মাহত প্ৰায় ১ লাখ ৩৫ হাজাৰ লাৰ্ণাৰ লাইচেঞ্চ মুকলি কৰি দিয়া হৈছে । অনলাইন নৱীকৰণৰ ক্ষেত্রত যিকোনো জিলাৰ পৰিবহণ বিষয়াই দায়িত্ব পালন কৰিব পাৰিব ।

Driving license renewal online service launched
অনলাইন ড্ৰাইভিং লাইচেঞ্চ নবীকৰণ সেৱা মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, চৰকাৰখনে সকলো কাম প্ৰযুক্তিগতভাৱে আগুৱাই নিব বিচাৰিছে । ডিচেম্বৰ মাহৰ ভিতৰত ডুপ্লিকেট আৰ চি, ঠিকনা সলনি আদি বিভিন্ন সেৱা অনলাইন ব্যৱস্থাত সামৰি লোৱা হ'ব । ২০২২ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং লাইচেঞ্চকে ধৰি কেইবাটাও সেৱা অনলাইন ব্যৱস্থাত উপলব্ধ হ'ব বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । আনহাতে, নিবনুৱাৰ নাম পঞ্জীয়নৰ ব্যৱস্থাটোও মাৰ্চৰ ভিতৰত সম্পূৰ্ণৰূপে ডিজিটেল প্লেটফৰ্মত আহিব বুলি মুখ্যমন্ত্রীয়ে কয় ।

উল্লেখ্য যে, এতিয়াৰে পৰা পৰিবহণ বিভাগৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে যি কোনো প্ৰান্তৰ পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰিব আৰু ডাকযোগে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ । ইয়াৰ বাবে আবেদন কৰিবলৈ পূৰ্বৰ দৰে ডি টি অ’ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব । প্ৰযুক্তিভিত্তিক এই দিশত অসম দেশৰ ষষ্ঠখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । এই সেৱাই সু-শাসনৰ যোগেদি প্ৰশাসন ব্যৱস্থাক ৰাইজৰ সমীপলৈ লৈ যোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

লগতে পঢ়ক:ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

Last Updated : Oct 28, 2021, 4:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.