ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 1, 2022, 3:02 PM IST

Top 10 at 3 pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jorhat police encounter: AMCHত চিকিৎসাধীন গুলীবিদ্ধ ডকাইত

শেহতীয়াকৈ যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হোৱা দুৰ্ধৰ্ষ ডকাইত ৰাহুল চাহু ওৰফে ৰাজেশ চাহুক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে (Injured Dacoit admitted to AMCH)। হাস্পতালখনৰ অৰ্থোপেডিক বিভাগত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ ডকাইতটোক । মঙলবাৰে নিশা যোৰহাট আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰিছিল ৰাজেশ চাহু নামৰ ডকাইতটো ।

Mini African village in India: জীৱনত প্ৰথমবাৰ ভোট দিছে মিনি আফ্ৰিকাখ্যাত জাম্বুৰৰ বাসিন্দাই

মিনি আফ্ৰিকা বুলি প্ৰচাৰিত জাম্বুৰ গাঁৱৰ (Mini African village in India) লোকসকলে 2022 চনৰ প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে (India mini African village will vote for the first time) । আফ্ৰিকান বংশৰ জাম্বুৰৰ বাসিন্দাসকলে নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ পোৱাত উল্লাসিত হৈছে (India mini African village jambur news today )।

Anand Sharma surgery: চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ আৰম্ভ (Dibrugarh University ragging incident) । ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত আৰম্ভ হৈছে অস্ত্ৰোপচাৰ । নিউৰ'চাৰ্জন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে অস্ত্ৰোপচাৰ । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি ছয়জনীয়া এটা অভিজ্ঞ চিকিৎসকৰ দল আছে এই অস্ত্ৰোপচাৰত । এই অস্ত্ৰোপচাৰত সময়ৰ যথেষ্ট প্ৰয়োজন হ’ব বুলিও জনাইছে চিকিৎসকে । আনন্দ শৰ্মাৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰিছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নৱ- নিৰ্বাচিত সভাপতি পাৰ্থসাৰথি গগৈয়ে । তদুপৰি এই ঘটনাত নাম সাঙোৰ খোৱা প্ৰতিজন ব্যক্তিক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পাৰ্থ সাৰথি গগৈয়ে ।

FIFA World Cup 2022 : চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে ‘আল ৰিহলা’ (Qatar world cup football Al Rihla) । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰেই এখন ফটোৱে সম্প্রতি অবাক কৰিছে সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীক । কিন্তু কিহৰ বাবে এই আশ্চৰ্য ? কি আছে এই বলটোত ?

Ragging in Dibrugarh University: ৰেগিং কাণ্ডৰে জড়িত অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ প্ৰসংগ ৷ ৰেগিঙৰ কাণ্ডত জড়িত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ ৷ আজি ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰিলে দিব্যজ্যোতিয়ে ৷ আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতিক ৷

Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia)৷ নয়নমণি শইকীয়াৰ লগতে দেশৰ আন 24 গৰাকী তাৰকা খেলুৱৈৱে গ্ৰহণ কৰিলে অৰ্জুন বঁটা ৷

Snapchat web app for Windows: এতিয়াৰে পৰা কম্পিউটাৰ-লেপটপতো ব্যৱহাৰ কৰক Snapchat, এইদৰে কৰক ডাউনলোড

উইণ্ড’জৰ বাবে Snapchat মাইক্ৰ’ছফ্ট ষ্ট’ৰত প্ৰগ্ৰেছিভ ৱেব এপ (পিডব্লিউএ) হিচাপে উপলব্ধ। মাইক্ৰ’ছফ্ট এজৰ জৰিয়তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰগ্ৰেছিভ ৱেব এপ (পিডব্লিউএ) উইণ্ড’জ ১০ আৰু ১১ ব্যক্তিগত কম্পিউটাৰত চলিব । ইয়াত কেনেকৈ ডাউনলোড কৰিব পাৰি চাওক।

ASTC service in Dima Hasao: অচল ডিমা হাছাও জিলাৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা

স্তব্ধ হৈ পৰিছে ডিমা হাছাও জিলাৰ চৰকাৰী বাছ সেৱা (Poor condition of Govt bus service in Haflong)। বাছৰ অভাৱত যাত্ৰীৰ হাহাকাৰ অৱস্থা । অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ অৱস্থাও শোচনীয় । নাই যাত্ৰীৰ বাবে পৰ্যাপ্ত সুবিধা ।

Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড

মহাৰাষ্ট্ৰত সতিয়া পিতৃয়ে ধৰ্ষণ কৰিলে ১৬ বছৰীয়া কন্যাক (Stepfather sexually assaulting minor daughter)। ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত পোৱা তথ্য অনুসৰি সতিয়া পিতৃ হৈছে কন্যাৰ গৰ্ভত থকা সন্তানৰ পিতৃ । শেহতীয়াকৈ আদালতে ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে ।

Livestock recovered in Chirang: চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.