FIFA World Cup 2022 : চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

author img

By

Published : Dec 1, 2022, 1:46 PM IST

FIFA

এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে ‘আল ৰিহলা’ (Qatar world cup football Al Rihla) । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰেই এখন ফটোৱে সম্প্রতি অবাক কৰিছে সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীক । কিন্তু কিহৰ বাবে এই আশ্চৰ্য ? কি আছে এই বলটোত ?

স্পৰ্টছ ডেস্ক, ১ ডিচেম্বৰ : চমক আৰু নতুনত্বৰ সমাহাৰ ঘটিছে কাটাৰ বিশ্বকাপত (Qatar World Cup 2022) । শুভংকৰৰ পৰা ষ্টেডিয়াম, ৰেফাৰীৰ পৰা খেল পৰিচালনাৰ প্ৰযুক্তি- সকলোতে নতুনত্বৰ সংযোজন ঘটিছে ফিফা বিশ্বকাপপ ২০২২-ত (Mascot of Qatar world cup) । তাতোকৈ গুৰুত্বপূৰ্ণ সংযোজন ঘটিছে এইবাৰৰ বিশ্বকাপত ব্যৱহৃত ফুটবলটোত ।

এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে ‘আল ৰিহলা’ (Qatar world cup football Al Rihla) । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰেই এখন ফটোৱে সম্প্রতি অবাক কৰিছে সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীক । কিন্তু কিহৰ বাবে এই আশ্চৰ্য ? কি আছে এই বলটোত ? ভাইৰেল হোৱা ফটোত দেখা গৈছে যে বলৰ এটা অংশ খুলি তাত চার্জ দিয়া হৈছে । ঠিক যেনেদৰে মোবাইল বা লেপটপত চাৰ্জ দিয়া হয় তেনেদৰেই (Al Rihla charging ball) ।

কিন্তু কিয় এইবাৰৰ বিশ্বকাপৰ বলবোৰত চার্জ দিবলগা হৈছে (Chargeable football in Qatar FIFA world cup) ? ৰহস্য কি ?

ইয়াৰ ব্যাখ্যা আগবঢ়াইছে বল নির্মাতা কোম্পানীটোৱে । প্ৰকৃততে এইবাৰ বিশ্বকাপত ব্যৱহৃত বলবোৰ বাকী পূৰ্বতে ব্যৱহৃতবোৰতকৈ পৃথক । বলৰ ভিতৰত লগোৱা হৈছে ছেন্সৰ (sensor in Al Rihla ball) । মেচ চলি থকা সময়ত উক্ত ছেন্সৰবোৰে প্রতিমুহূর্তে ছাৰ্ভাৰলৈ তথ্য প্ৰেৰণ কৰি থাকে । ছেকেণ্ডত ৫০০ বাৰকৈ তথ্য প্ৰেৰণ কৰে । প্রতিবাৰেই বলৰ সৈতে কিবা কিছু স্পর্শ হ'লেই তাৰ নির্ভুল তথ্য গুচি যায় ছার্ভাৰলৈ ।

চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?
চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

উক্ত ছেন্সৰৰ সৈতে সংযুক্ত হৈ আছে এটি বেটাৰী । ইয়াৰ ওজন হৈছে ১৪ গ্রাম । উক্ত বেটাৰীকেই মেচৰ পূৰ্বে চার্জ দিব লাগে । এবাৰ চার্জ দিলে বেটাৰীৰ আয়ুস ছয়ঘণ্টা ধৰি থাকে । সেয়ে নির্ভুল তথ্য লাভ কৰিবলৈ প্রতিখন মেচৰ পূৰ্বে বলবোৰ চার্জ দিয়াটো জৰুৰী (FIFA world cup 2022)।

উল্লেখ্য, আল ৰিহলা বলৰ গুৰুত্ব বুজি পোৱা গৈছে পর্তুগাল আৰু উৰুগুৱেৰ মাজৰ মেচখনত । উক্ত মেচখনত ক্রিষ্টিয়ানো ৰোণাল্ডোৰ (Ronaldo) এটি গ'ল সন্দৰ্ভত বিতর্কৰ সৃষ্টি হৈছিল । বলৰ নির্মাতাসকলে ছেন্সৰৰ পৰা লাভ তথ্যৰ দ্বাৰাই জনাই দিয়ে যে ৰোণাল্ডোৰ সৈতে বলৰ কোনো স্পর্শয়ে হোৱা নাই । ফলত উক্ত গ'লটো দিয়া হয় ব্রুনো ফের্নাণ্ডেছক ।

বল প্রস্তুতকাৰী কোম্পানীটোৱে জনাইছে, “আমাৰ যি প্রযুক্তি আছে তাকে কৈছোঁ । ৰোণাল্ডোৰ কোনো স্পর্শ উক্ত সময়ত বলত লগা নাছিল । বল গ'লৰ ফালে যোৱাৰ সময়ত আমি যি স্পন্দন দেখিছোঁ, তাৰ পৰা এইটো স্পষ্ট যে কোনো ধৰণৰ সংস্পৰ্শ হোৱা নাই । এইবাৰৰ বিশ্বকাপত আল ৰিহলা নামৰ যি বল ব্যৱহাৰ কৰা হৈছে, তাৰ ভিতৰত ছেন্সৰ লগোৱা আছে । তাৰেই সহায়ত আমি ক'ব পাৰোঁ যে বল ৰোণাল্ডোৰ মূৰত লগা নাই ।”

উল্লেখ্য, গ্রুপ পৰ্যায়ত উৰুগুৱে আৰু পর্তুগালৰ মেচত প্রথমটো গ'ল হয় ৫৪ মিনিটত । প্রথমার্ধত পর্তুগালে বেছি সময় ধৰি বলৰ দখল ৰাখিলেও গ'ল কৰিব পৰা নাছিল । দ্বিতীয়ার্ধৰ আৰম্ভণিতে ফের্নাণ্ডেছৰ ক্রছত হোড কৰিবৰ বাবে জঁপিয়ায় ৰোণাল্ডোৱে । বল গৈ নেটত লগাৰ পিছতেই তেওঁ ফূৰ্তি কৰে । এনে হৈছিল গ'লটো তেৱেঁই কৰিছে ।

কিন্তু ৰিপ্লেত দেখা যায় বলটো ৰোণাল্ডোৰ মূৰত লগা নাছিল । ফের্নাণ্ডেছে লগোৱা শ্বটটোতেই বলটো গৈ নোটত সোমায় । সেয়ে গ'লটো তেওঁৰ প্রাপ্য । আৰু পিছত সেইটোকে দিয়া হয় । কিন্তু মেচৰ শেষতো ৰোণাল্ডোৱে গ'লটো নিজৰ বুলিয়ে দাবী কৰি থাকে । তেওঁ জনায় যে বলটোৱে তেওঁৰ মূৰ স্পৰ্শ কৰি গৈছে । অৱশ্যে সেয়া মানি লোৱা নহয় ।

লগতে পঢ়ক :FIFA World Cup 2022 : পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.