ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 12, 2021, 3:04 PM IST

Top 10 at 3 pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি

চৌদি আৰৱৰ পৰা অহা এগৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি (Covid 19 positive at Balipara) ৷ বৰ্তমানলৈকে ব্যক্তিগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয় নে নহয়, সেয়া নিশ্চিত হোৱা নাই ৷

15 ডিচেম্বৰত ৰাজ্যজুৰি "কা" বাতিলৰ দাবীত ধৰ্ণা

মহামাৰী ক'ৰণাৰ বাবে দেশব্যাপি হোৱা লকডাউনৰ কাৰণে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে স্থগিত ৰাখিছিল কা বিৰোধী আন্দোলন(CAA protest in Assam) ৷ দেশজুৰি স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ হোৱাত পৰিষদে আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Marry Kom in Dibrugarh University: নাহৰৰ দেশলৈ আহিব এম চি মেৰী কম

বিগত প্ৰায় এমাহৰ পৰাই উদুলি-মুদুলি পৰিৱেশ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৷ যিহেতু দেওবাৰৰ পৰা আৰম্ভ হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক ক্ৰীড়া সপ্তাহ ৷ দুটা বছৰৰ অন্তত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানতেই উপস্থিত থাকিব বক্সিং লিজেণ্ড এম চি মেৰী কম(Mary Kom to attend in varsity week Of Dibrugarh University) ৷

PM Modi's Twitter handle hacked : হেকাৰৰ কবলত প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট

হেকাৰৰ কবলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ একাউণ্ট ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা সদৰী কৰে (PMO confirmed PM Modi's Twitter handle got hacked) ৷

Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

চণ্ডীগড়ত ক’ভিড 19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণত আক্ৰান্ত (omicron first case in chandigarh) হৈছে এজন ব্যক্তি ৷ আক্ৰান্ত ব্যক্তিগৰাকী ইটালীৰ পৰা ভাৰতলৈ আহিছিল ৷

No permission for PDP youth convention : মেহবুবা মুফটিক গৃহবন্দী আৰক্ষীৰ

পিডিপি দলে শ্ৰীনগৰত আয়োজন কৰা যুৱ সন্মিলনৰ অনুমতি নিদিলে জম্মু-কাশ্মীৰ প্ৰশাসনে (Government deny permission of PDP's youth convention)। ক'ভিড 19 নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি বাতিল প্ৰশাসনৰ । দলৰ সভানেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছে প্ৰশাসনে ।

নলবাৰীত আছুৰ ক'লা পতাকা ; টিংখাঙত ধৰ্মঘট কাৰ্যসূচীৰে কা' প্ৰত্যাহাৰৰ দাবী তুলিলে অজাপে

ৰাজ্যত ক'লা দিৱস পালন কৰি দল-সংগঠনে কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰক পুনৰবাৰ সকীয়াই দিলে "কা' আমি নামানো"(Anti CAA protests in Assam) ৷ নলবাৰীত আছুৱে ক'লা পতাকা উৰুৱাৰ সমান্তৰালভাৱে টিংখাঙৰ ৰাজগড়ত কা' প্ৰত্যাহাৰৰ দাবীত ক'লা দিৱস পালনেৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে ৷

Etv Bharat Impact: অৱশেষত ওড়িশাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অসমৰ ক্ষুধাৰ্ত শ্ৰমিকক

25 নৱেম্বৰত ইটিভি ভাৰতৰ বাতৰি যোগে প্ৰকাশ হৈছিল ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষীপুৰত অসমৰ ক্ষুধাৰ্ত শ্ৰমিক উদ্ধাৰ হোৱাৰ বাতৰি ৷ পিছত ঘটনাই লৈছে নতুন মোৰ ৷ শ্ৰমিক জনৰ নাম ঠিকনাৰ লগতে ইটিভি ভাৰতৰ বাতৰি যোগে প্ৰকাশ পাইছিল বহু নজনা তথ্য(migrant worker from Assam in Odisha) ৷ অৱশেষত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে শ্ৰমিকজনক ৷

China Breaches Taiwan Airspace: টাইৱানৰ Air Defence Zone ত পুনৰ চীনা যুদ্ধ বিমান

বিগত বছৰৰ পৰা চীনে টাইৱানৰ এয়াৰ ডিফেঞ্চ আইডেনটিফিকেশ্যন জ'নলৈ প্ৰেৰণ কৰি আহিছে যুদ্ধ বিমান । শুকুৰবাৰে পুনৰ টাইৱান বায়ু ক্ষেত্ৰত প্ৰৱেশ কৰে ১৩ খনকৈ চীনা যুদ্ধ বিমান (Chinese planes entered Taiwan's southwestern ADIZ)। লগে লগে চীনক প্ৰত্যুুত্তৰ দিবলৈ সাজু হৈ উঠে টাইৱানৰ প্ৰতিৰক্ষা বাহিনী ।

Inter College Volleyball Competition : শিৱসাগৰত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ সামৰণি

শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় (Jhanji Hemnath Sarma College)ৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা (Inter College volleyball Competition) ৷ প্ৰতিযোগিতাখনত ১৭ খন মহাবিদ্যালয়ৰ মুঠ ৩৮ টা দলে অংশগ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.