Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি

author img

By

Published : Dec 12, 2021, 10:37 AM IST

Covid 19 positive at Balipara

চৌদি আৰৱৰ পৰা অহা এগৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি (Covid 19 positive at Balipara) ৷ বৰ্তমানলৈকে ব্যক্তিগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয় নে নহয়, সেয়া নিশ্চিত হোৱা নাই ৷

তেজপুৰ, 12 ডিচেম্বৰ : শেহতীয়াকৈ পুনৰ বিশ্বৰ কেইবাখনো দেশত ক’ভিড 19 ৰ সংক্ৰমণে গা কৰি উঠিছে ৷ কিয়নো কেইবাখনো দেশত ইতিমধ্যে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ অৱস্থিতি ৷ ভাৰততো প্ৰায় 5 গৰাকী লোকৰ দেহত শেহতীয়াকৈ ধৰা পৰে অ’মিক্ৰণৰ অৱস্থিতি ৷ যাৰ বাবে একপ্ৰকাৰ শংকিত হৈ পৰিছে দেশবাসী ৷

শনিবাৰে তেজপুৰৰ বালিপৰাত এগৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৰ অৱস্থিতি (Covid 19 positive at Balipara) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আক্ৰান্ত ব্যক্তিগৰাকী চৌদি আৰৱৰ পৰা শোণিতপুৰ জিলাৰ বালিপাৰাৰ বুঢ়াগাঁও চাপৰিস্থিত নিজ বাসগৃহলৈ আহিছিল ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত একপ্ৰকাৰে আতংকৰ সৃষ্টি হয় ৷

one-person-travelling-from-saudi-arabia-tested-covid-19-positive-at-balipara-sonitpur
COVID 19 ত আক্ৰান্ত সূৰ্য বাহাদুৰ তামাং

প্ৰথমাৱস্থাত ব্যক্তিগৰাকী ক’ভিড 19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণ (New Covid 19 Variant Omicron) ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি আতংকিত হৈ পৰে স্থানীয় ৰাইজসকল ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীৰ নমুনা সংগ্ৰহ কৰি ইয়াক নিশ্চিত কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ৷

উল্লেখ্য যে, চৌদি আৰৱত কৰ্মৰত বালিপৰাৰ এই ব্যক্তিগৰাকীৰ নাম সূৰ্য বাহাদুৰ তামাং(Covid 19 positive at Balipara) বুলি জানিব পৰা গৈছে ৷

লগতে চাওক : Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.