No permission for PDP youth convention : মেহবুবা মুফটিক গৃহবন্দী আৰক্ষীৰ

author img

By

Published : Dec 12, 2021, 2:11 PM IST

No permission for PDP youth convention

পিডিপি দলে শ্ৰীনগৰত আয়োজন কৰা যুৱ সন্মিলনৰ অনুমতি নিদিলে জম্মু-কাশ্মীৰ প্ৰশাসনে (Government deny permission of PDP's youth convention)। ক'ভিড 19 নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি বাতিল প্ৰশাসনৰ । দলৰ সভানেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছে প্ৰশাসনে ।

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ : শ্ৰীনগৰত দেওবাৰে পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টীয়ে (PDP) যুৱ সন্মিলনৰ আয়োজন কৰিছিল । কিন্তু এই যুৱ সন্মিলনৰ অনুমতি দিয়া নাই জম্মু-কাশ্মীৰ প্ৰশাসনে (Government deny permission of PDP's youth convention) ।

আনহাতে, পিডিপিৰ মুৰব্বী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখাৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে (PDP Chief Mehbooba Mufti under house arrest) । আৰক্ষীয়ে পিডিপিৰ সভানেত্ৰী মেহবুবা মুফটিৰ গুপকাৰ বাসগৃহলৈ যোৱা সকলো পথ বন্ধ কৰি ৰাখিছে ।

দক্ষিণ শ্ৰীনগৰৰ কাৰ্যবাহী দণ্ডাধীশৰ মতে শ্ৰীনগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে দাখিল কৰা প্ৰতিবেদন আৰু ক'ভিড নিষেধাজ্ঞাৰ বাবে এই সন্মিলনৰ অনুমতি বাতিল কৰা হৈছে । দণ্ডাধীশে লগতে ৰামমুন্সী বাগৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিৰ্দেশ দিছে, যাতে প্ৰশাসনৰ অনুমতি অবিহনে এই ধৰণৰ কোনো কাৰ্যসূচী অনুষ্ঠিত নহয় ।

ইফালে পিডিপিৰ এগৰাকী শীৰ্ষ নেতাই জনোৱা মতে, যুৱ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখা হৈছে । তেওঁ লগতে কয় যে চৰকাৰে অৱশ্যে অনুমতি বাতিল সন্দৰ্ভত দলটোক আনুষ্ঠানিকভাৱে জনোৱা নাই ।

লগতে পঢ়ক : ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে পিডিপি নেত্ৰী মেহবুবা মুফটিৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.