ETV Bharat / international

China Breaches Taiwan Airspace: টাইৱানৰ Air Defence Zone ত পুনৰ চীনা যুদ্ধ বিমান

author img

By

Published : Dec 11, 2021, 3:28 PM IST

Chinese fighter jets in Taiwan sky
টাইৱানৰ Air Defence Zoneত পুনৰ চীনা যুদ্ধ বিমানৰ প্ৰৱেশ

বিগত বছৰৰ পৰা চীনে টাইৱানৰ এয়াৰ ডিফেঞ্চ আইডেনটিফিকেশ্যন জ'নলৈ প্ৰেৰণ কৰি আহিছে যুদ্ধ বিমান । শুকুৰবাৰে পুনৰ টাইৱান বায়ু ক্ষেত্ৰত প্ৰৱেশ কৰে ১৩ খনকৈ চীনা যুদ্ধ বিমান (Chinese planes entered Taiwan's southwestern ADIZ)। লগে লগে চীনক প্ৰত্যুুত্তৰ দিবলৈ সাজু হৈ উঠে টাইৱানৰ প্ৰতিৰক্ষা বাহিনী ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ ডিচেম্বৰ : টাইৱানৰ ওপৰত আধিপত্য বিস্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে চীনে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা প্ৰায়ে টাইৱান বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰলৈ চীনে যুদ্ধ বিমান প্ৰেৰণ কৰি তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাই গৈছে । শেহতীয়াকৈ নিকাৰগুয়াই টাইৱানৰ সৈতে সম্পৰ্ক ছেদ কৰিছে (Nicaragua severed ties with Taiwan) আৰু চীনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছে । এই দিনটোতে পুনৰ টাইৱান বায়ু ক্ষেত্ৰত প্ৰৱেশ কৰে ১৩ খনকৈ চীনা যুদ্ধ বিমান (Chinese planes entered Taiwan's southwestern ADIZ)।

চীনা বিমান কেইখনে টাইৱানৰ দক্ষিণ-পশ্চিম এয়াৰ ডিফেঞ্চ আইডেনটিফিকেশ্যন জ'নত (ADIZ) প্ৰৱেশ কৰে । জানিব পৰা মতে বিমান কেইখনৰ ভিতৰত দুখন এইছ-৬ বোমাৰু বিমান আৰু এখন ৱাই-৮ ইলেক্ট্ৰনিক যুদ্ধ বিমানে দক্ষিণ-পূৱ এয়াৰ ডিফেঞ্চ আইডেনটিফিকেশ্যন জ'নত প্ৰৱেশ কৰে । আন ১০ খন বিমান আছিল ৱাই-৮ এণ্টি-চাবমেৰিন ৱাৰফেয়াৰ প্লেন, এখন কেজে-৫০০ আৰু ৬ খন শ্বেনিয়াং জে-১৬ আৰু দুখন চেংডু জে-১০ যুঁজাৰু বিমান ।

টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে ইয়াৰ প্ৰত্যুত্তৰত টাইৱানে যুদ্ধবিমান ৰক্ষী বাহিনী সাজু কৰিছিল, ৰেডিঅ' সতৰ্কবাণী প্ৰেৰণ কৰিছিল আৰু চীনা সামৰিক বাহিনীক অনুসৰণ কৰিবলৈ বায়ু প্ৰতিৰক্ষা মিছাইল প্ৰণালী মোতায়েন কৰিছিল ।

উল্লেখ্য যে বেইজিঙে টাইৱানৰ ওপৰত সম্পূৰ্ণ সাৰ্বভৌমত্ব দাবী কৰি আহিছে (Beijing claims full sovereignty over Taiwan) । কিয়নো চীনৰ দক্ষিণ-পূৱত অৱস্থিত ২৪ নিযুত জনসংখ্যাৰ টাইৱানত আছে পৃথক শাসন ব্যৱস্থা । ইফালে টাইৱানে চীনৰ এনে কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কৌশলগত সম্পৰ্ক অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ছাই ইং ৱেনৰ কাৰ্যকালত চীনে আক্ৰমণ নকৰে : টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.