ETV Bharat / international

ছাই ইং ৱেনৰ কাৰ্যকালত চীনে আক্ৰমণ নকৰে : টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফ

author img

By

Published : Nov 5, 2021, 10:12 AM IST

টাইৱানত চীনে আক্ৰমণ কৰাক লৈ বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফ চেন মিং টঙে । তেওঁ কয় যে, ৰাষ্ট্ৰপতি ছাই ইং ৱেনৰ কাৰ্যকালত চীনে টাইৱানত আক্ৰমণ কৰাৰ চেষ্টা নকৰে ।

Tsai Ing wen
চীনে টাইৱানত আক্ৰমণ কৰাক লৈ টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফৰ মন্তব্য

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : টাইৱানৰ শাসনৰ ক্ষমতা সম্পূৰ্ণৰূপে নিজৰ হাতলৈ আনিবলৈ বেইজিঙে চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সাত দশকৰো অধিক সময় ধৰি টাইৱান আৰু বেইজিঙৰ মাজৰ এই বিবাদ অব্যাহত আছে । শেহতীয়াকৈ টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফ চেন মিং টঙে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁ কয় যে, ছাই ইং ৱেনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত চীনে টাইৱান দ্বীপত আক্ৰমণ কৰাৰ চেষ্টা নকৰে । চেন মিং টঙে টাইৱানৰ সংসদীয় অধিৱেশনৰ প্ৰশ্নোত্তৰ কালত এই মন্তব্য কৰে । এন এইচ কে ৱৰ্ল্ডে প্ৰকাশ কৰা মতে, চেন মিং টঙে কয় যে, ছাই ইং ৱেনৰ কাৰ্যকালত চীন আৰু টাইৱানৰ মাজত সশস্ত্ৰ সংঘৰ্ষ সংঘটিত হোৱাৰ কোনো সম্ভাৱনা নাই ।

টাইৱানৰ ওপৰত চীনৰ সামৰিক আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ কয় যে, দুৰ্গম দ্বীপ দখল কৰা, সাগৰীয় পথ টাইৱানৰ বাবে বন্ধ কৰা আৰু টাইৱানৰ প্ৰতিৰক্ষা শক্তিক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে চীনে । টাইৱানে দক্ষিণ চীন সাগৰৰ দ্বীপবোৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰে ।

বেইজিঙে টাইৱানক চীনৰ এটা অংশ বুলি দাবী কৰি আহিছে যদিও সাত দশকৰো অধিক সময় ধৰি দ্বীপটোত তেওঁলোকৰ নিজৰ শাসন ব্যৱস্থা চলি আছে । ইফালে, টাইপেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন দেশৰ সৈতে কৌশলগত সম্পৰ্ক বৃদ্ধি কৰি চীনা আক্ৰমণৰ প্ৰতিৰোধ অব্যাহত ৰাখিছে । চেনে পৰামৰ্শ দিয়ে যে, চোৰাংচোৱা কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি, ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীয়ে এই সিদ্ধান্তত উপনীত হৈছে যে, বেইজিঙে ছাই ইং ৱেনৰ কাৰ্যকালত এনে আক্ৰমণৰ পৰিকল্পনা কৰা নাই ।

২০২৪ চনৰ মে' মাহলৈকে ছাই ইং ৱেনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব । তেওঁ কয় যে, এই বিষয়টো ইতিমধ্যে চীনৰ অভ্যন্তৰত আলোচনা কৰা হৈছে ।

লগতে পঢ়ক:দিল্লীত বায়ুৰ গুণগত মানদণ্ডৰ উদ্বেগজনক অৱনতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.