ETV Bharat / state

Inter College volleyball Competition : শিৱসাগৰত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ সামৰণি

author img

By

Published : Dec 12, 2021, 10:55 AM IST

শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় (Jhanji Hemnath Sarma College)ৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা (Inter College volleyball Competition) ৷ প্ৰতিযোগিতাখনত ১৭ খন মহাবিদ্যালয়ৰ মুঠ ৩৮ টা দলে অংশগ্ৰহণ কৰে ৷

Inter College Volleyball Competition
জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত দুদিনীয়াকৈ আয়োজন ভলীবল প্ৰতিযোগীতা

আমগুৰি, 12 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় (Jhanji Hemnath Sarma College)ৰ খেলপথাৰত অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা (Inter College Volleyball Competition) ৷

লগতে পঢ়ক : প্ৰতিটো ফৰমেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলি

পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনষ্ঠ ১৭ খন মহাবিদ্যালয়ৰ প্ৰায় ৩৮ টা দলে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাখন উদ্বোধন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা (MLA Pradip Hazarika)ই ।

ভলীবল প্ৰতিযোগিতাৰ সামৰণি

ক’ভিডকালীন পৰিস্থিতিৰ পাচতো মহাবিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাই কঢ়িয়াই আনিছে আশাৰ ৰেঙণি ৷ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে বিধায়ক প্ৰদীপ হাজৰিকাই । ভলীবল প্ৰতিযোগিতাখনৰ লগত সংহতি ৰাখি জীৱমণি নাথৰ সম্পাদনাৰে প্ৰকাশিত এখনি স্মৃতি পত্ৰিকা উন্মোচন কৰা হয় ৷ এই স্মৃতি পত্ৰিকাখন উন্মোচন কৰে আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ আফছিয়া চুলতানাই ।

Inter College Volleyball Competition
শিৱসাগৰত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ সামৰণি

লগতে পঢ়ক : Rugby Football Game : বজালীত ৰাগবি খেলৰ পূৰ্ণ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.