Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

author img

By

Published : Dec 12, 2021, 2:03 PM IST

omicron-first-case-in-chandigarh

চণ্ডীগড়ত ক’ভিড 19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণত আক্ৰান্ত (omicron first case in chandigarh) হৈছে এজন ব্যক্তি ৷ আক্ৰান্ত ব্যক্তিগৰাকী ইটালীৰ পৰা ভাৰতলৈ আহিছিল ৷

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ : হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়ত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণত আক্ৰান্ত (omicron first case in chandigarh) ৰ ঘটনা ৷ চণ্ডীগড়ৰ স্বাস্থ্য বিভাগৰ তথ্য মতে, এগৰাকী 20 বছৰীয়া যুৱক ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণত আক্ৰান্ত বুলি জানিব পৰা গৈছে । আক্ৰান্ত যুৱকজনে বিগত 22 নৱেম্বৰত ইটালীৰ পৰা ভাৰতলৈ আহিছিল ।

ইয়াৰ পিছতে পুনৰ দেওবাৰে যুৱকজনৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল । য’ত যুৱকজন অ’মিক্ৰণত আক্ৰান্ত হোৱাটো ধৰা পৰে ৷

omicron first case in chandigarh
চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

উল্লেখ্য় যে, শনিবাৰে দিল্লীত অ’মিক্ৰণৰ আন এক আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল । জিম্বাবৱেৰ এজন ব্যক্তিৰ দেহতো পোৱা গৈছিল অ’মিক্ৰণৰ অৱস্থিতি ৷ দক্ষিণ আফ্ৰিকাত আক্ৰান্ত ব্যক্তিগৰাকীৰ আছিল ভ্ৰমণৰ তথ্য ৷ মহাৰাষ্ট্ৰত বৰ্তমানলৈকে সৰ্বাধিক 17 গৰাকী ব্যক্তি সংক্ৰমিত হৈছে এই নতুুন ভেৰিয়েণ্টৰ দ্বাৰা । ইয়াৰ পিছত ক্ৰমে ৰাজস্থানত 9 গৰাকী, গুজৰাটত 3 গৰাকী, দিল্লী আৰু কৰ্ণাটকত 2 গৰাকীকৈ আৰু অন্ধ্ৰ প্ৰদেশত এগৰাকী ব্যক্তি অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহে ৷

লগতে চাওক: Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.