ETV Bharat / state

নলবাৰীত আছুৰ ক'লা পতাকা; টিংখাঙত ধৰ্মঘট কাৰ্যসূচীৰে কা' প্ৰত্যাহাৰৰ দাবী তুলিলে অজাপে

author img

By

Published : Dec 11, 2021, 10:51 PM IST

Updated : Dec 12, 2021, 7:36 PM IST

ৰাজ্যত ক'লা দিৱস পালন কৰি দল-সংগঠনে কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰক পুনৰবাৰ সকীয়াই দিলে "কা' আমি নামানো"(Anti CAA protests in Assam) ৷ নলবাৰীত আছুৱে ক'লা পতাকা উৰুৱাৰ সমান্তৰালভাৱে টিংখাঙৰ ৰাজগড়ত কা' প্ৰত্যাহাৰৰ দাবীত ক'লা দিৱস পালনেৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে ৷

ANTI CAA PROTESTS
নলবাৰীত আছুৰ ক'লা পতাকা

নলবাৰী, 11 ডিচেম্বৰ : উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ'ৰ আহ্বানত শনিবাৰে সমগ্ৰ অসমত কা' প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ক'লা দিৱস পালন কৰে(AASU observed black day against CAA) ৷ সেই অনুসৰি, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত ক'লা পতাকা উৰুৱাই কা'ৰ প্ৰত্যাহাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ( Nalbari AASU protest against CAA) ৷

উল্লেখ্য যে, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰত্যাহাৰৰ দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কলিতা, সহকাৰী সম্পাদক নিৰুজউদ্দিন আহমেদ লগতে গৌতম বেজবৰুৱা আদি উপস্থিত থাকে ৷

ANTI CAA PROTESTS
টিংখাঙত ধৰ্মঘট কাৰ্যসূচীৰে কা' প্ৰত্যাহাৰৰ দাবী তুলিলে অজাপে

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, কা' বাতিল কৰিব লাগিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদী সাব্যস্ত কৰে ৷

কা' প্ৰত্যাহাৰৰ দাবীত টিংখাঙত অজাপৰ অৱস্থান ধৰ্মঘট

মৰাণ : নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 প্ৰত্যাহাৰৰ দাবীত টিংখাঙৰ ৰাজগড়ত ক'লা দিৱস পালনেৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে ৷ অসম জাতীয় পৰিষদ টিংখং সমষ্টিৰ সমিতিৰ উদ্যোগত ৰাজগড়ৰ শ্বহীদ বেদীৰ সমীপতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে(AJP Protets Against CAA) ।

প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ নেতা অনুপ ফুকন, সুভাকৰণ গোহাঞি সহ দলীয় কমৰ্কতা সকলে অংশগ্ৰহণ কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, নৰেন্দ্ৰ মোডী গ' বেক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে জাতীয় পৰিষদৰ কৰ্মী সকলে ৷

লগতে পঢ়ক: Anti CAA movement: কা' প্ৰত্যাহাৰৰ দাবীত উত্তৰ-পূৱে পালন কৰিলে ক'লা দিৱস

Last Updated :Dec 12, 2021, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.