Anti CAA movement: কা' প্ৰত্যাহাৰৰ দাবীত উত্তৰ-পূৱে পালন কৰিলে ক'লা দিৱস

author img

By

Published : Dec 11, 2021, 9:38 PM IST

anti-CAA protests return in Northeast

কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব (সংশোধনী) আইন 2019 প্ৰত্যাহাৰৰ দাবী আন্দোলন(anti-CAA protests return in Northeast) ।‌‌ এইবাৰৰ এই আন্দোলনে এক নতুন মাত্ৰা লাভ কৰা পৰিলক্ষিত হৈছে ।‌

গুৱাহাটী, ১১ ডিচেম্বৰ : দুটা বছৰৰ বিৰতিৰ পিছত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ দাবী কেন্দ্ৰীক আন্দোলন । ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা দেশৰ সংসদত এই‌ বহু বিতৰ্কিত আইনখন গৃহীত হৈছিল আৰু তাৰ পাছত 'কা' বিৰোধী প্ৰতিবাদীয়ে ব্যাপক প্ৰতিবাদেৰে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীৰ পৰিস্থিতি গৈছিল নিয়ন্ত্ৰণৰ বাহিৰলৈ । একেদৰে ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তৰতে প্ৰতিবাদ অব্যাহত থাকে। সিদিনা সন্ধিয়া মহানগৰীৰ হাতীগাৱত ষ্টেম ষ্টেফৰ্ড নামৰ এটি কিশোৰে অতি দুৰ্ভাগ্যজনক ভাবে আৰক্ষীৰ মৃত্যুক সাৱটি লৈছিল ।

উল্লেখ্য যে, কা' বিৰোধী আন্দোলনত ৰাজ্যত ছয় জনকৈ নিৰীহ লোকে প্ৰাণ দি'বলগীয়া হৈছিল । যোৱা দুটা বছৰ ধৰি ক'ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে কা' বিৰোধী আন্দোলন স্তিমিত হৈ থকাৰ পিছত আজি উত্তৰ-ছাত্ৰ সংগঠন চমুকৈ নেছ', সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদৰ উদ্দোগত গুৱাহাটীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হয়(anti-CAA protests return in Northeast) ।

অতি লক্ষ্য়নীয়ভাৱে এই আইনৰ আওতাৰ পৰা মিজোৰাম, অৰুণাচল-প্ৰদেশ, মনিপুৰ আৰু ত্ৰিপুৰা দৰে ৰাজ্যক ইতিমধ্যে ৰেহাই দিছে । তাৰ উপৰিও ষষ্ঠ অনসূচীৰ অধীনস্থ অঞ্চল সমুহকো এই আইনৰ নতুন সংশোধনীৰ পৰা ৰেহাই দিয়া হৈছিল । কিন্তু তাৰ পিছতো অঞ্চলটোৰ প্ৰতিখন ৰাজ্যতে আজি‌ নেছ'ৰ উদ্যোগত দিনযোৰাভাৱে কৰা দিৱস পালন কৰা‌ হয় ।

শনিবাৰে পুৱাৰ ভাগতে কলা পতাকা উৰুৱাই ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰা হয় । অসম জাতীয় পৰিষদৰ উদ্যোগত গুৱাহাটীৰ ৰাজপথত উলিওৱা হয় প্ৰতিবাদী সমদল ।

মনকৰিবলগীয়া যে, দুটা বছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ হোৱা এই কা' প্ৰত্যাহাৰ দাবী আন্দোলনৰ লগত সংযোজিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ পৰা সামৰিক বাহিনীৰ (বিশেষ ক্ষমতা)আইন প্ৰত্যাহাৰৰ দাবীও(Protest across northeast demanding withdrawal of AFSPA) । যোৱা ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাত সংঘটিত ঘটনাৰ আঁত ধৰি কা' আন্দোলনৰ লগত সংযোজিত কৰা হৈছে আফস্পা প্ৰত্যাহাৰৰ দাবী ।

উল্লেখ্য যে, দেওবাৰৰ দিনটোতো ৰাজ্যত অব্যাহত থাকিব এই প্ৰতিবাদ । দেওবাৰৰ দিনটোত অসম জাতীয় পৰিষদৰ এটা দলে কা' আন্দোলনত নিহত লোক সকলৰ গৃহত উপস্থিত হ'ব‌ বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.