ETV Bharat / bharat

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

author img

By

Published : Dec 11, 2021, 5:18 PM IST

kanyak-tribe-will-take-no-rest-till-afspa-is-there-in-nagaland
AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা !

শান্ত হোৱা নাই নাগা ভূমি ৷ আফস্পা বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় কন্যাক জনতা (Kanyak tribe will take no rest till AFSPA is there) ৷ আফস্পা বাতিলৰ দাবীত নগালেণ্ডৰ টিজিতত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷

মৰাণ, 11 ডিচেম্বৰ : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত নাগালেণ্ডত অব্যাহত আছে প্ৰতিবাদ (Demand to repeal AFPSA) ৷ যোৱা চাৰি ডিচেম্বৰত নাগালেণ্ডৰ ম'ন জিলাৰ অ'টিংবস্তিত সংঘটিত নীৰিহ নগালোকৰ হত্যাকাণ্ড (Oting massacre incident)ৰ পিছতে ৰাজ্যখনত সজোৰে উত্থাপিত হৈছে এই আইন বাতিল কৰাৰ দাবী ৷ এই ঘটনাৰ বাবেই সমগ্ৰ উত্তৰ-পূৱ ভাৰততে এতিয়া সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ বিষয়টোক লৈ সৰৱ হৈছে দল সংগঠন ৷

কেৱল নাগালেণ্ডৰ ৰাইজ তথা মুখ্যমন্ত্ৰীয়ে নহয়, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমা (Conrad Sangma demands withdrwal of AFSPA) , উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন আদিয়ে সজোৰে এই আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে (NESO protest demanding withdrawal of AFSPA) ৷ আফস্পা বাতিল নকৰা পৰ্যন্ত ক্ষান্ত নোহাৱাৰ সিদ্ধান্ত লৈছে নাগালেণ্ডৰ আন-আন লোক সককলৰ দৰেই কন্যাক সকলেও । নিহত সকলৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ জনতাই (Kanyak tribe demands repeal of AFSPA) ।

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা !

শনিবাৰে, 4 ডিচেম্বৰৰ ঘটনাৰ প্ৰতিবাদত ম'ন জিলাৰ টিজিতত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে এই জনগোষ্ঠীৰ জনতাই । উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

টিজিত চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বহু কেইটা সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক'লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ প্ৰতিবাদী জনতাই নগা লোকৰ হত্যাৰ প্ৰতিবাদ কৰে । আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নাগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰিব বুলিও হুংকাৰ দিয়ে । ইফালে, প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে ।

লগতে পঢ়ক : ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈ : পুত্র গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.