ETV Bharat / city

15 ডিচেম্বৰত ৰাজ্যজুৰি "কা" বাতিলৰ দাবীত ধৰ্ণা

author img

By

Published : Dec 11, 2021, 10:50 PM IST

মহামাৰী ক'ৰণাৰ বাবে দেশব্যাপি হোৱা লকডাউনৰ কাৰণে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে স্থগিত ৰাখিছিল কা বিৰোধী আন্দোলন(CAA protest in Assam) ৷ দেশজুৰি স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ হোৱাত পৰিষদে আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

AJYCP announces protests against CAA
15 ডিচেম্বৰত ৰাজ্যজুৰি "কা" বাতিলৰ দাবীত ধৰ্ণা

গুৱাহাটী, 11 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন(citizenship amendment act 2019) চমুকৈ "কা" বাতিলৰ দাবীত পুনৰ সোঁচ্চাৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷ অসাংবিধানিক সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন বাতিল(Citizenship Amendment Act protests)ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে 15 ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি এক ধৰ্ণা কাৰ্যসূচীৰ ঘোষণা কৰিছে ৷

শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে 2019 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ আৱেগ অনুভূতিক আৰু অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰি পাঁচজনকৈ নিৰীহ অসমীয়া যুৱকক হত্যা কৰি অসাংবিধানিক তথা সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন জাপি দিছিল ৷

অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ অসম জুৰি হোৱা ব্যাপক আন্দোলন বিশ্বব্যাপি ত্ৰাস সৃষ্টিকাৰী মহামাৰী ক'ৰণাৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ বাবে বিগত দুটা বছৰ স্তিমিত হৈ পৰিছিল ৷ অন্যহাতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন গৃহীত কৰাৰ পাছত অদ্যপি আইনখন কাৰ্যকৰী কৰা নাই ৷ ইফালে এই অসাংবিধানিক আইনখন বাতিল কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে অসমৰ আন কেইবাটাও দল সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি আইনী যুঁজ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Demand to Repeal AFSPA : ৰাজ্যৰ সৰ্বত্ৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মহামাৰী ক'ৰণাৰ বাবে দেশব্যাপি হোৱা লকডাউনৰ কাৰণে উচ্চতম ন্যায়ালয়তো গোচৰৰ শুনানী স্থগিত ৰাখিছে ৷ সম্প্ৰতি দেশৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱালৈ লক্ষ্য কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী আৰম্ভ কৰিছে ৷ সেই কাৰ্যসূচীৰ অংশস্বৰূপে 15 ডিচেম্বৰত ৰাজ্যজুৰি সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিব ৷

পৰিষদৰ নেতাদ্বয়ে স্পষ্টভাৱে কয় যে, নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" কাৰ্যকৰী কৰাৰ লগে লগে অসমত বিদেশী লোক ভৰি পৰিব আৰু অসমতেই অসমীয়া জাতি ভগনীয়া হ’ব ৷ সেয়েহে প্ৰতিজন অসমবাসী লোকক এই আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায় পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷

লগতে পঢ়ক : Anti CAA movement : কেনেদৰে বাদ পৰি ৰ’ল কা’ আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ নাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.