ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 28, 2022, 12:57 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

Maha Hotel Politics: ৰেডিশ্বন ব্লুৰ বুকিঙৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

গুৱাহাটীৰ হোটেল ৰাজনীতিৰ নতুন মোৰ ৷ ক্ৰমাৎ দৃশ্যপট সলনি হৈছে ৰেডিশ্বন ব্লুত চলি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ হোটেল ৰাজনীতিৰ (Maharashtra Hotel Politics)। পুনৰ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ বুকিঙৰ সমসীমা বৃদ্ধিৰ সম্ভাৱনা (Booking extend in Radisson Blue hotel) ৷

Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

মুম্বাইৰ কুৰ্লাত ভয়ংকৰ অঘটন (Mumbai Building Collapsed) ৷ তাচপাতৰ দৰে খহি পৰিল এটা চাৰিমহলীয়া অট্টালিকা ৷ অট্টালিকা খহি পৰাৰ ফলত ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

পাৰিবাৰিক কন্দলৰ বাবে কলঙত জঁপিয়াই আত্মহত্যাৰ চেষ্টা যুৱকৰ

নগাঁৱত ভয়ংকৰ অঘটন ৷ কলঙত জঁপিয়াই আত্মহত্যাৰ চেষ্টা ৰণি ঘোষ নামৰ এজন যুৱকৰ (Youth attempts to commit suicide) ৷

বোকাজানত ৰেল আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে মহিলা সৰবৰাহকাৰীক

বোকাজানত ৰেল আৰক্ষীৰ সফলতা ৷ এখন যাত্ৰীবাহী ৰেলত তালাচী চলাই বুজন পৰিমানৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিলে ৰেল আৰক্ষীয়ে (Woman arrested with drugs) ৷ বোকাজান ফৰকাটিঙৰ মাজত উজনিমুৱা যাত্ৰীবাহী ৰেলখনৰ বিশেষভাৱে সক্ষম লোকৰ বাবে থকা বিশেষ ডবাটোত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ পৰা ২০ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত মুঠ ২৩২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী (Railway police seized heroin in Bokajan) ।

Man arrested with fake gold: জামুগুৰিহাটত নকল সোণৰ নাওসহ এজন গ্ৰেপ্তাৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দেওবাৰে নিশা আৰক্ষীয়ে ১.৮ কিলোগ্ৰাম ওজনৰ নকল সোণৰ নাওসহ এজন লোকক আটক কৰে (Man arrested with fake gold boat) ৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ ভৰলী চাপৰীৰ পৰা নকল সোণৰ নাওসহ ৰছিদুল হক নামৰ এজন অসাধু ব্যৱসায়ীক আটক কৰে ৷ ধৃত ৰছিদুলৰ ঘৰ লক্ষীমপুৰ জিলাত ৷ ইফালে অভিযানৰ সময়ত আৰক্ষীয়ে AS01 BG 0031 নাম্বাৰৰ এখন স্কৰপিঅ’ বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে ৷

HS Result 2022: এখন বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন (HS Result 2022) ৷ খুচুৰা ব্যৱসায় বিষয়ত 100 শতাংশ নম্বৰ লাভ পৰিকংকনা, পৰিস্মিতা, পাৰমিতা আৰু নিমিকংকনাৰ (100 percent marks in Retail Trade) ৷

কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

বৰষুণেই কাল হ'ল চাৰি যুৱকৰ ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল বাহন (Road accident in Kaziranga) ৷ অকাল মৃত্যুক সাৱটিলে শচীন, লুহিত, ঋষভ আৰু ৰাহুলে (4 died in Road accident) ৷

চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই: মুখ্যমন্ত্ৰী

সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰকাশ(CM Himanta comments on HS Exam result 2022) ৷

বৰলুইতৰ ভয়ংকৰ ৰূপ: পলকতে খহাই নিলে দুমহলীয়া আৰক্ষী থানা

বহ্মপুত্ৰৰ বলিয়া বানৰ লগতে নদীৰ তীব্ৰ সোঁতত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বিস্তীৰ্ণ অঞ্চল । বানৰ সমান্তৰালকৈ নদীৰ পাৰত সৃষ্টি হোৱা খহনীয়াই লৈছে কালৰূপ (Erosion in parallel with floods taken frightening turn) । শেহতীয়াকৈ গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গল বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী চৰ আৰক্ষী থানাৰ এটা দুমহলীয়া অট্টালিকা (Police station washed away in Brahmaputra) । চকুৰ পচাৰতে ব্ৰহ্মপুত্ৰৰ বুকুত খহি পৰিল দুমহলীয়া অট্টালিকাটো ।

প্ৰায় ৭,০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত

এইবাৰ সাহিত্যৰ জগতো পৰিল চাইবাৰ ক্ৰাইমৰ গৰাহত ৷ চাইবাৰ অপৰাধীৰ কবলত পৰিল প্ৰায় 7,000 অসমীয়া গ্ৰন্থ (Assamese book piracy)৷ এনে চাইবাৰ অপৰাধীৰ অন্যতম এজনক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.