ETV Bharat / state

HS Result 2022: এখন বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন

author img

By

Published : Jun 28, 2022, 8:21 AM IST

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন (HS Result 2022) ৷ খুচুৰা ব্যৱসায় বিষয়ত 100 শতাংশ নম্বৰ লাভ পৰিকংকনা, পৰিস্মিতা, পাৰমিতা আৰু নিমিকংকনাৰ (100 percent marks in Retail Trade) ৷

HS Result of govt girls higher secondary at koliabor
কলিয়াবৰৰ এখন চৰকাৰী বিদ্যালয়ৰ সাফল্য

কলিয়াবৰ, 28 জুন: একাগ্ৰতা আৰু সাধনা থাকিলে মানুহে কি কৰিব নোৱাৰে ? তাৰেই যেন এক উদাহৰণ দাঙি ধৰিলে কলিয়াবৰৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৷ সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত (HS Result 2022) কলিয়াবৰৰ চাৰিগৰাকী ছাত্ৰী ক্ৰমে পৰিকংকনা বৰা, পৰিস্মিতা বৰা, পাৰমিতা বৰঠাকুৰ আৰু নিমিকংকনা মুক্তিয়াৰে খুচুৰা ব্যৱসায় বিষয়ত 100% নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ কঢ়িয়াই আনে গৌৱৰ (100 percent marks in Retail Trade) ৷

ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ নিয়মীয়া শিক্ষক নথকাকে ধৰি বিভিন্ন আনুসঙ্গিক সমস্যা তথা দুৰ্দিনৰ মাজতে পূৰ্বৰ দৰে এইবাৰো কলিয়াবৰৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে দেখুৱালে এক সন্তোষজনক ফলাফল ৷ বিদ্যালয়খনৰ 99,17 শতাংশ শিক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে এইবাৰৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৷

কলিয়াবৰৰ এখন চৰকাৰী বিদ্যালয়ৰ সাফল্য

পৰীক্ষাত অৱতীৰ্ণ হোৱা 121 গৰাকী ছাত্ৰীৰ 120 গৰাকীয়েই পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত এক আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হয় ৷ ইয়াৰে 55 গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত ৷

বিদ্যালয়খনত বহুকেইটা বিষয়ৰ বিপৰীতে নিয়মীয়া শিক্ষক নথকাৰ পাছতো বিদ্যালয়খনে এক সন্তুষজনক ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিলে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ৷ শিক্ষাৰ্থীৰ একাগ্ৰতা আৰু শিক্ষাগুৰুৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই শিক্ষানুষ্ঠানখনে কঢ়িয়াই অনা এই সুনামৰ বাবে গৌৰৱান্বিত বিদ্যালয়ৰ অধ্যক্ষগৰাকী ৷

উল্লেখ্য যে এদিন পূৰ্বে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলৰ বিজ্ঞান শাখাত ৯২.১৯%, কলা শাখাত ৮৩.৪৮% আৰু বাণিজ্য শাখাত ৮৭.২৭% শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে (Pass percentage of HS result 2022)। বিগত দহ বছৰৰ ভিতৰত এই বৰ্ষৰ ফলাফল যথেষ্ট সন্তুষজনক বুলি উল্লেখ কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister of Assam)।

লগতে পঢ়ক: ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.