ETV Bharat / state

ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

author img

By

Published : Jun 27, 2022, 3:39 PM IST

Updated : Jun 27, 2022, 4:23 PM IST

সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ সুখী বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education minister of Assam) ৷ বিগত 10 বছৰৰ ভিতৰত এই বৰ্ষৰ ফলাফল উন্নত বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ আনহাত মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰিয়েই নিৰ্দিষ্ট কাট্ অব্ মাৰ্কৰ ভিত্তিত স্কুটী প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিলে ডাঃ পেগুৱে ৷

Education minister of Assam
ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

গুৱাহাটী, ২৭ জুন: ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল বিগত দহ বছৰৰ ভিতৰত উন্নত বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister of Assam)। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, মই আজিৰ ফলাফলক লৈ সুখী (Assam HS result 2022) ।

সোমবাৰে ঘোষিত ফলাফলৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯২.১৯%, কলা শাখাত ৮৩.৪৮% আৰু বাণিজ্য শাখাত ৮৭.২৭% (Pass percentage of HS result 2022)। এই ভাল ফলাফলৰ ধাৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম ৷ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰী কলা শাখাতে থাকে ।

ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

বিজ্ঞান শাখাৰ পৰীক্ষাত মুঠ ৩৩,৫৩৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । তাৰ ভিতৰত ৬০% প্ৰথম বিভাগ, ৩০% দ্বিতীয় বিভাগ আৰু ২.৭% তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । বাণিজ্য শাখাত ১৫,১৯৯ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে । তাৰ ভিতৰত ৩৩% প্ৰথম বিভাগ, ৩৪% দ্বিতীয় বিভাগ আৰু ২০ % তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । কলা শাখাত ১৫৬১০৭ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ তাৰ ভিতৰত প্ৰথম বিভাগত ১৮.৮% দ্বিতীয় বিভাগত ৩৩.৯% আৰু তৃতীয় বিভাগত ৩০.৬৭ % উত্তীৰ্ণ হৈছে ।

ছাত্ৰী-ছাত্ৰীসকলক বিজ্ঞান আৰু বাণিজ্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়াৰ সাহস কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীয়ে । আনহাতে তেওঁ কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰ্দিষ্ট কিছুমান দায়িত্ব আছে সেইখিনি পালন কৰিব লাগে । নিৰ্দিষ্ট পাঠ্যক্ৰমৰ পাঠদান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে (Education minister Dr Ranoj Pegu)৷

আনহাতে গৰম বন্ধৰ দিন কেইটাতে বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম সেইসমূহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বেছি ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়লৈ বদলি কৰা হ'ব ।

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা পূৰ্বৰ দৰেই ভৱিষ্যতে অনুষ্ঠিত হৈ থাকিব বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, দশম শ্ৰেণীৰ পৰীক্ষাটো এটা পৰম্পৰা, গতিকে দশম শ্ৰেণীৰ পৰীক্ষা থাকিব আৰু দহটা স্থান থাকিব বুলি মন্তব্য কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উৎসাহ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত গুৰুত্বসহকাৰে অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৷ ভাল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল কৰাসকলক নিৰ্দিষ্ট কাট্ অব্ মাৰ্কৰ ভিত্তিত স্কুটী প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Scooty to HS passed student) ৷

লগতে পঢ়ক: HS Exam result 2022: কলা শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী

Last Updated :Jun 27, 2022, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.