ETV Bharat / state

প্ৰায় ৭,০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত

author img

By

Published : Jun 27, 2022, 10:14 PM IST

এইবাৰ সাহিত্যৰ জগতো পৰিল চাইবাৰ ক্ৰাইমৰ গৰাহত ৷ চাইবাৰ অপৰাধীৰ কবলত পৰিল প্ৰায় 7,000 অসমীয়া গ্ৰন্থ (Assamese book piracy)৷ এনে চাইবাৰ অপৰাধীৰ অন্যতম এজনক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Assamese book piracy
প্ৰায় ৭০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত

গুৱাহাটী, ২৮ জুন: সাৱধান । এইবাৰ অসমৰ সাহিত্য জগতত প্ৰৱেশ কৰিছে চাইবাৰ অপৰাধীয়ে (Violation of book copyright)। অসমৰ বহুকেইগৰাকী স্বনামধন্য সাহিত্যিকৰ গ্ৰন্থ এতিয়া চাইবাৰ অপৰাধীৰ গ্ৰাসত পৰিছে । আশ্চৰ্যজনক কথা এই যে, এখন দুখন গ্ৰন্থ নহয় প্ৰায় বিভিন্ন লেখকৰ প্ৰায় ৭০০০ অসমীয়া গ্ৰন্থ এতিয়া চাইবাৰ অপৰাধীৰ কবলত (Cyber crime in Assam) ।

প্ৰায় ৭০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত

এনে ভয়ানক তথ্য পোহৰলৈ অহাৰ পছত চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে মহানগৰীৰ পানবজাৰ আৰক্ষী থানাত অসম প্ৰকাশন পৰিষদ(Assam Prakashan Parishad) আৰু বিক্ৰেতা সংস্থাই দিয়া গোচৰৰ ভিত্তিত সোমবাৰে তিনিচুকীয়াৰ ঔগুৰিৰ পৰা আৰক্ষীয়ে আটক কৰিছে এজন চাইবাৰ অপৰাধীক । ধৃত চাইবাৰ অপৰাধীজন হৈছে মন্টু ডেকা ।

জানিব পৰা মতে ধৃত যুৱকজনে প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ৰীতা চৌধুৰী (Novelist Rita Chowdhury) , অনুৰাধা শৰ্মা পূজাৰী(Anuradha Sharma Pujari) আদিকে ধৰি অসমৰ বিভিন্ন লেখকৰ ৫,০০০ তকৈ অধিক গ্ৰন্থ কপি কৰি বিনামূলীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল । ধৃত যুৱকজনে অনুমতি অবিহনে গ্ৰন্থসমূহৰ PDF ফাইল বনাই প্ৰচাৰ কৰিছিল (Assamese book PDF file)। এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ যুৱকজনক পূৰ্বে সকীয়াই দিছিল প্ৰকাশন পৰিষদে । কিন্তু প্ৰকাশন পৰিষদৰ সেই সকীয়নীক কেৰেপ কৰা নাছিল মন্টু ডেকাই ।

অৱশেষত ধৃত যুৱকজনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় অসম প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সংস্থা । পানবজাৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 66 copyright Act.1957 আৰু 66 IT ACT. ৰ আধাৰত তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক । এই যুৱকজনৰ লগত আন কোনো সাহিত্যৰ চাইবাৰ অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: ৰঙিয়াত দুই কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.