ETV Bharat / state

চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই: মুখ্যমন্ত্ৰী

author img

By

Published : Jun 27, 2022, 7:33 PM IST

সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰকাশ(CM Himanta comments on HS Exam result 2022) ৷

cm-himanta-comments-on-hs-exam-result-2022
চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বয়ে: মুখ্যমন্ত্ৰী

গুৱাহাটী, 27 জুন : সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) । ঘোষিত ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৮ শতাংশ (percentage of Arts stream 83.48), বিজ্ঞান শাখাত ৯২.১৯ শতাংশ (Science stream percentage 92.19) আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.২৭ শতাংশ (Commerce stream percentage 87.27) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ ১,৫৬,১০৭ গৰাকী, বাণিজ্য শাখাত ১৫,১৯৯ গৰাকী আৰু বিজ্ঞান শাখাত ৩৩,৫৩৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।

ইফালে, ছাত্ৰ-ছাত্ৰীৰ এই ফলাফলক লৈ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta comments on HS Exam result 2022) ৷ শক্তিপীঠ কামাখ্যা দৰ্শন কৰি সংবাদমাধ্যমৰ আগত তেওঁ কয় যে, চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই, কিয়নো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ তুলনাত বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত কম ৷

লগতে তেওঁলোকৰ এটা নিজস্ব ধাৰা আছে ৷ দিল্লী, মুম্বাই সকলোতে ব্যক্তিগত বিদ্যালয়ৰ ফলাফল ভাল হয় বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Chief Minister of Assam) ৷ আনহাতে, তেওঁ উচ্চতৰ মাধ্যমিকৰ সকলো পৰীক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকক নিজৰ ভৱিষ্যৎ গঢ় দিয়াৰ প্ৰতি সদায় যত্নপৰ হৈ থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত আশানুৰূপ ফলাফলত ব্যৰ্থ গুৱাহাটীৰ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.