ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jan 1, 2023, 11:00 AM IST

top-10-at-11-am
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Terrorists killed by Pak Army : পাকিস্তানী সেনাৰ অভিযানত নিহত 4 সন্ত্ৰাসবাদী

উত্তৰ ৱাজিৰিস্তানৰ সীমান্তৱৰ্তী বান্নু জিলাৰ জানিখেলত পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা । এই গুলীচালনাত নিহত হয় 4 টাকৈ নিষিদ্ধ সংগঠনৰ সদস্য (4 militants killed in north Waziristan)। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পাকিস্তানী সেনাই চলাইছিল সামৰিক অভিযান ।

Sunrise in Guwahati: উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে নৱবৰ্ষৰ ন-সূৰুযে

পোৱা-নোপোৱা, শোক-বিষাদৰ মাজেৰে পাৰ হৈ গ’ল 2022 ৷ উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে ন-সূৰুযে ৷ আৰম্ভ হ’ল এটা নতুন বছৰ "2023" ৷ সকলোৱে মংগল কামনাৰে আৰাধ্য দেৱতাৰ ওচৰত প্ৰজ্বলন কৰিবলৈ আহিছে এগছি বন্তি ৷ মনত আশা বান্ধিছে সকলোৱে দিনবোৰ যেন সুখময় হয় ৷ স্বাগতম নৱবৰ্ষ 2023 (New Year 2022) ৷

Daragaon Tourist Place: দাৰাগাঁৱৰ বনভোজথলীত আগমন ঘটিছে অসংখ্য লোকৰ

দাৰাগাঁৱৰ বনভোজথলীত প্ৰতি বছৰৰ দৰে এইবাৰো ব্যাপক সমাগম পৰিলক্ষিত হৈছে (Daragaon Tourist Place) ৷ লগে ভাগে এসাজ খাবলৈ দাৰাগাঁও বনভোজথলীত উপস্থিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ৷

Drugs worth Rs 1 cr seized: 1 কোটি টকাৰ ড্ৰাগছসহ 16 জন নাইজেৰিয়ানক আটক

মহাৰাষ্ট্ৰত নাইজেৰিয়ান ড্ৰাগছ সৰবৰাহকাৰীৰ দপদপনি ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত মহাৰাষ্ট্ৰৰ নৱী মুম্বাই চহৰৰ এটা বাসগৃহৰ পৰা 1 কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছসহ 16 নাইজেৰিয়ান নাগৰিকক (Nigerians held in Navi Mumbai) গ্ৰেপ্তাৰ কৰে ৷

Assam District Remerged: তামুলপুৰৰ জিলা মৰ্যাদা বাতিলকৰণত অসন্তুষ্ট দল-সংগঠন

তামুলপুৰক পৃথক জিলা হিচাপে ঘোষণা কৰাৰ এবছৰ নৌহওঁতেই ৰাজ্য চৰকাৰে জিলা হিচাপে বাতিল কৰে (Assam District Remerged) ৷ বাক্সা জিলাৰ পৰা তামুলপুৰক পৃথক জিলা হিচাপে ঘোষণা কৰাত তামুলপুৰবাসীয়ে যি আনন্দ-উল্লাস কৰিছিল হঠাৎ শনিবাৰে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তই চেঁচাপানী ঢালি দিলে (Announcement of Tamulpur as a district) ৷ ৰাজ্য চৰকাৰৰ কেবিনেটত নতুনকৈ গঠন কৰা জিলাসমুহৰ লগতে তামুলপুৰ জিলাখনো বাতিল হোৱা খবৰটোত নতুন বছৰৰ প্ৰাকক্ষণত জিলাখনৰ ৰাইজৰ উৎসাহ উদ্দীপনা ম্লান কৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত তামুলপুৰৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে (Tamulpur become sub division) ৷

2022 Last sunset view: ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যাস্তৰ নান্দনিক দৃশ্য

পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে(New year 2023) । মাজুলীত ব্ৰহ্মপুত্ৰ পাৰত ২০২২ বৰ্ষৰ অন্তিমটো সূৰ্যাস্ত(2022 last sunset) ৷ কেমেৰাত বন্দী হৈ ৰ’ল সূৰ্যাস্তৰ নান্দনিক দৃশ্য ৷ মাজুলীত শনিবাৰৰ বিয়লি ব্ৰহ্মপুত্ৰ পাৰৰ সূৰ্যাস্তৰ সেই নান্দনিক দৃশ্যই মোহিত কৰিব আপোনাকো(Last sunset in Majuli) ৷

Assam District Remerged: বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ দাবী আছুৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত শনিবাৰে এক সংবাদমেলৰ জৰিয়তে বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Assam Cabinet in Delhi) ৷ বিশ্বনাথত বিভিন্ন দল সংগঠনে বিশ্বনাথ জিলা বাহাল গঠন কৰিবলৈ ৰাজপথত তীব্ৰ আন্দোলন কৰিছিল ৷ যাৰ ফলতেই সেই সময়ত শাসনাধিস্থ কংগ্ৰেছ চৰকাৰ তথা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৫ চনৰ ১৫ আগষ্টত বিশ্বনাথক জিলাৰ মৰ্যদা প্ৰদান কৰিছিল । কিন্তু ইয়াৰ পাছত আজি মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ জিলা নাথাকিব(Assam District Remerged) বুলি ঘোষণা কৰাৰ পিচতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁলোকে বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ বাবে চৰকাৰক আহ্বান জনায় ।

Assam Sports Flash Back 2022 : প্ৰতিভাৰ উন্মেষত অসম ক্ৰীড়াৰ উত্তৰণৰ এটা বছৰ

২০২২ বৰ্ষ । চাওঁতে চাওঁতে সময়ৰ বুকুত বাগৰিল আৰু এটা বছৰ । ইতিহাস হ'ল আৰু এটা সময়ৰ পৰিমাপ । বিভিন্ন উত্থান-পতনৰ মাজেৰে পাৰ হৈছে ২০২২ বৰ্ষটো । অসমৰ ক্ৰীড়া ক্ষেত্ৰতো ২০২২ বৰ্ষটো হৈছে এক অন্যতম উল্লেখযোগ্য বৰ্ষ । ক্ৰীড়া ইতিহাসৰ পৃষ্ঠাত স্বৰ্ণিল ইতিহাস ৰচিত হোৱা এটা বছৰ হৈছে ২০২২ বৰ্ষ । অসমৰ ক্ৰীড়া ইতিহাসত এক যুগান্তকাৰী ইতিহাস ৰচিত হোৱা এটা বছৰ হৈছে ২০২২ বৰ্ষ । এবাৰ উভতি চাওঁ আহক ২০২২ বৰ্ষত অসমৰ ক্ৰীড়া ইতিহাসত কি কি উল্লেখযোগ্য ঘটনা সংঘটিত হ'ল (Assam Sports Flash Back 2022) ।

Controversies on 2022: 2022 বৰ্ষত কেইবাটাও বিষয়ে সূত্ৰপাত ঘটাইছিল বিতৰ্কৰ

2022 বৰ্ষ যাও যাও ৷ বিদায়ী বৰ্ষটোত কেইবাটাও বিতৰ্কিত বিষয়ে সমাজ-ৰাজনৈতিক জীৱনত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছিল (Controversial remark and subject of 2022) ৷ বছৰটোৰ বিদায় দিয়াৰ সময়ত আহক এবাৰ ফঁহিয়াই চাওঁ 2022 বৰ্ষত সংবাদ শিৰোনাম দখল কৰা বিতৰ্কিত কেইটামান বিষয়...

Assam District Remerges: কেবিনেটৰ সিদ্ধান্ত অসমবাসীৰ বাবে চূড়ান্ত অপমান: দেৱব্ৰত শইকীয়া

দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে(Assam cabinet meeting in Delhi) অসমৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ(Assam four district remerges) সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ৰাজ্যিক কেবিনেটৰ(Assam cabinet decision) এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Debabrata Saikia) ৷ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত কেৱল বিজেপি দলৰ ৰাজনৈতিক আশা-আকাংক্ষা পূৰণৰ বাবেহে গ্ৰহণ কৰা বুলি মন্তব্য বিৰোধী দলপতিগৰাকীৰ ৷ লগতে দেৱব্ৰত শইকীয়াই কয়, ‘‘কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত অসমবাসী ৰাইজৰ বাবে চূড়ান্ত অপমান৷ ৷’’ ভাৰতীয় জনতা পাৰ্টী নাগপুৰৰ কথা মতে উঠা বহা কৰে বুলিও সমালোচনা বিৰোধী দলপতিগৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.