ETV Bharat / state

Assam Sports Flash Back 2022 : প্ৰতিভাৰ উন্মেষত অসম ক্ৰীড়াৰ উত্তৰণৰ এটা বছৰ

author img

By

Published : Dec 31, 2022, 8:26 PM IST

Updated : Dec 31, 2022, 9:56 PM IST

Etv Bharat
এলভিছ আলী হাজৰিকা

২০২২ বৰ্ষ । চাওঁতে চাওঁতে সময়ৰ বুকুত বাগৰিল আৰু এটা বছৰ । ইতিহাস হ'ল আৰু এটা সময়ৰ পৰিমাপ । বিভিন্ন উত্থান-পতনৰ মাজেৰে পাৰ হৈছে ২০২২ বৰ্ষটো । অসমৰ ক্ৰীড়া ক্ষেত্ৰতো ২০২২ বৰ্ষটো হৈছে এক অন্যতম উল্লেখযোগ্য বৰ্ষ । ক্ৰীড়া ইতিহাসৰ পৃষ্ঠাত স্বৰ্ণিল ইতিহাস ৰচিত হোৱা এটা বছৰ হৈছে ২০২২ বৰ্ষ । অসমৰ ক্ৰীড়া ইতিহাসত এক যুগান্তকাৰী ইতিহাস ৰচিত হোৱা এটা বছৰ হৈছে ২০২২ বৰ্ষ । এবাৰ উভতি চাওঁ আহক ২০২২ বৰ্ষত অসমৰ ক্ৰীড়া ইতিহাসত কি কি উল্লেখযোগ্য ঘটনা সংঘটিত হ'ল (Assam Sports Flash Back 2022) ।

নয়নমণি শইকীয়াৰ অভিলেখ : ৰাজ্যখনৰ বছৰটোৰ গুৰুত্বপূৰ্ণ ক্ৰীড়া পৰিঘটনা হিচাপে ইতিহাসে সদায় স্মৰণ কৰিব নয়নমণি শইকীয়াৰ নাম । গোলাঘাট জিলাৰ সৰুপথাৰৰ বোৱাৰী নয়নমণি শইকীয়াই বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২০-ৰ লনবলছত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় (Nayanmoni Saikia gold medal in CW games 2022) ।

Assam Sports Flash Back
নয়নমণি শইকীয়া

দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল নয়নমণি শইকীয়া । নয়নমণি শইকীয়াৰ এই সফলতাত অসম চৰকাৰে তেওঁলৈ আগবঢ়ায় অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদ । আনহাতে, ইতিহাস সৃষ্টিকাৰী ভাৰতীয় দলটোৰ অন্যতম সদস্য নয়নমণি শইকীয়াক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে ।

লাভলীনা বৰগোঁহাইলৈ খেলৰত্ন বঁটা : অসমৰ অলিম্পিক ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰা বক্সাৰ লাভলীনা বৰগোঁহায়ে নিজৰ জয়যাত্ৰা এই বছৰটোতো অব্যাহত ৰাখে (Lovlina Borgohain Khel Ratna) । ৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ পদক জয়েৰে বছৰটো সামৰে লাভলীনা বৰগোঁহায়ে । মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিঙত ৭৫ কেজি শাখাত লাভলীনাই স্বৰ্ণ পদক অৰ্জন কৰে । অৱশ্যে কমনৱেলথ গেমছত পদক বুটলিব নোৱাৰিলেও গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলিনা বৰগোঁহায়ে মহিলাৰ ৱেল্টাৰৱেইটৰ ৭০-৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জৰ্ণ কৰিবলৈ সক্ষম হয় ।

Assam Sports Flash Back
লাভলীনা বৰগোঁহাই

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁয়ে হাৰিয়ানাৰ স্বীতি বুৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে (Lovlina Borgohain wins gold medal at National Game) ৷ আনহাতে, অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত লাভলীনাক ভাৰত চৰকাৰৰ অন্যতম ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা প্ৰদান কৰা হয় । ইয়াৰ উপৰি অসম চৰকাৰেও লাভলীনাৰ এই কৃতকাৰ্যতাৰ চিন স্বৰূপে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত কৰায় । গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ জীয়াৰী লাভলীনা বৰগোঁহাইৰ এই কৃতিত্ব অসমৰ ক্ৰীড়া ইতিহাসৰ পৃষ্ঠাত সদায় জিলিকি থাকিব ।

কমনৱেলথ কাৰাটেত সূৰয-নিছাদৰ ৰূপ-ব্ৰঞ্জৰ পদক : ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি অসমৰ সূৰয কোঁৱৰে ৫৭ কেজি কুমিটে শাখাত ৰূপৰ পদক লাভ কৰে (Suraj Konwar of Assam got silver medal) ৷ আনহাতে, বৰপেটাৰ নিছাদ আলীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে (Nisad Ali got bronze medal in Commonwealth karate) ৷ ৭ আৰু ৮ ছেপ্টেম্বৰত ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নিছাদ আলীয়ে ৭৫ কেজি কুমিটে ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ৷

অম্লান বৰগোঁহাই দেশৰ দ্ৰুততম পুৰুষ : ২০২২ বৰ্ষৰ দেশৰ দ্ৰুততম পুৰুষৰ সন্মান অৰ্জন কৰে অসমৰ অম্লান বৰগোঁহায়ে । ২০২২ বৰ্ষৰ গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত পুৰুষৰ ১০০ মিটাৰ দৌৰত অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ পদক দখল কৰি ইতিহাস সৃষ্টি কৰে । এয়া হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অভিলেখ (Amlan Borgohain national record) । উক্ত প্ৰতিযোগিতাৰ ২০০ মিটাৰ দৌৰতো ২০.৫৫ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি সোণৰ পদক অৰ্জন কৰে অম্লানে । জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্রীড়াতে সোণৰ পদক অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হয় অম্লান বৰগোঁহাই ।

হিমা দাসৰ বাবে নাছিল সন্তোষজনক বৰ্ষ : ধিং এক্সপ্ৰেছ হিমা দাসৰ বাবে ২০২২ বৰ্ষটো সিমান এটা সন্তোষজনক বৰ্ষ নাছিল । গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত ২০০ মিটাৰ দৌৰত হিমা দাসে লাভ কৰে ৰূপৰ পদক (DSP to Hima Das) । তেওঁ ২৩.৬১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে ।

Assam Sports Flash Back
হিমা দাস

অৱশ্যে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও কমনৱেলথ গেমছত হিমা দাসৰ ওপৰত সকলোৰে প্ৰত্যাশা আছিল । কিন্তু বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ২০০ মিটাৰ দৌৰত ছেমি ফাইনেলতে থমকি ৰয় হিমা দাস । অৱশ্যে অৰ্জুন বঁটাৰে সন্মানিত হিমা দাসক অসম চৰকাৰে তেওঁৰ ক্ৰীড়া প্ৰতিভাৰ বাবে উপ আৰক্ষী অধীক্ষকৰ পদেৰে সন্মানিত কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত অংকুশিতা বড়োৰ স্বৰ্ণ পদক : গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২-ত অসম কন্যা অংকুশিতা বড়োৱে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয় । অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত মণিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে (Ankushita Boro wins gold medal at National Game) ৷ আনহাতে, ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিঙত অংকুশিতাই ৬৩ কেজি শাখাত ৰূপৰ পদক লাভ কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দলগতভাৱে তৃতীয় স্থান দখল : গুজৰাটত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলে উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়ায় (National Games 2022 । উক্ত প্ৰতিযোগিতাত অসমৰ দলটোৱে ৯ টা স্বৰ্ণ, ১০ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জেৰে মুঠ ২৮ টা পদক লাভ কৰি পদক তালিকাত তৃতীয় স্থান দখল কৰে । উক্ত প্ৰতিযোগিতাত অম্লান বৰগোঁহাইৰ দুটা স্বৰ্ণ পদকৰ উপৰি পেয়াৰ লনবলছত মৃদুল বৰা আৰু ৰুপটো গগৈ, ট্ৰিপল লনবলছত আনন্দ কুমাৰ নাৰ্জাৰী, পুতুল সোণোৱাল আৰু মৃদুল বৰগোঁহাই, পেয়াৰ লনবলছত অসমৰ মহিলা দল, মহিলাৰ সাঁতোৰৰ ১০০ মিটাৰ বাটাৰফ্লাইত আস্থা চৌধুৰী, মহিলা সাঁতোৰৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত শিবাংগী শৰ্মা, বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাই আৰু বক্সিঙৰ ৬৬ কেজি শাখাত অংকুশিতা বড়োৱে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।

এলভিছ আলী হাজৰিকাৰ অনন্য অভিলেখ : ২০২২ বৰ্ষত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অসমবাসীক এক অনন্য গৌৰৱৰ অধিকাৰী কৰে । নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়াৰ অভিলেখ সৃষ্টি কৰে এলভিছ আলী হাজৰিকাই ।

Assam Sports Flash Back
এলভিছ আলী হাজৰিকা

১৪ ঘণ্টা ৩৮ মিনিটত উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ মুঠ ২০০ কিলোমিটাৰ দৈৰ্ঘ্য সাঁতুৰি অভিলেখ ৰচে এলভিছ আলী হাজৰিকাই ।

ৰাষ্ট্ৰীয় শ্বুটিঙত হৃদয় হাজৰিকাৰ ৰূপৰ পদক : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ শ্বুটাৰ অসম সন্তান হৃদয় হাজৰিকাই (Shooter Hriday Hazarika) কেৰালাত অনুষ্ঠিত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত (65th National Shooting Championship) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

অসম সন্তান হেদায়েত আলীৰ এভাৰেষ্ট জয় : আমেৰিকা নিবাসী অসম সন্তান হেদায়েত আলীয়ে 12 মে'ৰ পুৱা বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে (Assam origin Hedayet Ali climbs mount everest) । বৰ্তমান আমেৰিকাৰ কেলিফোৰ্ণিয়া চহৰ নিবাসী হেদায়েত আলীৰ ঘৰ কামৰূপ জিলাৰ হাজোত ।

উচ্চ শিক্ষিত হেদায়েত আলীয়ে বহু বছৰৰ পৰাই কৰ্মসূত্ৰে কেলিফোৰ্ণিয়া চহৰত আছে । যোৱা এপ্ৰিল মাহৰ ৯ তাৰিখে এভাৰেষ্টলৈ যাত্ৰা আৰম্ভ কৰিছিল হেদায়েত আলীয়ে । 12 মে'ৰ পুৱা ভাৰতীয় সময় মতে ৭.৩০ বজাত তেওঁ মাউণ্ট এভাৰেষ্টত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় । উল্লেখ্য যে ২০১৩ চনৰ মে' মাহৰ ১৮ তাৰিখে অসমৰ তৰুণ শইকীয়াই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি বিশ্বৰ সৰ্বোচ্চ শৃংগটোত আৰোহণ কৰা (World's highest peak Mount Everest) প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিল ।

হিমস্খলনত মৃত্যু পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ : ২০২২ বৰ্ষটোত অসমৰ ক্ৰীড়া জগতত এক শোকাৱহ ঘটনাও সংঘটিত হয় । উত্তৰাখণ্ডৰ উত্তৰকাশীৰ হিমস্খলনত আবদ্ধ হৈ তৰুণ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ শোকাৱহভাৱে মৃত্যু হয় । যোৱা 4 অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত হিমস্খলনত আবদ্ধ হৈ পৰিছিল দীপশিখা হাজৰিকা । পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Body recovered of Deepshikha Hazarika) ৷ দীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত ।

উল্লেখ্য, উত্তৰাখণ্ডত সংঘটিত উক্ত ভয়াৱহ হিমস্খলনত পতিত পৰ্বতাৰোহীকেইগৰাকী উত্তৰ কাশীৰ নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল । প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭ জনীয়া প্ৰশিক্ষকৰ দলটো উভতি আহোঁতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ।

বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল : বিশ্বৰ বুকুত জিলিকিল সৰুৰে পৰা শৰীৰচর্চাৰ প্ৰতি আকৰ্ষিত নগাঁৱৰ যুৱক চৰিফুল শইকীয়া (Bodybuilder Sariful Saikia) ৷ মিষ্টাৰ ইণ্ডিয়া বিজয়ী চৰিফুলে লাভ কৰে মিষ্টাৰ ৱৰ্ল্ড ৰানাৰ্ছ আপ খিতাপ (Mr world runners up)। ইণ্ডোনেছিয়াৰ লোম্বকত অনুষ্ঠিত মিষ্টাৰ বৰ্ল্ডত ৰানাৰ্ছ আপ খিতাপ অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে চৰিফুলে (WFF World Championships) । উল্লেখ্য যে ইণ্ডোনেছিয়াত অনুষ্ঠিত মিষ্টাৰ ৱৰ্ল্ডত (Mr world competition in Indonesia) বিশ্বৰ ৩৫ খন দেশৰ মুঠ ৩৪৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । বিশ্বৰ ৩৪৭ গৰাকী খেলুৱৈৰ মাজৰ পৰা মিষ্টাৰ বৰ্ল্ড ৰানাৰ্ছ আপ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় নগাঁৱৰ শৰীৰচর্চাবিদ চৰিফুল শইকীয়াই ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডত প্ৰথমগৰাকী অসমীয়া : ভাৰতীয় ক্ৰিকেটৰ প্ৰশাসনীয় সমিতিত প্ৰথবাৰৰ বাবে গুৰুত্বপূৰ্ণ পদবী লাভ এগৰাকী অসমীয়াৰ । বিচিচিআই বা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডৰ ২০২২ বৰ্ষত নিৰ্বাচিত নতুন সমিতিত যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় দেৱজিৎ লন শইকীয়া । অসম ক্ৰিকেট সন্থাৰ (Secretary of Assam Cricket Association) সম্পাদক দেৱজিৎ লন শইকীয়া বিচিচিআইৰ (Debajit Saikia elected as Joint Secretary of BCCI) যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।

ভাৰতীয় মহিলা ক্ৰিকেট দললৈ অসমৰ জিণ্টিমণি কলিতা : 2022 বৰ্ষত ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰে অসমৰ মঙলদৈৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই (Assam girl selected for Indian women cricket team) । জিণ্টিমণি কলিতাই ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডে (BCCI) অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত ভাৰতৰ উপৰি ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা দলেও অংশগ্ৰহণ কৰে । জিণ্টিমণি ভাৰতীয় 'এ' দলটোলৈ নিৰ্বাচিত হয় । উল্লেখ্যে যে মঙলদৈ শান্তিপুৰ নিবাসী নকুল কলিতা আৰু শেৱালি কলিতাৰ সন্তান জিণ্টিমণি কলিতা । মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী জিণ্টিমণি কলিতা ।

ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি পদত পুনৰ হিমন্ত বিশ্ব শৰ্মা : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি পদত পুনৰবাৰ নিৰ্বাচিত হয় । যোৱা ২৫ মাৰ্চত হিমন্ত বিশ্ব শৰ্মা বেডমিণ্টন এছোচিয়েচন অব ইণ্ডিয়াৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।

আই পি এলত ৰিয়ান পৰাগ : ২০২২ বৰ্ষত অনুষ্ঠিত আই পি এল নিলামত ২০২৩-২৪ বৰ্ষৰ আইপিএলৰ বাবে ৰিয়ান পৰাগ পুনৰবাৰ ৰাজস্থান ৰয়েলছত । ৩.৮০ কোটি টকাত ২০২৩-২৪ বৰ্ষৰ আই পি এলৰ বাবে ৰিয়ান ৰাজস্থান দলত চুক্তিবদ্ধ হয় ।

আই পিএল নিলামত আন এগৰাকী অসম সন্তান : ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থকাৰ সময়তে পুনৰ আন এক সুখবৰ অসমলৈ । এইবাৰৰ আই পি এল নিলামত নাম সন্নিৱিষ্ট হয় ডিব্ৰুগড়ৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ মুখতাৰ হুছেইনৰ (Mukhtar Hussain in IPL team) । ২৩ বছৰীয়া বলাৰজনৰ বাবে ২০২৩ বৰ্ষৰ আই পি এল নিলামৰ বাবে প্ৰাৰম্ভিক মূল্য ২০ লাখ টকা নিৰ্ধাৰণ কৰা হয় । অৱশ্যে বাতৰি যুগুতোৱা সময়লৈকে মুখতাৰক কোনো দলে চুক্তিবদ্ধ কৰোৱা নাই ।

বৰ্ষাপাৰাত আন্তৰাষ্ট্ৰীয় টি২০ : ২০২২ বৰ্ষত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় এখন আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । অক্টোবৰৰ ২ তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি২০ শৃংখলাৰ দ্বিতীয়খন মেচ । উক্ত মেচত ভাৰতে বিজয় সাব্যস্ত কৰে । আনহাতে, ২০২৩ বৰ্ষত শ্ৰীলংকাৰ ভাৰত ভ্ৰমণৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ জানুৱাৰীৰ ১০ তাৰিখে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে ।

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক যমুনা বড়োৰ : ৰাছিয়াৰ উলান উডত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০২২-ত দেশ তথা অসমৰ হৈ সুনাম অৰ্জন কৰে ঢেকীয়াজুলিৰ যমুনা বড়োৱে ৷ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অভিষেক মেচতেই ব্ৰঞ্জৰ পদক লাভ কৰে যমুনা বড়োৱে ৷ চাইনিজ টাইপেইৰ খেলুৱৈৰ হাতত অৱশ্যে ছেমি ফাইনেলত পৰাজয়বৰণ কৰে অসম কন্যা যমুনা বড়োৱে ৷ 54 কিলোগ্ৰাম শাখাত 5-0 ব্যৱধানত পৰাস্ত হ'লেও ব্ৰঞ্জৰ পদক লৈ উভতে যমুনা বড়ো ।

অসম চৰকাৰৰ ক্ৰীড়া ক্ষেত্ৰলৈ ১০০০ কোটি : ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ১০০০ কোটি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বড়াই যোৱা ৩১ মে'ত এইকথা ঘোষণা কৰে । ইয়াৰ অধীনত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্প হাতত লৈছে । উক্ত প্ৰকল্পৰ অধীনত জিলা পৰ্যায়ত অতিকমেও ১০ টা ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ লক্ষ্য লৈছে অসম চৰকাৰে । ইয়াৰে প্ৰতিটো ক্ৰীড়া প্ৰকল্পৰ বাবে নিৰ্মাণ ব্যয় অতিকমেও ৫০ কোটিকৈ ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক :Controversial Comments 2022: ২০২২ বৰ্ষৰ কেইটামান বিতৰ্কিত মন্তব্য

Last Updated :Dec 31, 2022, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.