ETV Bharat / bharat

Drugs worth Rs 1 cr seized: 1 কোটি টকাৰ ড্ৰাগছসহ 16 জন নাইজেৰিয়ানক আটক

author img

By

Published : Jan 1, 2023, 10:26 AM IST

মহাৰাষ্ট্ৰত নাইজেৰিয়ান ড্ৰাগছ সৰবৰাহকাৰীৰ দপদপনি ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত মহাৰাষ্ট্ৰৰ নৱী মুম্বাই চহৰৰ এটা বাসগৃহৰ পৰা 1 কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছসহ 16 নাইজেৰিয়ান নাগৰিকক (Nigerians held in Navi Mumbai) গ্ৰেপ্তাৰ কৰে ৷

MH Navi Mumbai Drugs worth Rs 1 cr seized from row house 16 Nigerians held
1 কোটি টকাৰ ড্ৰাগছসহ 16 টা নাইজেৰিয়ান আটক

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী: মহাৰাষ্ট্ৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে মহাৰাষ্ট্ৰৰ নৱী মুম্বাই চহৰৰ এটা বাসগৃহৰ পৰা ছয়গৰাকী মহিলাসহ 16 নাইজেৰিয়ান নাগৰিকক (Nigerians held in Navi Mumbai) গ্ৰেপ্তাৰ কৰে ৷ লগতে বাসগৃহটোৰ পৰা 1 কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হয় ৷

নৱী মুম্বাইৰ আৰক্ষী উপায়ুক্ত (অপৰাধ) অমিত কালে জনোৱা অনুসৰি নৱবৰ্ষৰ প্ৰাকক্ষণত বছৰটোক বিদায় দিবলৈ সকলোৱে আনন্দ-উল্লাস কৰি থকাৰ সময়তে কিছু নাইজেৰিয়ান লোকে সৰবৰাহৰ বাবে ড্ৰাগছ মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ এই খবৰৰ ভিত্তিত বাসগৃহটোত তালাচী চলোৱা হয় (Rs 1 crore drugs seized from a row house)৷ এই তালাচী অভিযানত বৃহৎ পৰিমাণৰ নিচজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে আটক হয় 16 জনকৈ নাইজেৰিয়ান নাগৰিক ৷

এই জব্দ কৰা সামগ্ৰীখিনিৰ ভিতৰত ১,০০,৭০,০০০ টকাৰ গাঞ্জা, চৰস, হেৰ’ইন আৰু মেথাকোৱেলন উদ্ধাৰ কৰে (Drugs worth Rs 1 cr seized) ৷ ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত 16 জন নাইজেৰিয়ানক আটক কৰা হৈছে ৷

অপৰাধ শাখা ( Crime Branch) আৰু নাৰ্কোটিক্স চেলৰ কৰ্মচাৰীসকলক লৈ গঠিত এটা বিশেষ তদন্ত দলে (Anti Narcotics Cell personnel) এই ঘটনাৰ তদন্ত কৰি কোন পক্ষই এই নিষিদ্ধ সামগ্ৰী যোগান ধৰিছে এই সন্দৰ্ভত সোধ পোছ কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: RSS Headquarter In Threat: RSSৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.