ETV Bharat / state

Controversies on 2022: 2022 বৰ্ষত কেইবাটাও বিষয়ে সূত্ৰপাত ঘটাইছিল বিতৰ্কৰ

author img

By

Published : Dec 31, 2022, 9:55 PM IST

Controversial remark and subject
2022 বৰ্ষত কেইবাটাও বিষয়ে সূত্ৰপাত ঘটাইছিল বিতৰ্কৰ

2022 বৰ্ষ যাও যাও ৷ বিদায়ী বৰ্ষটোত কেইবাটাও বিতৰ্কিত বিষয়ে সমাজ-ৰাজনৈতিক জীৱনত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছিল (Controversial remark and subject of 2022) ৷ বছৰটোৰ বিদায় দিয়াৰ সময়ত আহক এবাৰ ফঁহিয়াই চাওঁ 2022 বৰ্ষত সংবাদ শিৰোনাম দখল কৰা বিতৰ্কিত কেইটামান বিষয়...

এয়া আমি উপনীত হৈছো 2022 বৰ্ষক বিদায় দি নতুনক আদৰাৰ বাবে ৷ চিৰাচৰিত নিয়ম অনুসাৰে কিছু সময়ৰ পাছতে আমি পদাৰ্পণ কৰিম এটা নতুন বছৰত ৷ নৱবৰ্ষত প্ৰৱেশৰ পূৰ্বে আহক এবাৰ ফহিয়াই চাওঁ ৰাজ্যখনত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা বিতৰ্কিত বিষয়বোৰলৈ ৷ এই বৰ্ষটোত কেইবাটাও বিতৰ্কিত বিষয় তথা বিভিন্ন দল সংগঠনৰ নেতা, বিষয়বীয়াৰ বিতৰ্কিত মন্তব্যই শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছিল । সামাজিক, ৰাজনৈতিক , সাহিত্য , সংস্কৃতি, ক্ৰীড়াৰ লগতে বিভিন্ন ক্ষেত্ৰত সংঘটিত বহু বিতৰ্কিত ঘটনা পৰিঘটনাৰে ভৰপূৰ আছিল 2022 বৰ্ষটো ।

উল্লেখিত শিতানবোৰৰ কেইবাটাও বিতৰ্কিত ঘটনাৱলীয়ে বিগত বৰ্ষটোত লাভ কৰিছে বিশেষ চৰ্চা ৷ উল্লেখনীয় যে, এনে ঘটনাৰ পাৰ্শ্চক্ৰিয়া বহু দিনলৈ থাকিব অৰ্থাৎ ৰাজ্যৰ ৰাজনীতিত বহু দিনলৈ প্ৰভাৱ বিস্তাৰ কৰিব এই সমূহ ঘটনাৱলীয়ে । আমাৰ এই প্ৰতিবেদনত চলিত বছৰত সংঘটিত কেইটামান বিতৰ্কিত ঘটনাৰ ওপৰত আলোকপাত আগবঢ়াবলৈ যত্ন কৰা হৈছে । ইয়াৰে ভিতৰত এনকাউণ্টাৰ, চৰকাৰী উচ্ছেদৰ লগতে মিঞা মিউজিয়াম, অসমীয়া ভাষাৰ প্ৰতি অপমানসূচক মন্তব্য, জয়মালা, শংকৰদেৱ সংঘ, লভিতা, চেমখৰ আদি বিষয়বোৰে লাভ কৰিছিল বিশেষ চৰ্চা ৷ বিভিন্নজনে বিভিন্ন ধৰণে বিষয় কেইটাৰ বাবে শাসনাধিষ্ঠিত দল তথা সংশ্লিষ্ট দল-সংগঠনক কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷ আনকি উল্লেখিত কেইবাটাও বিষয়ে সদনৰ মজিয়াত স্থান লাভ কৰা লগতে সদনৰ মজিয়া পৰ্যন্ত উত্তপ্ত কৰি তুলিছিল ৷ ইয়াৰে বহুকেইটা বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷

এনকাউণ্টাৰ (Encounter)

এনকাউণ্টাৰ বিষয়টোৱে 2022 বৰ্ষটোত বিশেষ চৰ্চা লভা দেখিবলৈ পোৱা গৈছে ৷ প্ৰায়ে শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছিল এনকাউণ্টাৰ বিষয়টোৱে ৷ 2022 বৰ্ষৰ বিধানসভাৰ শীতকালীন অধিৱেশনত এনকাউণ্টাৰ বিষয়টোৱে উত্তাল কৰি তুলিছিল সদন ৷ সদনত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আৰক্ষীৰ ভুৱা এনকাউন্টৰকলৈ প্ৰশ্ন উত্থাপন কৰিছিল (Sivsagar MLA Akhil Gogoi)। তাৰ পাছতেই সদনত মন্ত্ৰী পীয়ুষ হাজৰিকাই উভতি ধৰিছিল (Minister Pijush Hazarika) আৰু বিৰোধীক চোৰ ডকাইতৰ সমৰ্থক বুলি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ।

পৰৱৰ্তী সময়ত বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰাকায়স্থই মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিতৰ্কিত মন্তব্যকলৈ সদন উত্তাল কৰি তুলিছিল । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam legislative assembly speaker Biswajit Daimary) সদন এঘন্টাৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হৈছিল ।

উল্লেখযোগ্য যে আৰক্ষীৰ এনকাউণ্টাৰৰ বিষয়টোৱে বিগত সময়চোৱাত সদনৰ ভিতৰে বাহিৰে লাভ কৰি আহিছে বিশেষ চৰ্চা তথা প্ৰতিক্ৰিয়া । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Assam pradesh congress president Bhupen Bora) চৰকাৰৰ লগতে আৰক্ষীক হত্যাকাৰী বুলি অভিহিত কৰিছিল । উল্লেখ্য যে, যোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা প্রশ্নৰ উত্তৰত চৰকাৰী তথ্য অনুযায়ী ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহ পৰ্যন্ত ২৬ টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে ।

এনকাউণ্টাৰত ৩০ জন লোকৰ মৃত্যু আৰু ১২ জন লোক আহত হৈছে । চৰকাৰীভাৱে এই ঘটনাসমূহক অপৰাধীৰ সৈতে সংঘৰ্ষ বুলি কোৱা হৈছে তথা এনকাউণ্টাৰ হোৱা নাই বুলি তথ্য গাঁপ দিব বিচৰা দেখিবলৈ পোৱা গৈছে (Encounter in Assam)। এই সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় যে চৰকাৰে সংঘর্ষ বুলি ক'লেও প্ৰকৃততে এইবোৰ এনকাউণ্টাৰে হয় । তেওঁ কয় যে চৰকাৰে ইয়াৰ কোনো সুদুত্তৰ নিদিলে । বহু প্রশ্নই থাকি গ'ল ৷ তেওঁ কয় যে এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰাটো বন্ধ হ'ব লাগে । উল্লেখযোগ্য যে, আৰিফ জোৱাদ্দাৰ নামৰ দিল্লীৰ এজন অধিবক্তাই অসম আৰক্ষীৰ ভুৱা এনকান্টাৰ সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL No. 86/2021) তৰিছিল । আবেদনখনত কোৱা হৈছিল যে, ২০২১ বৰ্ষৰ মে' মাহৰ পৰা অসমত কমেও ৮০ টা এনে ভূৱা এনকাউন্টাৰ ৰাজ্যৰ আৰক্ষী বাহিনীয়ে সংঘটিত কৰিছে ৷ য’ত ২৮ জন লোক নিহত আৰু ৪৮ জন আঘাতপ্ৰাপ্ত হৈছে ।

চৰকাৰী উচ্ছেদ অভিযান(Eviction):

আৰক্ষীৰ একাউণ্টাৰৰ সমান্তৰালভাৱে চৰকাৰৰ উচ্ছেদ অভিযানেও যোৱাটো বছৰত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ইপিনে অসমৰ বিভিন্ন ঠাইৰ লগতে বটদ্ৰৱাত চলি থকা চৰকাৰৰ উচ্ছেদ অভিযানকলৈ এ আই ইউ ডি এফৰ বিধায়ক আৰু কংগ্ৰেছৰ বিধায়কসকলে সদন উত্তাল কৰি তোলে । পিছত এ আই ইউ ডি এফৰ বিধায়ক আৰু কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে । পাছত আকৌ সদনৰ বাহিৰত এ আই ইউ ডি এফৰ বিধায়কসকলে অসমৰ বিভিন্ন ঠাইৰ লগতে বটদ্ৰৱাত চলি থকা চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰ্তমানো এই গোচৰটো আদালতত চলি আছে । উল্লেখযোগ্য যে যোৱা কিছদিন পূৰ্বে বটদ্ৰৱাৰ এহেজাৰ বিঘা ভূমিত এহেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰি উচ্ছেদ চলোৱা হৈছিল । বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, লালুং বস্তি আদিত অভিযান চলায় উচ্ছেদ কৰা হৈছিল 72 টা পৰিয়ালক । সম্প্রতি গৃহহীন কেইবাটাও পৰিয়াল পৰি আছে পথৰ দাঁতিৰ মুকলি আকাশৰ তলত ।

বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে একাংশ উচ্ছেদিত পৰিয়ালে । তাৰ মাজতে বটদ্ৰৱাৰ উচ্ছেদ প্ৰসংগক লৈ নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল মানৱ অধিকাৰ আয়োগে (Human Rights Commission)। বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰি নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ।

2023 বৰ্ষৰ 18 জানুৱাৰীৰ ভিতৰত উচ্ছেদ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে (HRC seeks report on Batadrava eviction) I ইপিনে বটদ্ৰৱাত উচ্ছেদ চলোৱাৰ পাছতে বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকনৰাত চাৰিশ বিঘা ভুমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । ইয়াকেলৈ পৰিৱেশ উত্তাল হৈ পৰে । স্থানীয়‌ বিধায়ক শ্বেৰমান আলীয়ে ইয়াৰ‌ বিৰুদ্ধে প্ৰতিবাদ ‌সাৱ্যস্ত কৰে । শ্বেৰমান আলীক আৰক্ষীয়ে আটক কৰাক লৈ স্থানীয় ৰাইজে আৰক্ষী থানা ঘেৰাও কৰে । বৰ্তমানো এই উচ্ছেদ অভিযানক লৈ পৰিৱেশ অস্বাভাৱিক হৈ আছে তথা বিষয়টো লৈ বাক-বিতণ্ডা অব্যাহত আছে ৷

মিঞা মিউজিয়াম (Miyan Museum):

অসম মিঞা ( অসমীয়া) পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দাপকাৰভিটাত প্ৰতিষ্ঠা কৰা বহু চৰ্চিত মিঞা মিউজিয়ামক লৈ চলিত বৰ্ষত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । মিঞা মিউজিয়ামৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশৰ পাছতে গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰি দিছে বিতৰ্কিত মিউজিয়ামটো । মিউজিয়ামটোৰ ভিতৰৰ পৰা বাহিৰ কৰি দিয়া হয় সামগ্ৰীসমূহ । বিশেষকৈ চৰকাৰে দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দিয়া বাসগৃহত মিঞা মিউজিয়াম স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি । আনহাতে মিঞা মিউজিয়াম উদ্বোধন কৰি গ্ৰেপ্তাৰ হৈছিল ৰয়েল আহোম ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়া ।

অসমীয়া ভাষাক অপমান( insult to Assamese language):

অসমীয়া ভাষাক অপমানৰ লক্ষ্য কৰি বিতৰ্কৰ সন্মুখীন হৈছিল এ আই ইউ ডি এ এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল । অসমীয়া ভাষাৰ প্ৰতি উপলুঙাসূচক মন্তব্যৰে বিধায়কজনে প্ৰদৰ্শন কৰে উদ্ধতালি । যমুনামুখ সমষ্টিত বিধায়কজনে অসমীয়া ভাষা কবলৈ অস্বীকাৰ কৰাই নহয় অসমীয়া ভাষা কিমান মানুহে জানে বুলিও উপলুঙাসূচক মন্তব্য কৰে । তেওঁ কৈছিল যে তেওঁ যিহেতু ইণ্টাৰনেশ্যনেল মানুহ আৰু বিশ্বৰ মানুহে তেওঁক জানে গতিকে অসমীয়া ভাষাত কথা ক’লে তেওঁৰ কথাই বিশ্বৰ মানুহবোৰক চুব নোৱাৰিব ৷ সেয়েহে তেওঁ ইংৰাজীত কথা কোৱাটোহে উচিত সকলোৱে বুজি পাবৰ বাবে বুলি ৷ এই মন্তব্য বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ((Sirajuddin Ajmals insult to Assamese language)।

জয়মালা(Assam Elephant Joymala):

তামিলনাডুৰ এটা মন্দিৰত অসমৰ পৰা লৈ যোৱা জয়মালা নামৰ হাতীটোৰ ওপৰত মাউতে চলোৱা বৰ্বৰ অত্যাচাৰৰ দৃশ্যাংশই ৰাজ্যৰ লগতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত বিভিন্ন দল-সংগঠনে হাতীটোক ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে দাবী জনাইছিল । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ এটা দল তাৎক্ষণিকভাৱে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল । কিন্তু দলটোক তামিলনাডু চৰকাৰে সহযোগ নকৰাৰ বাবে জয়মালাক দেখা কৰিবলৈ সক্ষম নহ’ল । ইতিমধ্যে জয়মালাক ওভতাই অনাৰ বাবে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

শংকৰদেৱ সংঘ(Sangkardev Sangha):

আহোম সম্প্ৰদায়ৰ চকলং প্ৰথাৰে আয়োজিত বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে মৰিয়নীৰ লাহিং লাহদৈগড় ২ নং মৰাণ গাঁৱৰ চাৰিটা পৰিয়ালক এঘৰীয়া কৰি বিতৰ্কত সোমাই পৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ (Sangkardev Sangha)। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে আহোম দল সংগঠনবোৰ জাঙুৰ খাই উঠাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল । বহু বিতৰ্কৰ অন্তত অসমবাসী ৰাইজৰ লগতে টাই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ পাছতহে বিতৰ্কৰ সামৰণি পৰিছিল ৷

লভিতা(Labhita drama controversy):

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাক আৱাহন থিয়েটাৰে বিকৃত ৰূপত উত্থাপন কৰাত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । জ্যোতি প্ৰসাদ আগৰৱালাৰ যুগন্তকাৰী নাট লভিতাক বিকৃত ৰূপত উপস্থাপন কৰি আৱাহন থিয়েটাৰ আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই ৰূপ কোঁৱৰৰ লগতে জাতিটোৰ সাংস্কৃতিক ঐতিহ্যক চূড়ান্ত অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি দল সংগঠনৰ লগতে শিল্পী সাহিত্যিকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

ৰূপকোঁৱৰৰ লভিতাক বিকৃতকৰণ কৰা নাটকখনৰ উপস্থাপন বন্ধ কৰাৰ লগতে আৱাহন থিয়েটাৰৰ এই নাটকখন নিষিদ্ধ কৰাৰ দাবী জনাইছিল বিভিন্ন সচেতন দল সংগঠনে । নাটকখন লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পাছতে অৱশেষত আৱাহান থিয়েটাৰে বন্ধ কৰি দিয়ে ‘লভিতা’ নাটকৰ দৰ্শনী । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পাছত থিয়েটাৰ কৰ্তৃপক্ষই নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই কথা ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ।

ছ’চিয়েল মিডিয়াত এক বাৰ্তা প্ৰদান কৰি কাৰ্যবাহী প্ৰযোজকগৰাকীয়ে কয় যে, অসমবাসী, সকলো দল–সংগঠন, সাংস্কৃতিক কৰ্মী তথা সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি আৱাহান থিয়েটাৰৰ দৰ্শনীৰ পৰা ‘লভিতা’ নাটকখন পৰিৱেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে । তদুপৰি বাৰ্তটোত প্ৰযোজকগৰাকীয়ে উল্লেখ কৰে যে, “ৰাইজৰ ঊৰ্ধ্বত কোনো নহয়, আমি সাংস্কৃতিক কৰ্মী হিচাপে ধূলিকণা মাত্ৰ। আমাৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰাৰ । আমাৰ উদ্দেশ্য কেতিয়াও ৰূপকোঁৱৰজনাৰ সৃষ্টিক বিকৃত কৰাৰ নাছিল আৰু ভৱিষ্যতেও নাথাকিব । বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতা আমাৰ নাই। সেয়েহে আপোনালোকৰ অনুৰোধ, দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানক গুৰুত্ব সহকাৰে লৈ এই নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ পাছতে সমগ্ৰ বিষয়টোৰ বিতৰ্কৰ অৱসান ঘটে ।

চেমখৰ(Semkhor film controversy):

আইমী বৰুৱা প্ৰযোজিত আৰু পৰিচালিত ছবি চেমখৰক লৈও ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল । যাৰ বাবে ছবিখন প্ৰদৰ্শনৰ পাছতে ক্ষুব্ধ হৈ পৰিছিল ডিমা হাচাওৰ একাংশ লোক । অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালনাত যোৱা ২০২০ চনতেই " চেমখৰ " নামৰ এখন বোলছবি নিৰ্মাণ কৰা হয় ।আইমী বৰুৱাৰ এইখন প্ৰথম পৰিচালিত ছবি । ছবিখনে মুক্তিৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰি সমাদৰ লাভ কৰিছে ।

ইয়াৰ পাছতে অসমত ছবিখনৰ মুক্তি দিয়া হয় । সামাজিক মাধ্যমত বিতৰ্কত সাঙুৰ খাই পৰিছিল আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ নামৰ ছবিখন । ডিমাছা লোকৰ দাবী যে চেমখৰ নামৰ ছবিখনৰ যোগেদি কেৱল গাঁওখনকে নহয়, সমগ্ৰ খিলঞ্জীয়া ডিমাছা জনজাতিক বিশ্বৰ আগত ভুলকৈ প্ৰতিষ্ঠা কৰা হৈছে । ছবিখনে ডিমাছা জনগোষ্ঠীক বৰ্বৰ জাতি হিচাপে বিশ্ববাসীৰ আগত তুলি ধৰিছে বুলি জনজাতিটোৱে অভিযোগ উত্থাপন কৰিছিল ছবিখনৰ বিৰুদ্ধে ।

ইয়াৰ পাছতে সামাজিক মাধ্যমত আইমী বৰুৱাই লিখিছিল – ‘‘চেমখৰ ছবিখন কিছু কাকত-গ্ৰন্থ-আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনীভাগ আগবঢ়াই নিছো যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক । ছবিখনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই । কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ । তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।’’

এই বিতৰ্কৰ মাৰ নৌযাওঁতেই ছবিখনৰ নাম ভূমিকাত অভিনীত শিশুটিৰ মৃত্যুক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল যদিও শিশুটিৰ পিতৃ মাতৃৰ স্পষ্টীকৰণৰ পাছত ছবিখন লৈ উদ্ভৱ হোৱা সমগ্ৰ বিতৰ্কৰ অৱসান ঘটে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.