Assam District Remerges: কেবিনেটৰ সিদ্ধান্ত অসমবাসীৰ বাবে চূড়ান্ত অপমান: দেৱব্ৰত শইকীয়া

By

Published : Dec 31, 2022, 9:34 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে(Assam cabinet meeting in Delhi) অসমৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ(Assam four district remerges) সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ৰাজ্যিক কেবিনেটৰ(Assam cabinet decision) এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Debabrata Saikia) ৷ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত কেৱল বিজেপি দলৰ ৰাজনৈতিক আশা-আকাংক্ষা পূৰণৰ বাবেহে গ্ৰহণ কৰা বুলি মন্তব্য বিৰোধী দলপতিগৰাকীৰ ৷ লগতে দেৱব্ৰত শইকীয়াই কয়, ‘‘কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত অসমবাসী ৰাইজৰ বাবে চূড়ান্ত অপমান৷ ৷’’ ভাৰতীয় জনতা পাৰ্টী নাগপুৰৰ কথা মতে উঠা বহা কৰে বুলিও সমালোচনা বিৰোধী দলপতিগৰাকীৰ ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.