Assam District Remerged: বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ দাবী আছুৰ

By

Published : Dec 31, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত শনিবাৰে এক সংবাদমেলৰ জৰিয়তে বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Assam Cabinet in Delhi) ৷ বিশ্বনাথত বিভিন্ন দল সংগঠনে বিশ্বনাথ জিলা বাহাল গঠন কৰিবলৈ ৰাজপথত তীব্ৰ আন্দোলন কৰিছিল ৷ যাৰ ফলতেই সেই সময়ত শাসনাধিস্থ কংগ্ৰেছ চৰকাৰ তথা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৫ চনৰ ১৫ আগষ্টত বিশ্বনাথক জিলাৰ মৰ্যদা প্ৰদান কৰিছিল । কিন্তু ইয়াৰ পাছত আজি মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ জিলা নাথাকিব(Assam District Remerged) বুলি ঘোষণা কৰাৰ পিচতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁলোকে বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ বাবে চৰকাৰক আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.