ETV Bharat / state

Daragaon Tourist Place: দাৰাগাঁৱৰ বনভোজথলীত আগমন ঘটিছে অসংখ্য লোকৰ

author img

By

Published : Jan 1, 2023, 10:45 AM IST

Updated : Jan 2, 2023, 10:33 AM IST

Picnic Parties gathered at Daragaon Baksa
দাৰাগাঁৱৰ বনভোজথলীত ব্যাপক জনসমাগম

দাৰাগাঁৱৰ বনভোজথলীত প্ৰতি বছৰৰ দৰে এইবাৰো ব্যাপক সমাগম পৰিলক্ষিত হৈছে (Daragaon Tourist Place) ৷ লগে ভাগে এসাজ খাবলৈ দাৰাগাঁও বনভোজথলীত উপস্থিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ৷

দাৰাগাঁৱৰ বনভোজথলীত ব্যাপক জনসমাগম

বাক্সা, 1 জানুৱাৰী: আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন (New Year 2023) ৷ ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে নৱবৰ্ষৰ পাৰ ভঙা উচাহ উদ্দীপনা ৷ ৰাজ্যৰ বিভিন্ন বনভোজথলীলৈ আগমন ঘটিছে বনভোজকাৰী দলৰ ৷ বনভোজথলীত ভিৰ কৰিছে অসংখ্য লোকে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজথলীৰ লেখিয়াকৈ বাক্সাৰ মানাহ দাৰাগাঁৱৰ বনভোজথলীলৈও আগমন ঘটিছে বনভোজকাৰী দলৰ ৷ এক প্ৰকাৰে লোকে-লোকাৰণ্য হৈ পৰিছে দাৰাগাঁৱৰ বনভোজথলী ।

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱৰ বনভোজথলীত প্ৰতি বছৰেই ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আহে বনভোজযাত্ৰী (Daragaon Tourist Place) ৷ প্ৰতিবছৰৰ দৰে এইবাৰো একেই উখল-মাখল পৰিৱেশ (Picnic Parties gathered at Daragaon) ৷ শনিবাৰে বছৰৰ শেষ দিনটোত বনভোজযাত্ৰীৰে উপচি পৰিল দাৰাগাঁও ৷ হিমালয়ৰ পৰা বৈ অহা শীতল নিৰ্মল পানীৰ স্পৰ্শত আনন্দত মতলীয়া হৈ পৰিল বনভোজ যাত্ৰীসকল ৷

লগে ভাগে এসাজ খোৱাৰ মানসেৰে ৰাজ্যৰ গুৱাহাটী, নলবাৰীকে আদি কৰি ভিন্ন স্থানৰ পৰা অহা বনভোজকাৰী দলে এক নতুন মাত্ৰা প্ৰদান কৰিছে বাক্সাৰ মানাহ দাৰাগাঁৱৰ বনভোজথলীক (Daragaon Picnic Spot)। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱলৈ লগে-ভাগে এসাজ খাই আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজ্যৰ ভিন্ন স্থানৰ বনভোজ যাত্ৰীসকল (Picnic Parties Visit Daragaon) ।

লগতে পঢ়ক: Guwahati traffic DCP PC: মহানগৰীত নৱবৰ্ষত কি কি নিৰ্দেশনা মানিব লাগিব আপুনি ?

উল্লেখ্য যে, যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলা প্ৰশাসনেও তেওঁলোকৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰা দেখিবলৈ পোৱা গৈছে । বনভোজযাত্ৰীসকলেও দাৰাগাঁৱলৈ আহি আনন্দিত হোৱা দেখা যায় । ইপিনে মানাহ দাৰাগাঁও ইক-টুৰিজিমৰ ছচাইটি স্বেচ্ছাসেৱী সংগঠনৰ (Eco Tourism Society) সভাপতি অমৰজ্যোতি হাজৰিকাই জানিবলৈ দিয়ে যে, দাৰাগাঁৱলৈ অহা সকলো বনভোজকাৰীসকলে ইচ্ছা কৰিলে মানাহৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ নিশাটো কটাব পাৰিব ৷ প্ৰাকৃতিক স্থানৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ মানাহ দাৰাগাঁও ইক-টুৰিজিম ছচাইটিৰ ফালৰ পৰা সকলো সুবিধা কৰি থোৱা হৈছে বুলিও উল্লেখ কৰে ৷

আনহাতে, দাৰাগাঁও বনভোজস্থলীৰ সভাপতি জগদীশ বসুমতাৰীয়ে কয় যে, ভাৰত-ভূটান সীমান্তৰ (Daragaon Indo Bhutan border) এই মনোমোহা স্থানত গৰম আৰু শীত কালৰ দুয়োটা ঋতুতে পৰ্যটকৰ আগমন ঘটে ৷ সকলো ধৰণৰ সুবিধা আগবঢ়াবলৈ কমিটিৰ ফালৰ পৰা বদ্ধপৰিকৰ বুলিও দোহাৰিলে বসুমতাৰীয়ে ৷

লগতে পঢ়ক: Alcohol banned in picnic spots: বনভোজ সম্পৰ্কীয় চৰকাৰৰ সিদ্ধান্তক অদূৰদৰ্শী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

Last Updated :Jan 2, 2023, 10:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.