Guwahati traffic DCP PC: মহানগৰীত নৱবৰ্ষত কি কি নিৰ্দেশনা মানিব লাগিব আপুনি ?

By

Published : Dec 29, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা বনভোজৰ সময়ত কোনো ধৰণৰ দুৰ্ঘটনা নহয় তাৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী(Guwahati police action to prevent action) ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি হিৰণ্য বৰ্মনে(DCP Hiranya Barman) ৷ চালকক সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনোৱাৰ লগতে লাইচেন্স নোহোৱাকৈ বাহন নচলাবলৈ আহ্বান জনায় বিষয়াগৰাকীয়ে(Operation against drunk driving) ৷ আনহাতে শ্বপিং মল, বাৰ, ৰেস্তোঁৰা আদিৰ ক্ষেত্ৰতো মহানগৰ আৰক্ষীয়ে(Guwahati city police) চোকা দৃষ্টি ৰাখিব বুলি তেওঁ সদৰী কৰে । শ্বপিং মল, বাৰ, হোটেল, ৰেস্তোঁৰাসমূহত পৰ্যাপ্ত পৰিমাণৰ লাইট, চিচি টিভি লগোৱাৰো নিৰ্দেশনা আৰক্ষীৰ ৷ সেইদৰে বনভোজ স্থালীসমূহত(Guwahati picnic spot) সুৰা বিক্ৰী কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে । আনহাতে তেওঁ কয় যে ২০ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ সুৰাপান কৰি বাহন চলোৱাৰ ৩৭৫ গোচৰ ৰুজু হৈছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.