মানাহ নৈৰ অবৈধ খনন বন্ধৰ দাবী স্থানীয় সংগঠনৰ - Illegal mining

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:50 PM IST

thumbnail
মানাহ নৈৰ অবৈধ খনন বন্ধৰ দাবী স্থানীয় সংগঠনৰ (ETV Bharat)

মাণিকপুৰ,১০ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ খনন অব্যাহত আছে । বঙাইগাঁও জিলাৰ অভয়াপুৰী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত মানাহ নৈত দিনে-নিশাই একাংশ ভূ-মাফিয়াই অবৈধভাৱে খননকাৰ্য অব্যাহত ৰাখিছে । অঞ্চলটোত দিনে-নিশাই এক্সকেভেটৰ আৰু ট্ৰেক্টৰেৰে খনন কাৰ্য চলি থকা দেখা গৈছে । যাৰ ফলত নৱনিৰ্মিত ২০ কোটি টকীয়া পকী দলং আৰু নৈপৰীয়া ৰাইজৰ প্ৰতি ভাবুকি আহিছে ।

মানাহ নৈৰ খনন কাৰ্য বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মানাহ ভেলী বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনে অভিযোগ দাখিল কৰাৰ পিচতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । সেয়েহে পুনৰ সংগঠনটোৱে লিখিতভাৱে বিভাগীয় কৰ্তৃপক্ষক খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে । আনহাতে এই অবৈধ খনন বন্ধ নহ'লে অনাগত দিনত স্থানীয় ৰাইজৰ সৈতে প্ৰশাসনৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিছে ।

লগতে পঢ়ক :নৈশ বাছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ - STONE PELTED AT NIGHT SUPER BUS

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.