ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jun 14, 2022, 10:58 AM IST

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

উপায়ুক্তৰ সন্মিলনত কি কি হ’ল : বিৱৰণ দিলে মুখ্যমন্ত্ৰীয়ে

তেজপুৰ সন্মিলন কেন্দ্ৰত দুদিনীয়াকৈ অনুষ্ঠিত উপায়ুক্ত সকলৰ সন্মিলনৰ সামৰণিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল(Pressmeet of CM Himanta Biswa Sarma) ।

গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন (Landslide in Guwahati) ৷ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰত ভূমিস্খলনত চাৰিজনৰ মৃত্যু ৷

Tripura By poll: বিজেপি কৰ্মীৰ বিৰুদ্ধে হিংসাত নিমজ্জিত হোৱাৰ অভিযোগ

বিজেপি কৰ্মীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ বিৰোধী দলৰ (Allegation of violence against BJP) ৷ বিজেপি কৰ্মীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান তৃণমূল কংগ্ৰেছৰ ৷

Tripura By-Election : বিজেপিৰ বিৰুদ্ধে প্ৰাক-নিৰ্বাচনী হিংসাৰ অভিযোগ প্ৰাক্তন বিজেপি মন্ত্ৰী সুদীপ ৰয় বৰ্মনৰ

"মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টা বিফল কৰিবলৈ বিজেপিৰ কেডাৰসকলে কু-অভিসন্ধি আৰু ষড়যন্ত্ৰ কৰিছে (BJP to foil the ECIs attempt )৷" এই অভিযোগ তুলি প্ৰাক্তন বিজেপি মন্ত্ৰী তথা ৬ নং আগৰতলা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে প্ৰাক-নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে (Former BJP Minister Sudip Roy Barman complaint file) ৷

তিনি দফীয়া দাবীৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

নিজৰ প্ৰাপ্য বিচাৰি ৰাজ্যত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Mid day meal workers protest in Goalpara)। বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী কৰ্মচাৰীৰ ।

Tripura bypolls : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে আগৰতলালৈ আহিব অভিষেক বেনাৰ্জী

ত্ৰিপুৰা উপ-নিৰ্বাচনৰ (Tripura bypolls 2022) বাবে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ তুংগত উঠিছে ৷ 14 জুনত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Trinamool Congress national general secretary Abhishek Banerjee) আগৰতলাত উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব (Abhishek Banerjee to campaign in Agartala) ৷

লুইতৰ বুকুত কান্দোনৰ ৰোল : ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

এখন ডুবু ডুবু জাহাজ আৰু জাহাজখনত তিনি শতাধিক যাত্ৰী (Lonch faced trouble in river Brahmaputra)৷ যাত্ৰাপথত ধুমুহাৰ তাণ্ডৱ ৷ লুইতৰ বুকুত কান্দোনৰ ৰোল ৷

কাৰ্বিভূমিত বিৰোধী নাই: ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত ডিফুত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সংবাদ মেল (BJP victory in KAAC election 2022)। পূৰ্ণ সমৰ্থন জনোৱাৰ বাবে ৰাইজক ধন্যবাদ জনাই ৰংহাঙে ৷

জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়

কাৰ্বি আংলঙক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ এই গুৰুতৰ অভিযোগ অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰৰ ।

কেৱল পাহাৰতে নহয়, পদুম সকলোতে ফুলিব: পাটোৱাৰী

কংগ্ৰেছৰ কাম-কাজত ৰাইজ সন্তুষ্ট নহ’ল, কিন্তু বিজেপিৰ কাম-কাজত ৰাইজ সন্তুষ্ট হৈছে । যাৰ বাবে বিজেপিক আকোৱালি লৈছে ৰাইজে । ৰাজ্য চৰকাৰৰ বহুমুখী আঁচনিত লাভাম্বিত হৈছে জনতা । গতিকে পদুম সকলোতে ফুলিব । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.