ETV Bharat / bharat

Tripura bypolls : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে আগৰতলালৈ আহিব অভিষেক বেনাৰ্জী

author img

By

Published : Jun 14, 2022, 8:14 AM IST

ত্ৰিপুৰা উপ-নিৰ্বাচনৰ (Tripura bypolls 2022) বাবে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ তুংগত উঠিছে ৷ 14 জুনত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Trinamool Congress national general secretary Abhishek Banerjee) আগৰতলাত উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব (Abhishek Banerjee to campaign in Agartala) ৷

Tripura bypolls
Tripura bypolls

আগৰতলা, 14 জুন : সমাগত ত্ৰিপুৰা উপ-নিৰ্বাচন (Tripura bypolls 2022) ৷ উপ নিৰ্বাচন চমু চপাৰ লগে লগেই প্ৰচাৰত উঠি পৰি লাগিছে ৰাজনৈতিক দলসমূহ (Election campaign in Agartala) ৷ আজি অৰ্থাৎ 14 জুনত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Trinamool Congress national general secretary Abhishek Banerjee) আগৰতলাত উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব (Abhishek Banerjee to campaign in Agartala) ৷

সোমবাৰে আগৰতলাত অনুষ্ঠিত এখন সংবাদমেলত পশ্চিম বংগৰ তৃণমূলৰ মুখপাত্ৰ কুনাল ঘোষে কয় যে, বেনাৰ্জীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাইজক সম্বোধন কৰিব ৷ অভিষেক বেনাৰ্জীয়ে দুটা পৰ্যায়ত প্ৰচাৰ চলাব ৷ নেতাগৰাকীয়ে এদিনীয়া কাৰ্যসূচীৰে প্ৰচাৰ অভিযান সমাপ্ত কৰি পুনৰ দিল্লীলৈ ৰাওনা হ'ব ৷ পুনৰ 20 জুনত ত্ৰিপুৰালৈ অহাৰ সম্ভাৱনা আছে বেনাৰ্জীৰ ৷

জানিব পৰা অনুসৰি বেনাৰ্জীয়ে টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ গান্ধী ঘাটৰ পৰা দিনৰ প্ৰায় ১২ বজাত বৃহৎ সমদলেৰে আগৰতলাৰ জিবি বজাৰলৈ ৰাওনা হ'ব ৷ জিবি বজাৰত ৰাজহুৱা সভা সম্বোধন কৰিব নেতাগৰাকীয়ে ৷ বেনাৰ্জীৰ উপস্থিতিয়ে দলীয় কৰ্মী আৰু নেতাসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে ।

ৰাজ্যখনত তৃণমূল কংগ্ৰেছে পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও তৃণমূল কংগ্ৰেছে এখনো আসন লাভ নকৰিলে ৷ আনহাতে বিজেপিয়ে ২০২১ চনত পৌৰ নিৰ্বাচনৰ সময়ত বেনাৰ্জীক ৰাজ্যখন ভ্ৰমণ কৰাত বাধা দিবলৈ সকলো উপায়েৰে চেষ্টা কৰিছিল ৷ বেনাৰ্জীৰ গাড়ীত বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷ আনকি তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীক কামাখ্যা মন্দিৰ দৰ্শনতো বাধা প্ৰদান কৰাৰ লগতে তেওঁ থকা হোটেলখনৰ পৰাও তেওঁৰ সহকৰ্মীসহ সকলোকে কোঠা খালী কৰি দিবলৈ কোৱা হৈছিল ৷

লগতে চাওক : Tripura By-election : দলীয় কৰ্মীক আক্ৰমণৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ চি পি আই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.