ETV Bharat / state

কেৱল পাহাৰতে নহয়, পদুম সকলোতে ফুলিব: পাটোৱাৰী

author img

By

Published : Jun 13, 2022, 10:28 PM IST

কংগ্ৰেছৰ কাম-কাজত ৰাইজ সন্তুষ্ট নহ’ল, কিন্তু বিজেপিৰ কাম-কাজত ৰাইজ সন্তুষ্ট হৈছে । যাৰ বাবে বিজেপিক আকোৱালি লৈছে ৰাইজে । ৰাজ্য চৰকাৰৰ বহুমুখী আঁচনিত লাভাম্বিত হৈছে জনতা । গতিকে পদুম সকলোতে ফুলিব । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী ৷

কেৱল পাহাৰতে নহয়, পদুম সকলোতে ফুলিব: পাটোৱাৰী
কেৱল পাহাৰতে নহয়, পদুম সকলোতে ফুলিব: পাটোৱাৰী

কলিয়াবৰ, 13 জুন: কেৱল পাহাৰীয়া জিলাতে নহয়,এতিয়া সকলোতে পদুম ফুলিব ৷ এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Minister Chandra Mohan Patowary) ৷ আজি কলিয়াবৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে আজি বিজেপিৰ যি স্থিতি তাক কংগ্ৰেছেই হওঁক বা আপেই হওঁক কোনেও বাধা দিব নোৱাৰে (AAP-Congress are not factor for BJP) ৷

কেৱল পাহাৰতে নহয়, পদুম সকলোতে ফুলিব: পাটোৱাৰী

অসমত "আপ"ৰ অস্তিত্বক অস্বীকাৰ কৰি পাটোৱাৰীয়ে দাবী কৰে যে বিজেপিয়ে "আপ"ক ভয় কৰে বুলি অৰবিন্দ কেজৰিৱালে কোৱা কথা অপ্ৰাসংগিক ৷ জনকল্যাণমূলক আঁচনিয়ে বিজেপিক অপ্ৰতিৰোধী কৰি তুলিছে । তেওঁ লগতে আৰু কয় যে বিজেপিৰ উন্নয়নমুখী কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈছে জনতা । যাৰ বাবে ৰাইজে আকোৱালি লৈছে বিজেপিক ।

ৰাজ্য চৰকাৰে আগবঢ়োৱা জনমুখী আঁচনিসমূহে ৰাইজক উপকৃত কৰিছে । কংগ্ৰেছৰ কাম-কাজত ৰাইজ সন্তুষ্ট নহ’ল, কিন্তু বিজেপিৰ কাম-কাজত ৰাইজ সন্তুষ্ট হৈছে । যাৰ বাবে বিজেপিক আকোৱালি লৈছে ৰাইজে । ৰাজ্য চৰকাৰৰ বহুমুখী আঁচনিত লাভাম্বিত হৈছে জনতা । গতিকে পদুম সকলোতে ফুলিব ।

লগতে পঢ়ক: এনিমেল কৰিড’ৰ আৰু কাৰ্বি পাহাৰৰ বনধ্বংসৰ তথ্য নাই মন্ত্ৰী পাটোৱাৰীৰ লগত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.