ETV Bharat / bharat

Tripura By-Election : বিজেপিৰ বিৰুদ্ধে প্ৰাক-নিৰ্বাচনী হিংসাৰ অভিযোগ প্ৰাক্তন বিজেপি মন্ত্ৰী সুদীপ ৰয় বৰ্মনৰ

author img

By

Published : Jun 14, 2022, 9:04 AM IST

"মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টা বিফল কৰিবলৈ বিজেপিৰ কেডাৰসকলে কু-অভিসন্ধি আৰু ষড়যন্ত্ৰ কৰিছে (BJP to foil the ECIs attempt )৷" এই অভিযোগ তুলি প্ৰাক্তন বিজেপি মন্ত্ৰী তথা ৬ নং আগৰতলা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে প্ৰাক-নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে (Former BJP Minister Sudip Roy Barman complaint file) ৷

tripura_Agartala_pollviolance_by -poll
tripura_Agartala_pollviolance_by -poll

আগৰতলা, 14 জুন : ত্ৰিপুৰা উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপৰ ঘটনা পোহৰলৈ আহিছে (Tripura by election 2022) ৷ এইবাৰ প্ৰাক্তন বিজেপি মন্ত্ৰী তথা ৬ নং আগৰতলা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে প্ৰাক-নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে (Former BJP Minister Sudip Roy Barman complaint file) ৷

সুদীপ ৰয় বৰ্মনে দাখিল কৰা অভিযোগৰ ভিত্তিত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ইউ জে মোগে শনিবাৰে জিলা নিৰ্বাচন বিষয়া, আৰক্ষী অধীক্ষক আৰু পৌৰ আয়ুক্তক ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি ঘটনা সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

কংগ্ৰেছৰ প্ৰাৰ্থীজনে এক পত্ৰযোগে উল্লেখ কৰে যে "মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টা বিফল কৰিবলৈ বিজেপিৰ কেডাৰসকলে কু-অভিসন্ধি আৰু ষড়যন্ত্ৰ কৰিছে (BJP to foil the ECIs attempt)৷" সংশ্লিষ্ট নিৰ্বাচনী আয়োগক এই বিষয়ত চোৱা-চিতা কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ ( Action taken against BJP ) কৰিবলৈ আহ্বান জনায় বৰ্মনে ৷

ইয়াৰ পূৰ্বে 9 জুনত বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰয় বৰ্মনে নিজ সমষ্টিত কংগ্ৰেছৰ পতাকা নলাত পেলাই দিয়াৰ লগতে বেনাৰ ফালি ধ্বংস কৰা ঘটনাৰ আঁৰত বিজেপি কৰ্মীসকল জড়িত আছে বুলি দাবী কৰে ৷ ইতিমধ্যে নেতাগৰাকীয়ে 16 গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে গোচৰ (Complaint against bjp workers) ৰুজু কৰিছে ৷

বৰ্মনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিজেপিত পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ৷ আগন্তুক উপ-নিৰ্বাচনত ৬ নং আগৰতলা বিধানসভা সমষ্টিৰপৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে প্ৰাক্তন বিজেপি মন্ত্ৰীগৰাকীয়ে ৷ বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে "আঁতৰাবলৈ ভুল আৰু নহয় পদুম ফুল " (Atharote bhul, ar noy padma phool) শীৰ্ষক নতুন শ্ল’গানেৰে নিৰ্বাচনী প্ৰচাৰ সভাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰাক্তন বিজেপি মন্ত্ৰী তথা কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে চাওক : Tripura By-election : দলীয় কৰ্মীক আক্ৰমণৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ চি পি আই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.