ETV Bharat / state

তিনি দফীয়া দাবীৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 14, 2022, 10:19 AM IST

নিজৰ প্ৰাপ্য বিচাৰি ৰাজ্যত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Mid day meal workers protest in Goalpara)। বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী কৰ্মচাৰীৰ ।

Mid day meal workers protest in Goalpara
তিনি দফীয়া দাবীৰে গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰা/ধুবুৰী, 14 জুন: নিজৰ অধিকাৰ প্ৰাপ্তিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে(Mid day meal workers protest in Assam) ৷ গোৱালপাৰাত নিজৰ প্ৰাপ্য বিচাৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত (Mid day meal workers protest in Goalpara) । বকেয়া ধন আদায় আৰু মাননীৰ বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

জিলাখনৰ কেইবা শতাধিক ৰন্ধনকৰ্মীয়ে সোমবাৰে গোৱালপাৰা চহৰৰ মাজমজিয়াত এক প্ৰতিবাদ সমদল বাহিৰ কৰে ৷ তিনি দফীয়া দাবীৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত ধৰ্ণাত বহে ভুক্তভোগী কৰ্মচাৰীসকল ৷ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰক, বকেয়া মাননী অতিশীঘ্ৰে আদায় দিয়ক, কামৰ নিৰাপত্তা, পেঞ্চন, চিকিৎসা আদি সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৷ যদি শীঘ্ৰেই এই দাবীসমূহ চৰকাৰে মানি ন'লয় তেন্তে অনাগত দিনত জংগী আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৷

আনহাতে, ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ সন্মুখত CITU ৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই । বিগত ৬৫ মাহৰ বকেয়া ধন মোকলাই দিয়াৰ দাবীৰ উপৰিও ৰন্ধন কৰ্মচাৰীৰ চাকৰি চৰকাৰী কৰণ কৰা, মাননি নিয়মিতভাৱে প্ৰতি মাহে আদায় দিয়াৰ লগতে মাননি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সন্থাই ।

আনকি মধ্যাহ্ন ভোজন আঁচনিৰ এন জি ও দিয়াৰ লগতে শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায় ৰন্ধন কৰ্মচাৰী সন্থাই । অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুর্দাবাদ, শিক্ষামন্ত্ৰী ৰণোজ পেগু হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মচাৰীসকলে ।

লগতে পঢ়ক : লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.