ETV Bharat / state

লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2022, 6:13 PM IST

লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Mid day meal workers protest in Lakhimpur) ৷ এই প্ৰতিবাদৰ জৰিয়তে মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থালৈ দিয়া বন্ধ কৰা, বকেয়া আদায় দিয়া, মজুৰি আইনৰ অধীনত মাননি দিয়া, কামৰ নিৰাপত্তা, চিকিৎসা সাহায্য আদিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

mid-day-meal-workers-protest-in-lakhimpur
লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

লখিমপুৰ,১৩ জুন: লখিমপুৰ নগৰত সোমবাৰে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । সহস্ৰাধিক মহিলা কৰ্মচাৰীয়ে লখিমপুৰ নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই ৷ সমদলটোৱে জিলা সৰ্বশিক্ষা অভিযান মিছনৰ (Sarva Shiksha Abhiyan ) কাৰ্যালয়ত সমবেত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Mid day meal workers protest in Lakhimpur) ।

প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে কাৰ্যালয়লৈ সোমোৱাত বাধা দিয়ে যদিও সেই বাধা ওফৰাই কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে । উল্লেখ্য যে ২০০৫ চনৰ পৰা সামান্য মজুৰিৰে কাম কৰি থকা এই কৰ্মচাৰীক বিগত পাঁচ মাহে দিয়া নাই মজুৰি । যাৰ বাবে ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷ ফলত হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থালৈ দিয়া বন্ধ কৰা, বকেয়া আদায় দিয়া, মজুৰি আইনৰ অধীনত মাননি দিয়া, কামৰ নিৰাপত্তা, চিকিৎসা সাহায্য আদিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰ, শিক্ষা বিভাগক ধিক্কাৰ দি বিভিন্ন শ্ল’গানেৰে ৰাষ্ট্ৰীয় ঘাইপথো বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে প্ৰতিবাদী মহিলাসকলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দৰমহা বৃদ্ধি কৰা, সময় মতে দৰমহা দিয়াৰো দাবী জনায় প্ৰতিবাদ কাৰীসকলে । তদুপৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ, মন্ত্ৰী আদিকো চোকা সমালোচনা কৰি ধিক্কাৰ দিয়ে ৷

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে সৰ্বশিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি (Memorandum sent to Assam CM) তেওঁলোকৰ দাবীসমূহ পুৰণৰ আহ্বান জনায় ।

লগতে পঢ়ক : KAAC election result 2022: ক'ত কোন কোন প্ৰাৰ্থীয়ে কৰিলে জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.