ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 26, 2022, 1:13 PM IST

top 10 at 1 pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

বৰপেটা জিলাৰ বাঘবৰত সোমবাৰে পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সত্ৰকনৰাৰ 12 নং ছিটত 400 বিঘা চৰকাৰী মাটিত উচ্ছেদ চলাইছে জিলা প্ৰশাসনে ৷ এই উচ্ছেদৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰি আটক হ’ল বিধায়ক শ্বেৰমান আলী আহমেদ ৷

NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

হিজবুল মুজাহিদিন নিযুক্তি সম্পৰ্কীয় গোচৰৰ ৰায়দান । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অসমৰ বিশেষ আদালতে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা গোচৰৰ ৰায়দান কৰে । অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে NIA বিশেষ আদালতে ।

Explosive seized in Dibrugarh: ডিব্ৰুগড়ত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ সংখ্যক বিস্ফোৰক

ডিব্ৰুগড়ত বিস্ফোৰক উদ্ধাৰকলৈ চাঞ্চল্য ৷ জালান চাহ বাগিছাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গ্ৰেণেড, সজীৱ গুলীসহ কেতবোৰ অস্ত্ৰ-শস্ত্ৰ ৷ তদন্ত অব্যাহত ৷

Trishuldhari picnic spot: ত্ৰিশূলধাৰী বনভোজস্থলীৰ আমোদজনক দুটা ঘটনা চাওঁ আহক...

ৰাজ্যজুৰি বনভোজৰ বতৰ ৷ প্ৰাত্যহিক জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি প্ৰকৃতিৰ নান্দনিক সৌন্দর্য উপভোগ কৰি আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, সহকর্মীৰ লগত হাঁহি-ধেমালিৰে মুক্ত আকাশৰ তলত এসাঁজ খাবলৈ সকলোৱে বনভোজথলীলৈ ঢাপলি মেলিছে ৷ ব্যতিক্ৰম নহ’ল কলিয়াবৰৰ ত্ৰিশূলধাৰী বনভোজস্থলীও ৷

New Year Resolution: সুস্বাস্থ্যৰ বাবে ২০২৩ বৰ্ষত নিজকে দিয়ক এইকেইটা প্ৰতিশ্ৰুতি

সমগ্ৰ বিশ্ববাসীয়ে নতুন বছৰটোক অতি উৎসাহেৰে আদৰিবলৈ সাজু হৈছে । প্ৰতি বছৰে নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে মানুহে কিছু নতুন সংকল্প লয় আগন্তুক বৰ্ষত সুস্বাস্থ্য বাবে আপুনিও গ্ৰহণ কৰক এই কেইটা সংকল্প ।

Theft arrested in Barpeta: ক্ষেত্ৰীৰ পৰা চুৰি হোৱা চুপাৰী উদ্ধাৰ কলগাছিয়াত

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰৰ পৰা দেওবাৰে সন্ধিয়া আৰক্ষীয়ে ১৩ কুইন্টল চুৰি চুপাৰী উদ্ধাৰ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে মহিদুল ইছলাম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে )।

Navjot Sidhu will be free: 26 জানুৱাৰীত কাৰামুক্ত হ’ব নৱজোৎ সিং সিদ্ধু

কাৰামুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ ৷ অহা 26 জানুৱাৰীত গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব লগীয়া কাৰাবন্দীৰ তালিকাত সিদ্ধুৰ নামো অন্তৰ্ভুক্ত হৈছে ৷

Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ

গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত (2024 Lok Sabha polls) এই বিজয়ে প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Alia Bhatt Yoga: প্ৰসৱৰ ডেৰ মাহৰ পিছতে আলিয়াই কৰা এৰিয়েল যোগাসন এগৰাকী নতুন মাতৃৰ বাবে ফলপ্ৰসূ নে ?

আকাশী বা এৰিয়েল যোগাসন কৰি থকাৰ সময়তে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউডৰ অভিনেত্ৰী তথা নতুন মাতৃ আলিয়া ভাটে ।

TMC flag burn at Chirang: বিজনীত দুৰ্বৃত্তই জ্বলালে তৃণমূল কংগ্ৰেছৰ পতাকা

ৰবিবাৰে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল বিষ্ণুপুৰ বজাৰৰ চৌদিশে জিলা সভাপতি অৰ্নিবাণ সেনৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ বেনাৰ-পতাকা আঁৰিছিল । কিন্তু লগোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই মাজনিশা দুৰ্বৃত্তই একগোট কৰি বিষ্ণুপুৰ বাছ আস্থানৰ সমীপত এই বেনাৰ-পতাকাসমূহ জ্বলাই দিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.