Theft arrested in Barpeta: ক্ষেত্ৰীৰ পৰা চুৰি হোৱা চুপাৰী উদ্ধাৰ কলগাছিয়াত

By

Published : Dec 26, 2022, 12:05 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰৰ পৰা দেওবাৰে সন্ধিয়া আৰক্ষীয়ে ১৩ কুইন্টল চুৰি চুপাৰী উদ্ধাৰ কৰে (Stolen supari recovered at Kalgasia)। এই সন্দৰ্ভত আৰক্ষীয়ে মহিদুল ইছলাম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Supari theft arrested in Kalgasia)। উল্লেখ্য যে কামৰূপ মহানগৰৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত এটা গুদামৰ পৰা কিছুদিন পূৰ্বে চুৰি হৈছিল ৩৩ কুইন্টল চুপাৰী । ইয়াৰ পিছতে ক্ষেত্ৰী থানাৰ আৰক্ষীয়ে তদন্ত চলাই দেওবাৰে কলগাছিয়া আৰক্ষীৰ সহযোগত চৰিয়তপুৰৰ পৰা মহিদুল ইছলাম নামৰ চোৰটোৰ ঘৰৰ পৰা এই চুপাৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই চুৰি কাৰ্যৰ লগত আৰু কেইবাজনো লোক জড়িত থকাৰ কথা উল্লেখ কৰিছে আৰক্ষীয়ে (Kshetri police arrested supari theft at Kalgasia)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.